ETV Bharat / bharat

Bharatpur road accident: ৰাজস্থানৰ দুৰ্ঘটনাত শোক প্ৰকাশ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিৰ; মৃতকলৈ চৰকাৰৰ আৰ্থিক সাহায্য

author img

By ANI

Published : Sep 13, 2023, 1:52 PM IST

Etv Bharat
Bharatpur road accident

ৰাজস্থানৰ জয়পুৰ-আগ্ৰা ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাত মৃত্যু হোৱা আৰু আঘাতপ্ৰাপ্ত লোকলৈ আৰ্থিক সাহায্য ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । লগতে শোক প্ৰকাশ কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৷ গুজৰাটৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে আৰ্থিক সাহায্য ৷

নেশ্যনেল ডেস্ক, 13 আগষ্ট: ৰাজস্থানৰ হন্তৰা গাঁৱৰ সমীপৰ জয়পুৰ-আগ্ৰা ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্তৰ লগতে মৃতকৰ প্ৰতি শোক প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । বুধবাৰে ভৰতপুৰ পথ দুৰ্ঘটনাত নিহত প্ৰতিজন ব্যক্তিৰ আত্মীয়ৰ বাবে দুই লাখ টকাৰ সাহায্য ঘোষণা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । বিবৃতিটোত আৰু কোৱা হৈছে যে আহতসকলক 50 হাজাৰকৈ টকা প্ৰদান কৰা হ’ব ।

"ভৰতপুৰত সংঘটিত দুৰ্ঘটনাৰ ফলত প্ৰাণ হেৰুওৱা লোকৰ আত্মীয়লৈ প্ৰধানমন্ত্ৰীয়ে পিএমএনআৰএফৰ পৰা 2 লাখ টকাকৈ এককালীন সাহায্যৰ অনুমোদন জনাইছে । আহতসকলক 50 হাজাৰকৈ টকা দিয়া হ'ব " X যোগে প্ৰকাশ ।

ৰাষ্ট্ৰপতি মুৰ্মুৱে 'X' পোষ্টত লিখিছে, "ৰাজস্থানৰ ভাৰতপুৰ জিলাত গুজৰাটৰ পৰা উত্তৰ প্ৰদেশলৈ যোৱা ভক্তৰ বাছ এখনত দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰে আৰু বহু যাত্ৰীৰ মৃত্যুৰ খবৰ পাই মই গভীৰ শোক প্ৰকাশ কৰিছো । শোকসন্তপ্ত পৰিয়ালসমূহলৈ আৰু আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা সকলোৱে কৰক ।"

ইয়াৰ পূৰ্বে গুজৰাটৰ মুখ্যমন্ত্ৰীয়েও এই পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই শোক প্ৰকাশ কৰে । ইফালে, ভাৰতপুৰ পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা 12 জনলৈ বৃদ্ধি পোৱা বুলি এগৰাকী বিষয়াই অৱগত কৰে । ইয়াৰ পূৰ্বে ৰাজস্থানৰ ভাৰতপুৰৰ হান্টৰা গাঁৱৰ জয়পুৰ-আগ্ৰা ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰেইলাৰে এখন ৰৈ থকা বাছত খুন্দা মৰাৰ ফলত 11 জন লোকৰ মৃত্যু হোৱাৰ লগতে 12 জন আহত হয় বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ।

গুজৰাটৰ ভৱনগৰৰ পৰা উত্তৰ প্ৰদেশৰ মথুৰালৈ গৈ আছিল বাছখন । বাছখনৰ টায়াৰ ফাটি যোৱাৰ পিচত টায়াৰৰ মেৰামতিৰ কাম চলি আছিল । ইফালে, একাংশ যাত্ৰী বাছখনত থকাৰ বিপৰীতে কিছুমান বাহিৰত থিয় হৈ থকাৰ সময়তে তীব্ৰবেগী ট্ৰেইলাৰে বাছখনক খুন্দা মাৰি 30 মিটাৰ টানি লৈ যায় বুলিও বিষয়াগৰাকীয়ে লগতে কয় । আনহাতে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে 4 লাখ টকাৰ সাহায্য ঘোষণা কৰে ৷

লগতে পঢ়ক: Horrific road accident: পুৱতি নিশা শোকাৱহ পথ দুৰ্ঘটনাত অতিকমেও 11 গৰাকী বাছ যাত্ৰীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.