ETV Bharat / bharat

Ludhiana Gas leak: লুধিয়ানাত পুনৰ গেছ নিৰ্গমনক লৈ আতংক !

author img

By

Published : Jul 28, 2023, 2:11 PM IST

পাঞ্জাৱৰ লুধিয়ানাত পুনৰ গেছ নিৰ্গমনক লৈ আতংকৰ সৃষ্টি হৈছে । এগৰাকী গৰ্ভৱতী মহিলা অচেতন হৈ পৰি যোৱাৰ পাছতে উত্তেজনা । অৱশ্যে প্ৰশাসনে গেছ নিৰ্গমন হোৱা নাই বুলি স্পষ্টীকৰণ দিছে ।

Ludhiana Gas leak
লুধিয়ানাত পুনৰ গেছ নিৰ্গমনক লৈ আতংক

নেশ্যনেল ডেস্ক,২৮ জুলাই : লুধিয়ানাৰ গিয়াচপুৰাত গেছ নিৰ্গমনকলৈ আতংকময় পৰিৱেশে বিৰাজ কৰে । এগৰাকী গৰ্ভৱতী মহিলা অচেতন হৈ পৰাৰ পাছতে অঞ্চলটোত তীব্ৰ উত্তেজনা । ঘটনাক লৈ প্ৰশাসনে অনুসন্ধান অব্যাহত ৰাখিছে ।

জানিব পৰা মতে, শুকুৰবাৰে পুৱাই গিয়াচপুৰা অঞ্চলত এগৰাকী গৰ্ভৱতী মহিলা অচেতন হৈ পৰে । লগে লগে অঞ্চলটোত আতংকৰ সৃষ্টি হয় । মহিলাগৰাকীক লগে লগে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । মহিলাগৰাকী অচেতন হৈ পৰি যোৱাৰ লগে লগে অঞ্চলটোত গেছ নিৰ্গমন হোৱাৰ খবৰ ওলাইছিল । গেছ নিৰ্গমন হোৱাৰ খবৰ পোহৰলৈ অহাৰ পাচতে মানুহৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হৈছিল । পাছত এনডিআৰএফৰ দল ঘটনাস্থলীত উপস্থিত হয় । প্ৰশাসনৰ লোকসকলো ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰে । অঞ্চলটো সঠিকভাৱে পৰীক্ষণ কৰা হয় যদিও কোনো গেছ নিৰ্গমন হোৱা নাই বুলি স্পষ্ট কৰি দিয়ে মহকুমা দণ্ডাধীশে ।

দণ্ডাধীশে উল্লেখ কৰা মতে, মহিলাগৰাকী যিহেতু ৪ মাহৰ গৰ্ভৱতী, সেয়ে তেওঁ কিছু দুৰ্বল হৈ আছিল । কেতিয়াবা গৰ্ভৱতী মহিলাৰ মূৰ ঘূৰাই বা বমি হয় । তেওঁ উল্লেখ কৰা মতে মানুহে আতংকিত হোৱাৰ প্ৰয়োজন নাই । প্ৰশাসনৰ লোকসকলে অনুসন্ধান অব্যাহত ৰাখিছে ।

অৱশ্যে অঞ্চলটোৰ লোকসকলে আৰক্ষী আৰু বিধায়ক ৰজিন্দৰপাল কৌৰ ছিনাৰ সৈতে যোগাযোগ কৰিছে । বিধায়ক ছিনাৰ মতে গেছ নিৰ্গমন হোৱাৰ কোনো ঘটনা সংঘটিত হোৱা নাই । কিন্তু সাৱধানতা হিচাপে স্থানীয় আৰক্ষী আৰু অসামৰিক চিকিৎসালয়ক অৱগত কৰা হৈছে । বিধায়কগৰাকীৰ মতে জিলা আৰক্ষী প্ৰশাসনে বিষয়টো তদন্ত কৰি আছে । জানিব পৰা মতে অঞ্চলটো বন্ধ কৰি থোৱা হৈছে । পৌৰ নিগমৰ দলবোৰেও নলা-নৰ্দমাবোৰ পৰীক্ষা কৰি আছে ।

লক্ষণীয়ভাৱে যাতে ঘটনাটোক লৈ আতংক বৃদ্ধি নাপায় বা অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় তাৰ বাবে প্ৰশাসনে চোকা দৃষ্টি ৰাখিছে । ইফালে এই ঘটনাৰ কিছু দিন আগত অৰ্থাৎ যোৱা এপ্ৰিল মাহত লুধিয়ানাত গেছ নিৰ্গমন হোৱাৰ ফলত ১১ গৰাকী লোকৰ মৃত্যু হৈছিল । যাৰ বাবে ঘটনাটোকলৈ অঞ্চলটোত যথেষ্ট প্ৰতিবাদ হৈছিল । অৱশ্যে, ইয়াৰ অনুসন্ধানৰ প্ৰতিবেদনত কোনো লোকক দোষী সাব্যস্ত কৰা হোৱা নাছিল ।

লগতে পঢ়ক : Hyderabad depressed woman in Chicago : অনাহাৰে ছিকাগোৰ পথত হায়দৰাবাদৰ হতাশাগ্ৰস্ত যুৱতী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.