ETV Bharat / bharat

পূৰ্ণ জামাতিয়া টিটিএএডিচিৰ নৱ নিৰ্বাচিত মুখ্য কাৰ্যবাহী সদস্য

author img

By

Published : Apr 19, 2021, 8:36 PM IST

পূৰ্ণ চন্দ্ৰ জামাতিয়াক ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে মনোনীত কৰাৰ প্ৰস্তাৱৰ প্ৰতি সমৰ্থন টিআইপিআৰএ ম'থাৰ অধ্যক্ষ প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মনৰ । পৰিষদ গঠনৰ বাবে সাজু নৱ নিৰ্বাচিত মুখ্য কাৰ্যবাহী সদস্য পূৰ্ণ চন্দ্ৰ জামাতিয়া ।

পূৰ্ণ জামাতিয়া টি টি এ এ ডি চিৰ নৱ নিৰ্বাচিত মুখ্য কাৰ্যবাহী সদস্য
পূৰ্ণ জামাতিয়া টি টি এ এ ডি চিৰ নৱ নিৰ্বাচিত মুখ্য কাৰ্যবাহী সদস্য

নেশ্যনেল ডেস্ক,১৯ এপ্ৰিল: পূৰ্ণ চন্দ্ৰ জামাতিয়াৰ ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হোৱাৰ পথ মুকলি কৰি দিলে টি আই পি আৰ এ ম'থাৰ অধ্যক্ষ প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মনে । পূৰ্ণ চন্দ্ৰ জামাতিয়াক মুখ্য কাৰ্যবাহী সদস্য হিচাপে মনোনীত কৰাৰ প্ৰস্তাৱৰ প্ৰতি সমৰ্থন জনালে টি আই পি আৰ এ ম'থাৰ অধ্যক্ষগৰাকীয়ে । নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছত দেৱবৰ্মনে আৰু তেওঁৰ সমৰ্থকসকলে কৈছিল যে যিহেতু দলক তেওঁ সন্মুখৰ পৰা নেতৃত্ব দি আছে, সেয়ে তেওঁ পৰিষদক নেতৃত্ব দিব ।

কিন্তু সমৰ্থকসকলক নিৰাশ কৰি, দেৱবৰ্মনে পূৰ্ণ চন্দ্ৰ জামাতিয়াক মুখ্য কাৰ্যবাহী সদস্য হিচাপে মনোনীত কৰাৰ প্ৰস্তাৱক সমৰ্থন কৰে । ইফালে, আই এন পি টিয়ে জগদীশ দেৱবাৰ্মাক সদনৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰাৰ প্ৰস্তাৱ আগবঢ়ায় । বিজেপি দলৰ নিৰ্বাচিত সদস্যসকলৰ অনুপস্থিতিত, টি আই পি আৰ এ ম'থা দলৰ নিৰ্বাচিত সদস্যসকলে সোমবাৰে ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদৰ পৰিষদীয় ভৱনত এম ডি চি হিচাপে শপত গ্ৰহণ কৰে ।

নৱ নিৰ্বাচিত ১৯ জন সদস্যই শপত গ্ৰহণ কৰে আৰু সৰ্বসন্মতিক্ৰমে নতুন অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী সদস্য নিৰ্বাচিত কৰা হয় । অহা ২০ এপ্ৰিলত খুমুলাৱঙৰ নুৱাই প্ৰেক্ষাগৃহ মুখ্য কাৰ্যবাহী সদস্য আৰু তেওঁৰ মন্ত্ৰী পৰিষদে শপত গ্ৰহণ কৰিব । সোমবাৰে ত্ৰিপুৰাৰ ৰাজ্যপালে নতুন অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী সদস্য নিৰ্বাচনৰ বাবে সদনত সভাপতিত্ব কৰিবলৈ অনন্ত দেৱবাৰ্মাক অস্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে ।

পূৰ্ণ জামাতিয়া টি টি এ এ ডি চিৰ নৱ নিৰ্বাচিত মুখ্য কাৰ্যবাহী সদস্য
পূৰ্ণ জামাতিয়া টিটিএএডিচিৰ নৱ নিৰ্বাচিত মুখ্য কাৰ্যবাহী সদস্য

এম ডি চি ৰবীন্দ্ৰ দেৱবাৰ্মাই অধ্যক্ষ হিচাপে জগদীশ দেৱবৰ্মা(আইএনপিটি)ৰ নাম প্ৰস্তাৱ দিয়ে । চিত্তৰঞ্জন দেৱবাৰ্মাই এই প্ৰস্তাৱৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল । সৰ্বসন্মতিক্ৰমে, জগদীশ দেৱবাৰ্মাক সদনৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হয় আৰু তেওঁ আসন গ্ৰহণ কৰে । আনহাতে, মুখ্য কাৰ্যবাহী সদস্য নিৰ্বাচনৰ বাবে অনিমেশ দেৱবাৰ্মাই পূৰ্ণ চন্দ্ৰ জামাতিয়াৰ নাম প্ৰস্তাৱ কৰে । প্ৰদ্যুত দেৱবৰ্মনে এই প্ৰস্তাৱক সমৰ্থন জনায় ।

নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত বিজেপি সমৰ্থকৰ ওপৰত হোৱা হিংসাত্মক আক্ৰমণৰ প্ৰতিবাদত বিজেপিৰ ৯ জন নিৰ্বাচিত এম ডি চি এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত নাছিল । শপত গ্ৰহণ অনুষ্ঠানৰ অন্তত প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মনে সাংবাদিকৰ আগত কয় যে, তেওঁ দলত এটা পদবী আৰু এজন ব্যক্তি এই ধাৰণাৰ ওপৰত বিশ্বাস কৰে আৰু সেয়ে, তেওঁ আঁতৰি আহিছে ।

তেওঁ লগতে কয় যে, তেওঁ এখন পৰিষ্কাৰ, নিকা চৰকাৰ বিচাৰে । তেওঁ লগতে কয় যে, তেওঁ আৰু বি কে হৰংখাৱলৰ নেতৃত্বত দলটোৰ এখন পৰামৰ্শদাতা সমিতি থাকিব আৰু এই সমিতিয়ে চৰকাৰক পথ প্ৰদৰ্শন কৰিব । আনহাতে, নৱ নিৰ্বাচিত মুখ্য কাৰ্যবাহী সদস্য পূৰ্ণ চন্দ্ৰ জামাতিয়াই কয় যে, তেওঁ চৰকাৰ চলাবলৈ এক স্বচ্ছ শাসন ব্যৱস্থা থকাতো বিচাৰে ।

লগতে পঢ়ক: ক'ভিডৰ কাল ধুমুহা : স্বামী, শাহুৰ মৃত্যুৰ শোকত মাতৃ-পুত্ৰৰ আত্মহনন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.