Poster war in Telangana: নিজামৰ দেশত সন্ধানহীন বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোষ

author img

By

Published : Mar 16, 2023, 10:17 PM IST

Poster war in Telangana

বিজেপিৰ বিৰুদ্ধে তেলেংগানাত প’ষ্টাৰ যুদ্ধ অব্যাহত ৰাখিছে BRS দলে ৷ এইবাৰ বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোষক লক্ষ্য কৰি লৈছে BRS দলে ৷ বি এল সন্তোষক ‘বিধায়ক চিকাৰ কৰা বিশেষজ্ঞ’ আখ্যা ভাৰত ৰাষ্ট্ৰ সমিতিৰ ৷ KCR কন্যাক দিল্লীৰ সুৰা কেলেংকাৰী গোচৰত EDয়ে জেৰা চলোৱাক লৈ আৰম্ভ হৈছে এই প’ষ্টাৰ যুদ্ধ (Poster war in Telangana) ৷

নেশ্যনেল ডেস্ক, 16 মাৰ্চ: তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা কে কবিতাক দিল্লীৰ সুৰা কেলেংকাৰীৰ (Delhi liquor scam) গোচৰত EDয়ে জেৰাৰ বাবে মতাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ আছে দক্ষিণৰ ৰাজ্যখনৰ ৰাজনীতি ৷ ইয়াৰ প্ৰত্যুত্তৰ হিচাবে তেলেংগানাৰ ‘ভাৰত ৰাষ্ট্ৰ সমিতি’য়ে আৰম্ভ কৰা প’ষ্টাৰ যুদ্ধ বৰ্তমানেও অব্যাহত আছে (Poster war in Telangana) ৷

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীসহ আন বহু কেইগৰাকী বিজেপি নেতাৰ ব্যংগাত্মক প’ষ্টাৰ প্ৰকাশ কৰাৰ পাচত এইবাৰ বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোষৰ প’ষ্টাৰ দেখিবলৈ পোৱা গৈছে হায়দৰাবাদৰ বিভিন্ন স্থানত (BL santosh posters as wanted in Hyderabad) ৷ বি এল সন্তোষক ‘ৱাণ্টেড’ আৰু ‘বিধায়ক চিকাৰ কৰা বিশেষজ্ঞ’ হিচাবে উল্লেখ কৰি ভাৰত ৰাষ্ট্ৰ সমিতিয়ে প্ৰকাশ কৰিছে প’ষ্টাৰ ৷ কেৱল সিমানেই নহয়, তেওঁক বিচাৰি দিয়াৰ বাবদ ঘোষণা কৰা হৈছে পুৰষ্কাৰ ৷ ইয়াকে কেন্দ্ৰ কৰি তোলপাৰ লাগিছে ৰাষ্ট্ৰীয় ৰাজনীতি (BRS BJP poster war) ৷

এখন প’ষ্টাৰত লিখা আছে যে, যিয়ে বি এল সন্তোষক ধৰিব পাৰে তেওঁক প্ৰধানমন্ত্ৰী মোডীজীয়ে 15 লাখ টকা দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৷ দেশৰ প্ৰতিগৰাকী নাগৰিকৰ জনধন একাউণ্টত প্ৰধানমন্ত্ৰীয়ে 1.5লাখ টকাকৈ প্ৰদান কৰা বুলিও এখন প’ষ্টাৰত কটাক্ষ কৰা হৈছে ৷ মুঠৰ ওপৰত তেলেংগানাৰ প’ষ্টাৰ যুদ্ধই পাইছেগৈ অন্য পৰ্যায় (Poster war begins between BJP and BRS) ৷

চিআইএছএফ ৰেইজিং ডে অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অংশগ্ৰহণৰ বাবে হায়দৰাবাদলৈ অহাৰ সময়তে ভাৰত ৰাষ্ট্ৰ সমিতি দলে বিজেপিৰ বিৰুদ্ধে আৰম্ভ কৰিছিল প’ষ্টাৰ যুদ্ধ (BRS BJP Intensify Poster War) ৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি দেশৰ কেইবাগৰাকীও অন্য দলৰ পৰা বিজেপিত যোগদান কৰা নেতাক বিজেপিৰ ‘ৱাশ্বিং পাউদাৰত’ নিজকে ধুই দুৰ্নীতিৰ দাগ পৰিষ্কাৰ কৰা বুলিও প’ষ্টাৰৰ জৰিয়তে কটাক্ষ কৰি উপস্থাপন কৰিছিল BRS দলে (Poster war in Hyderabad) ৷

মৰ্ফ কৰি প্ৰস্তুত কৰা প’ষ্টাৰখনত হিমন্ত বিশ্ব শৰ্মাৰ লগতে আছিল নাৰায়ণ ৰাণে, শুভেন্দু অধিকাৰী, সুজনা চৌধুৰী, অৰ্জুন খোটকাৰ, জ্যোতিৰাদিত্য সিন্ধিয়া, ইশ্বৰাপ্পা আৰু বীৰুপাক্ষপ্পাৰ ফটো ৷ হায়দৰাবাদৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যাক দিল্লীৰ সুৰা কেলেংকাৰী গোচৰত EDয়ে অব্যাহত ৰখা জেৰাৰ প্ৰতিবাদ জনাই বিজেপিক প’ষ্টাৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে BRS দলে (Poster war against BJP in Telangana) ৷

উল্লেখ্য যে, দিল্লীৰ আবকাৰী কেলেংকাৰীৰ গোচৰত পুৱৰ কে চন্দ্ৰশেখৰ ৰাওৰ কন্যাক জেৰাৰ বাবে পুনৰ 20 মাৰ্চত প্ৰৱৰ্তন সঞ্চালকালয়ৰ কাৰ্যালয়ত (ED) হাজিৰ হোৱাৰ বাবে জাননী প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক: Poster war in Telangana: হায়দৰাবাদত অপমানিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.