ETV Bharat / bharat

Poster war in Telangana: হায়দৰাবাদত অপমানিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Mar 12, 2023, 10:19 PM IST

Poster war in Telangana
হায়দৰাবাদত অপমানিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

তেলেংগানাত বাৰুকৈয়ে অপমানিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ হায়দৰাবাদৰ অলিয়ে-গলিয়ে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ ব্যংগাত্মক ফটো ৷ তেলেংগানাৰ BRS দলে প্ৰকাশ কৰা প’ষ্টাৰত হিমন্ত বিশ্ব শৰ্মাৰ লগতে স্থান পাইছে বিজেপিৰ কেইবাগৰাকীও নেতাই (Poster attack by BSR)৷

নেশ্যনেল ডেস্ক, 12 মাৰ্চ: হায়দৰাবাদলৈ গৃহমন্ত্ৰী অমিত শ্বাহক আমন্ত্ৰণ জনাই অপমান ভাৰত ৰাষ্ট্ৰ সমিতি চমুকৈ BRS দলৰ ৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও অপমানিত হ’ল হায়দৰাবাদত ৷ BRS দলে গৃহমন্ত্ৰীক ব্যংগাত্মক আদৰণি জনোৱাৰ পাচতেই এতিয়া দেশজুৰি আৰম্ভ হৈছে বিতৰ্ক (Amit Shah in Hyderabad) ৷

উল্লেখ্য যে, হায়দৰাবাদত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা 54 সংখ্যক চিআইএছএফ প্ৰতিষ্ঠা দিৱস উদযাপনত অংশগ্ৰহণ কৰিবলৈ হায়দৰাবাদলৈ আছিল গৃহমন্ত্ৰীগৰাকী ৷ কিন্তু গেৰুৱা দলটোক লক্ষ্য কৰি পোষ্টাৰ আক্ৰমণ BRS দলৰ ৷ ‘ৱাশ্বিং পাউদাৰ নিৰ্মা’ শীৰ্ষক প’ষ্টাৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উপস্থাপন কৰা হৈছে যুৱতী হিচাবে (Washing powder Nirma poster in Hyderabad) ৷

মৰ্ফ কৰি প্ৰস্তুত কৰা প’ষ্টাৰখন হিমন্ত বিশ্ব শৰ্মাৰ লগতে আছে নাৰায়ণ ৰাণে, শুভেন্দু অধিকাৰী, সুজনা চৌধুৰী, অৰ্জুন খোটকাৰ, জ্যোতিৰাদিত্য সিন্ধিয়া, ইশ্বৰাপ্পা আৰু বীৰুপাক্ষপ্পাৰ ফটো ৷ হায়দৰাবাদৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যাক দিল্লীৰ সুৰা কেলেংকাৰী গোচৰত EDয়ে অব্যাহত ৰখা জেৰাৰ প্ৰতিবাদ জনাই বিজেপিক প’ষ্টাৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে BRS দলে (Poster war against BJP in Telengana) ৷

হিমন্ত বিশ্ব শৰ্মাসহ এই আটাইকেইগৰাকী বিজেপি নেতাৰ ব্যংগাত্মক ফটো তেলেংগানাৰ BRS দলে প্ৰস্তুত কৰাৰ মূলতে হ’ল বিভিন্ন সময়ত এইসকল নেতাক কেলেংকাৰীৰ গোচৰত তদন্তকাৰী সংস্থাই জেৰা কৰিছিল ৷ কিন্তু বিজেপিত যোগদান কৰাৰ পাচতেই এইসকল নেতাৰ বিৰুদ্ধে থকা অভিযোগসমূহ বাদ দিয়া হৈছিল (Himanta Biswa trolled in Hyderabad) ৷

অভিযোগ অনুসৰি 100 কোটি টকাৰ ধনৰ লেনদেন আৰু ৰপ্তানি সন্দৰ্ভত কে চন্দ্ৰশেখৰৰ ৰাওৰ কন্যা কালভাকুন্তলা কবিতাই হায়দৰাবাদস্থিত সুৰা ব্যৱসায়ী অৰুণ ৰামচন্দ্ৰ পিল্লাইৰ পৰা কিছু গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহ কৰিছিল (Delhi liquor scam case) ৷ যাৰ বাবে এতিয়া দিল্লীৰ সুৰা নীতিয়ে তেলেংগানাক কি দৰে উপকৃত কৰিছিল তাৰ তথ্য উলিয়াবলৈ কালভাকুন্তলা কবিতাক জেৰা চলাইছে প্ৰৱৰ্তন সঞ্চালকালয়ে ৷

‘ৱাশ্বিং পাউদাৰ নিৰ্মা’ শীৰ্ষক প’ষ্টাৰৰ লগতে হায়দৰাবাদত দেখা পোৱা গৈছিল ‘বাই বাই মোডী’ শীৰ্ষক প’ষ্টাৰ ৷ ‘টাইড’ নামৰ ৱাশ্বিং পাউদাৰৰ বিজ্ঞাপন আৰ্হি ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হৈছিল ’বাই বাই মোডী’ শীৰ্ষক পষ্টাৰ ৷ য’ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মধ্যপ্ৰদেশৰ জ্যোতিৰাদিত্য সিন্ধিয়াক 'ৰেইড' ৱাছিং পাউডাৰ ব্যৱহাৰ কৰি ৰং সলনি হোৱা বুলি উপলুঙা কৰা হৈছে ৷

মুঠৰ ওপৰত এতিয়া অসমৰ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বাৰুকৈয়ে অপমানিত হৈছে তেলেংগানাত ৷ হায়দৰাবাদৰ অলিয়ে-গলিয়ে এতিয়া সুলভ এনেসমূহ প’ষ্টাৰ ৷

লগতে পঢ়ক: Posters in Telangana on BJP : 'ৰেইড' বাছিং পাউডাৰেৰে গেৰুৱা হৈছে হিমন্ত, মোদী 'ৰাৱণ'ৰ অৱতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.