ETV Bharat / bharat

India covid tally : দেশত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

author img

By

Published : Jan 28, 2022, 1:23 PM IST

ভাৰতবৰ্ষত যোৱা 24 ঘন্টাত চিনাক্ত হৈছে 2,51,209 গৰাকী ক’ভিড আক্ৰান্ত(Coronavirus update of India) ৷ বুধবাৰতকৈ প্ৰায় 35,000 হ্ৰাস পাইছে আক্ৰান্তৰ সংখ্যা ৷ আক্ৰান্তৰ হাৰ 19.59 শতাংশৰ পৰা হ্ৰাস পাইছে 15.88 শতাংশলৈ ৷

India covid tally
দেশত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

নিউজ ডেস্ক, 28 জানুৱাৰী : ভাৰতত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা (Covid cases decreasing in India) ৷ বুধবাৰতকৈ প্ৰায় 35,000 আক্ৰান্তৰ সংখ্যা হ্ৰাস পালে বৃহস্পতিবাৰে ৷ যোৱা 24 ঘন্টাত আক্ৰান্তৰ মুঠ সংখ্যা হৈছে 2,51,209 গৰাকী ৷ আক্ৰান্তৰ হাৰ 19.59 শতাংশৰ পৰা হ্ৰাস পাইছে 15.88 শতাংশলৈ ৷ কালিৰ দিনটোত মুঠ 627 গৰাকী লোকৰ ক’ভিডত মৃত্যু হৈছে ৷ ইয়াৰ লগতে আৰোগ্য লাভ কৰিছে মুঠ 3,47,443 গৰাকীয়ে (Latest Covid-19 updates of India) ৷

অ’মিক্ৰণ ভেৰিয়েন্টৰ দ্ৰুত সংক্ৰমণ ঘটা ক’ভিডৰ এই ঢৌত অৱশ্যে চিকিৎসাধীন হৈ থকা লোকৰ সংখ্যা বৰ বেছি বৃদ্ধি পোৱা নাই ৷ দেশত অব্যাহত থকা টীকাকৰণ প্ৰক্ৰিয়াৰ (Covid-19 vaccination drive in India) বাবেই এয়া সম্ভৱ হৈছে বুলি ধাৰণা কৰা হৈছে ৷ বৃহস্পতিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে জনোৱা মতে, দেশৰ প্ৰায় 95 শতাংশ লোকে ক’ভিডৰ প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছে ৷

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী মনসুখ মান্দাভিয়াই এই সাফল্যৰ বাবে দেশবাসীক অভিনন্দন জনাইছে (Dr Mansukh Mandaviya congratulates Nation) ৷ এটা টুইটযোগে মন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰতে প্ৰায় 95 শতাংশ লোকৰ মাজত ক’ভিড-19 ৰ প্ৰথম পালি প্ৰতিষেধক প্ৰদান কৰিবলৈ সক্ষম হৈছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত, স্বাস্থ্য কৰ্মীসকলৰ কঠোৰ পৰিশ্ৰম আৰু জনতা সহযোগৰ বাবে ভাৰতে এই প্ৰতিষেধক অভিযান নিৰবিচ্ছিন্নভাৱে আগুৱাই নিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক : Covid 19 Update in Assam : ৰাজ্যত নতুনকৈ 3677 গৰাকী আক্ৰান্ত ক’ভিডত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.