ETV Bharat / bharat

Poonch attack linked to Taliban: পুঞ্চ আক্ৰমণৰ সৈতে তালিবানৰ সম্পৰ্ক থকাৰ অভিযোগ কংগ্ৰেছ নেতা পৱন খেৰাৰ

author img

By

Published : Apr 27, 2023, 9:39 PM IST

Poonch attack linked to Taliban
তালিবানক সাহায্যৰ বাবে কেন্দ্ৰক সমালোচনা পৱন খেৰাৰ

পুঞ্চ সন্ত্ৰাসবাদী আক্ৰমণ তালিবানৰ সৈতে সম্পৰ্কিত (Poonch attack linked to Taliban)! এই অভিযোগ কংগ্ৰেছ নেতা পৱন খেৰাৰ । ইমানৰ পাছতো কেন্দ্ৰই তালিবান চৰকাৰলৈ সাহায্য ঘোষণা কৰিছে । যাৰ বাবে চৰকাৰক কঠোৰ সমালোচনা খেৰাৰ ।

নেশ্যনেল ডেস্ক,২৭ এপ্ৰিল : পুঞ্চ সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰসংগত কেন্দ্ৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা পৱন খেৰাৰ (Pawan Khera slams Govt on Poonch attack)। পুঞ্চ আক্ৰমণত তালিবানৰ সহযোগিতাৰ সন্দেহ কংগ্ৰেছ নেতাগৰাকীৰ । কংগ্ৰেছ নেতাগৰাকীৰ মতে আফগানিস্তানত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনা বাহিনীয়ে এৰি থৈ যোৱা অস্ত্ৰসমূহ সন্ত্ৰাসবাদীৰ হাতত পৰিছে । সেই অস্ত্ৰসমূহ বিশেষকৈ ষ্টীলৰ কৱচ থকা গুলী শেহতীয়াকৈ পুঞ্চ আক্ৰমণৰ সময়ত সন্ত্ৰাসবাদীয়ে ব্যৱহাৰ কৰিছিল বুলি তেওঁ অভিযোগ কৰে ।

কিন্তু তালিবান নেতৃত্বাধীন আফগানিস্তানৰ সৈতে সু-সম্পৰ্ক স্থাপন কৰাৰ লগতে চুবুৰীয়া দেশখনক ২০০ কোটি টকাৰ উন্নয়নমূলক সাহায্যৰ প্ৰতিশ্ৰুতি দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক নীতিক সমালোচনা কৰে নেতাগৰাকীয়ে । তেওঁ অভিযোগ কৰা মতে জম্মু-কাশ্মীৰত ভাৰতীয় সৈনিকৰ বিৰুদ্ধে কাবুলৰ পৰা অনা অস্ত্ৰ ব্যৱহাৰ কৰা হৈছে ।

পুঞ্চত ৫ গৰাকী সৈনিক নিহত হৈছিল আৰু তেওঁলোকৰ শৰীৰত আঘাত কৰা সন্ত্ৰাসবাদীৰ গুলীবোৰ তালিবানৰ সৈতে সম্পৰ্কিত বুলিও তেওঁ অভিযোগ কৰে । কংগ্ৰেছ নেতা পৱন খেৰাই অভিযোগ কৰা মতে জম্মু-কাশ্মীৰত কাশ্মীৰী পণ্ডিতসকলক লক্ষ্য কৰি হত্যা আৰু সীমান্ত কেন্দ্ৰীয় শাসিত অঞ্চলত বিভিন্ন সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে এনে ধৰণৰ চোৰাং অস্ত্ৰ ব্যৱহাৰ কৰা হৈছিল ।

পৱন খেৰাই কয়, "তালিবান নেতৃত্বাধীন আফগানিস্তানৰ ক্ষেত্ৰত চৰকাৰৰ বৈদেশিক নীতিৰ বিষয়ে পুনৰ চিন্তা কৰাৰ প্ৰয়োজন আছে । যেতিয়া তালিবানসকল ভাৰতৰ সন্ত্ৰাসবাদী ঘটনাৰ সৈতে জড়িত থাকে তেতিয়া তেওঁলোকৰ সৈতে কথা পতাটো উচিত নেকি ? চৰকাৰে এই বিষয়টো তালিবানৰ ওচৰত উত্থাপন কৰিব নেকি ? প্ৰধানমন্ত্ৰীয়ে পুঞ্চ সন্ত্ৰাসবাদী আক্ৰমণ, ২০১৯ ৰ পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণ, কাশ্মীৰী পণ্ডিতসকলৰ হত্যা আৰু এলএচিত চীনা অনুপ্ৰৱেশৰ ক্ষেত্ৰত নীৰৱ হৈ আছে বুলিও তেওঁ অভিযোগ কৰে ।

খেৰাৰ মতে ২০ এপ্ৰিলৰ পুঞ্চ আক্ৰমণ সন্দৰ্ভত প্ৰধানমন্ত্ৰী, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী বা গৃহমন্ত্ৰীৰ পৰা কোনো কথা পোৱা হোৱা নাই । কংগ্ৰেছ নেতাগৰাকীৰ মতে চৰকাৰে এনে সন্ত্ৰাসবাদী আক্ৰমণ নিয়ন্ত্ৰণ কৰিব নিবিচাৰে । তেওঁ কয় যে পুলৱামা আক্ৰমণৰ আঁৰত থকা ত্ৰুটিৰ বাবে শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ দিয়া হোৱা নাই ।

খেৰাই কয় "২০২১ চনৰ আগষ্টত আমেৰিকা যুক্তৰাষ্ট্ৰ আফগানিস্তান এৰি যোৱাৰ পাছত ষ্টীল কোৰ গুলীবোৰ তালিবানৰ জৰিয়তে লস্কৰ-ই-তৈবা আৰু জৈইচ-ই-মহম্মদৰ দৰে সন্ত্ৰাসবাদী সংগঠনৰ হাতলৈ গৈছিল । নিউয়ৰ্ক টাইমছৰ এক প্ৰতিবেদনৰ বিশেষ উল্লেখ কৰি খেৰাই কয় যে, আফগানিস্তানত এৰি থৈ যোৱা আমেৰিকা যুক্তৰাষ্ট্ৰত নিৰ্মিত পিষ্টল, গ্ৰেনেড আৰু নিশাৰ বাইনোকুলাৰ তালিবানৰ জৰিয়তে অস্ত্ৰ ব্যৱসায়ীসকলৰ ওচৰলৈ গৈ আছে । শেহতীয়াকৈ, জেইএমৰ নিষিদ্ধ শাখা পিপলছ এণ্টি-ফেচিষ্ট ফ্ৰণ্টে পুঞ্চ আক্ৰমণৰ এটা ভিডিঅ' ছচিয়েল মিডিয়াত মুকলি কৰে আৰু দাবী কৰে যে সেনাৰ ট্ৰাকৰ চালকজন গুলীৰ প্ৰথম স্প্ৰেত নিহত হৈছিল (Poonch attack Taliban relation)।"

খেৰাৰ অভিযোগ মোডী চৰকাৰে তালিবান চৰকাৰৰ প্ৰতি নিজৰ দৃষ্টিভংগী সলনি কৰিছে আৰু ২০২৩ চনৰ বাজেটত ২০০ কোটি টকাৰ প্ৰতিশ্ৰুতি দিছে যাতে তাত ভাৰতীয় প্ৰকল্পসমূহ পুনৰুজ্জীৱিত কৰা হয় ।

২০১৭ চনত জম্মু-কাশ্মীৰত এনে ধৰণৰ চীনা নিৰ্মিত বুলেট প্ৰুফ জেকেট বিন্ধি যোৱা গুলীৰ ব্যৱহাৰ হৈছিল । খেৰাই কয় যে, ২০১৯ চনত পুনৰ এনে গুলী ব্যৱহাৰ কৰা হৈছিল অনন্তনাগত চিআৰপিএফ জোৱানসকলৰ বিৰুদ্ধে । তেওঁ লগতে কয় যে, ২০১৯ চনত চাম্বাত আৰু ২০২২ চনত উৰিত চীনা নিৰ্মিত পিষ্টল আৰু গ্ৰেনেড উদ্ধাৰ কৰা হৈছিল । খেৰাই উল্লেখ কৰিছে যে, যোৱা কেইবছৰমানত সন্ত্ৰাসবাদী আক্ৰমণত কেইবাজনো নাগৰিক আৰু সৈনিক নিহত হৈছে ।

লগতে পঢ়ক :Karnataka Election 2023 : গৃহমন্ত্ৰীৰ বিৰুদ্ধে কংগ্ৰেছে কিয় দিলে এজাহাৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.