ETV Bharat / bharat

Karnataka Election 2023 : গৃহমন্ত্ৰীৰ বিৰুদ্ধে কংগ্ৰেছে কিয় দিলে এজাহাৰ ?

author img

By

Published : Apr 27, 2023, 1:55 PM IST

সমাগত কৰ্ণাটকৰ নিৰ্বাচন (Karnataka Election 2023)। ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে । তাৰ মাজতে কংগ্ৰেছে গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে । কংগ্ৰেছে কিয় অমিত শ্বাহ আৰু আন বিজেপি নেতাৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ?

Karnataka Election 2023
গৃহ মন্ত্ৰীৰ বিৰুদ্ধে কংগ্ৰেছৰ এজাহাৰ

নেশ্যনেল ডেস্ক,২৭ এপ্ৰিল : কৰ্ণাটকত নিৰ্বাচনকেন্দ্ৰিক বিবাদ আৰম্ভ । এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিলে কৰ্ণাটক কংগ্ৰেছে (Congress filed FIR against Amit Shah)। ভোটাৰক ভাবুকি দিয়াৰ অভিযোগত গৃহমন্ত্ৰীৰ বিৰুদ্ধে বৃহস্পতিবাৰে বেংগালুৰুৰ হাই গ্ৰাউণ্ডছ আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে কংগ্ৰেছ নেতাসকলে ।

তেওঁলোকৰ মতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যখনৰ ভোটাৰসকলক ভাবুকি দিছিল যে যদি কংগ্ৰেছ শাসনলৈ আহে, তেন্তে ৰাজ্যখনত হিংসাত্মক ঘটনা সংঘটিত হ'ব । এআইচিচিৰ সাধাৰণ সম্পাদক ৰণদীপ সিং সুৰজেৱালা, কৰ্ণাটক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰ আৰু এআইচিচিৰ মুখপাত্ৰ গৌৰৱ বল্লভে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে (KPCC complaint against Amit Shah)।

Karnataka Election 2023
গৃহ মন্ত্ৰীৰ বিৰুদ্ধে কংগ্ৰেছৰ এজাহাৰ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ভি সোমান্নাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰি কংগ্ৰেছ নেতাসকলে কয় যে ভি সোমান্নাই চামাৰাজনগৰৰ পৰা জে ডি এছ প্ৰাৰ্থীক ভাবুকি দিয়াৰ লগতে প্ৰলোভিত কৰাৰ চেষ্টা কৰিছে । আনহাতে নিৰ্বাচনী প্ৰচাৰৰ সময়ত অমিত শ্বাহে এটা বিবৃতি দিছে যে যদি কংগ্ৰেছ শাসনলৈ আহে, তেন্তে অধিক হিংসা, সংঘৰ্ষ হ'ব । এই বিবৃতিৰ বিৰুদ্ধে কংগ্ৰেছ নেতাসকলে আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ।

ইফালে কংগ্ৰেছ নেতাসকলে এজাহাৰ দাখিলৰ পাচত সংবাদ মাধ্যমৰ আগত কয় যে শুকুৰবাৰে আবেলি ৪ বজাত তেওঁলোকে দিল্লীত নিৰ্বাচন আয়োগৰ ওচৰলৈ যাব ।

প্ৰদেশ কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত বিষয়া ৰণদীপ সিং সুৰজেৱালাই কয়, "আমি হাই গ্ৰাউণ্ডচ আৰক্ষী থানালৈ আহিছো আৰু এটা গুৰুত্বপূৰ্ণ বিষয়ত অভিযোগ দাখিল কৰিছো । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে ব্যৱস্থা লোৱা উচিত । তেওঁলোকে সাম্প্ৰদায়িক হিংসাৰ আশ্ৰয় লৈছে । তেওঁলোকে প্ৰচাৰৰ সময়ত মিছা বিবৃতিও দি আছে ।" তেওঁ অমিত শ্বাহ আৰু কিছুমান নেতাৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ অনুৰোধ জনায় ।

কেপিচিচিৰ সভাপতি ডি কে শিৱকুমাৰে কয়, "আমাৰ ৰাজ্যখন শান্তিৰ বাগিচা । তেওঁলোকে এটা বিবৃতি দিছে যে যদি কংগ্ৰেছ শাসনলৈ আহে তেন্তে সাম্প্ৰদায়িক হিংসা হ'ব । ইয়াৰ অৰ্থ কি, তেওঁলোকে ভোটাৰসকলক কংগ্ৰেছক ভোট নিদিবলৈ ভয় খুৱাইছে । তেওঁ দেশৰ গৃহমন্ত্ৰী । মানুহক ভাবুকি দিয়া অমিত শ্বাহৰ বিৰুদ্ধে ব্যৱস্থা লোৱা উচিত । নিৰ্বাচন আয়োগে অমিত শ্বাহক নিৰ্বাচনী কাৰ্যকলাপত অংশগ্ৰহণ কৰাত বাধা দিব লাগে । যদি এতিয়া আন কোনোৱে এনে কৰে তেন্তে সেয়া উচিত হ'ব নেকি ?" আইন অনুসৰি, নিৰ্বাচন আয়োগে ব্যৱস্থা লোৱা উচিত বুলিও কংগ্ৰেছ নেতাগৰাকীয়ে দাবী জনায় ।

লগতে পঢ়ক :PM Modi violating traffic law: কেৰালাত প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে কোনে দিলে অভিযোগ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.