ETV Bharat / bharat

ত্ৰিপুৰাত বিজেপি সমৰ্থকক আক্ৰমণ, ২৮ জনলৈ আৰক্ষীৰ জাননী

author img

By

Published : Sep 2, 2022, 1:25 PM IST

Agartala
ত্ৰিপুৰাত বিজেপি সমৰ্থকক আক্ৰমণ

শেহতীয়াকৈ ত্ৰিপুৰাৰ জনজাতীয় অঞ্চলত আয়োজিত বিজেপিৰ সভাত সংঘাতৰ সৃষ্টি হৈছিল । সভালৈ অহা বিজেপি সমৰ্থকক আক্ৰমণ কৰিছিল দুৰ্বৃত্তই (BJP supporters attacked in Tripura)। এই আক্ৰমণত টিপ্ৰা মোথা জড়িত থকাৰ অভিযোগ বিজেপিৰ । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এজনক গ্ৰেপ্তাৰ কৰিছে । ঘটনাত জড়িত থকাৰ অভিযোগত ২৮ জনলৈ আৰক্ষীয়ে জাননী প্ৰেৰণ কৰিছে ।

আগৰতলা,২ আগষ্ট : ত্ৰিপুৰাত ৰাজনৈতিক সংঘাত অতি ভয়াৱহভাৱে বৃদ্ধি পাইছে (Political conflict in Tripura)। 'National Crime Records Bureau'ৰ শেহতীয়া তথ্য অনুসৰি ৰাজ্যখনত ৰাজনৈতিক সংঘাতৰ সংখ্যা পূৰ্বতকৈ যথেষ্ট বৃদ্ধি পাইছে (NCRB report 2021)। এইবাৰ বিজেপি সমৰ্থকক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হ'ল এজন লোক । ২৮ গৰাকী লোকৰ বিৰুদ্ধে আৰক্ষীয়ে প্ৰেৰণ কৰিলে জাননী ।

উল্লেখ্য যে বিগত সোমবাৰে ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ত্ব শাসিত জিলা পৰিষদৰ (TTAADC) খুমুলৱঙত বিজেপি দলে এক ৰাজহুৱা সভাৰ আয়োজন কৰিছিল । য'ত বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা উপস্থিত আছিল । বিজেপিয়ে অভিযোগ কৰা মতে সেই সভালৈ যোৱা বিজেপি সমৰ্থকক টিপ্ৰা মোথা দলৰ সমৰ্থকসকলে নিৰ্মমভাৱে আক্ৰমণ কৰিছিল (BJP supporters attacked in TTAADC)। য'ত ২০ জনতকৈও অধিক বিজেপি সমৰ্থক আঘাতপ্ৰাপ্ত হৈছিল ।

উক্ত ঘটনা সন্দৰ্ভত ত্ৰিপুৰা আৰক্ষীয়ে শুকুৰবাৰে এক প্ৰেছ বিবৃতি প্ৰকাশ কৰে । আৰক্ষীয়ে বিবৃতিত উল্লেখ কৰা মতে ২৯ আগষ্টত খুমুলৱঙত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ ৰেলীৰ সময়ত বিজেপি সমৰ্থকসকলৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল । সেই ঘটনা সন্দৰ্ভত বিজেপি দলে এজাহাৰ দাখিল কৰিছিল ।

বিজেপিয়ে অভিযোগ কৰা মতে এই আক্ৰমণত টিপ্ৰা মোথাৰ সমৰ্থক জড়িত আছিল (Clashes between BJP and TIPRA)। আৰক্ষীয়ে জনোৱা মতে এই সন্দৰ্ভত পশ্চিম ত্ৰিপুৰা, খোৱাই আৰু চেপাহিজালা জিলাৰ বিভিন্ন আৰক্ষী থানাত মুঠ ৭ টাকৈ গোচৰ ৰুজু কৰা হৈছে । ঘটনাৰ তদন্তৰ সময়ত আৰক্ষীয়ে পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণৰ বাবে অভিযুক্ত ২৮ জন ব্যক্তিক ধাৰা ৪১A CRPCৰ অধীনত জাননী প্ৰদান কৰিছে ।

বিবৃতিত উল্লেখ কৰা মতে আৰক্ষীয়ে ইতিমধ্যে এজন লোকক গ্ৰেপ্তাৰ কৰিছে । আনহাতে এই ঘটনাত জড়িত আন লোকসকলক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে বুলি আৰক্ষীয়ে জনাইছে ।

লগতে পঢ়ক :পাটনাত মাওবাদী নেতাৰ কেইবাটাও স্থানত NIA ৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.