ETV Bharat / bharat

West Bengal Cracker factory fire : দত্তপুকুৰ আতচবাজী কাৰখানাত বিস্ফোৰণত নিহতৰ সংখ্যা ৯ জনলৈ বৃদ্ধি

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 3:34 PM IST

গ্ৰেপ্তাৰ কৰা ব্যক্তিজন অবৈধ আতচবাজী কাৰখানাৰ গৰাকীৰ অংশীদাৰ বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে । বিস্ফোৰণৰ প্ৰভাৱ ইমানেই তীব্ৰ আছিল যে চুবুৰীয়াৰ ৫০ টাতকৈও অধিক ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হয় আৰু কেইবাটাও অট্টালিকাৰ চাদত মানুহৰ শৰীৰৰ অংশ পোৱা গৈছিল । আহাতে, নিহতৰ সংখ্যা ৯ জনলৈ বৃদ্ধি পোৱা বুলি চৰকাৰী সূত্ৰত প্ৰকাশ ।

West Bengal Cracker factory fire
West Bengal Cracker factory fire

নিউজ ডেস্ক, ২৮ আগষ্ট : পশ্চিমবংগৰ উত্তৰ ২৪ পৰগণা জিলাৰ এটা অবৈধ আতচবাজী কাৰখানাত সংঘটিত বিস্ফোৰণৰ সন্দৰ্ভত আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰে । আনহাতে, বিস্ফোৰণত নিহতৰ সংখ্যা ৯ জনলৈ বৃদ্ধি পাইছে । এটা পুখুৰীৰ পৰা আৰু এটা মৃতদেহ উদ্ধাৰ হোৱা বুলি সোমবাৰে এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনাইছে । ইয়াৰ উপৰি বহুকেইজন আহতৰ চিকিৎসালয়ত চিকিৎসা চলি আছে ।

গ্ৰেপ্তাৰ কৰা ব্যক্তিজন অবৈধ আতচবাজী কাৰখানাৰ গৰাকীৰ অংশীদাৰ বুলি আৰক্ষীয়ে জনাইছে । আনহাতে, দত্তপুকুৰ আৰক্ষী থানাৰ অন্তৰ্গত নীলগুঞ্জৰ মোশপোলৰ পৰিস্থিতি সোমবাৰে শান্ত হৈ আছে । অৱশ্যে সোমবাৰে এটা পুখুৰীৰ পৰা মুণ্ডহীন মৃতদেহটো উদ্ধাৰ কৰা হয় । আনহাতে, তেওঁৰ মূৰটো চুবুৰীয়া ঘৰৰ চোতালৰ পৰা উদ্ধাৰ কৰা বুলি আৰক্ষী বিষয়াজনে কয় । ইয়াৰ উপৰি বিস্ফোৰণস্থলীৰ চৌপাশৰ এলেকাবোৰৰ পৰা এখন হাত আৰু দুটা আঙুলিও উদ্ধাৰ হয় ।

"ওৰে নিশা অনুসন্ধান অভিযান অব্যাহত আছিল । অৱশ্যে অঞ্চলটোত পোহৰৰ অভাৱ আছিল । আনহাতে, অঞ্চলটোত বিশাল পৰিমাণৰ ধ্বংসাৱশেষ সিঁচৰতি হৈ থকাৰ ফলত আমাৰ বাবে অনুসন্ধান অভিযান কঠিন হৈ পৰিছিল । আমি এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছোঁ । তেওঁ কাৰখানাটো চলাই থকা ব্যক্তিজনৰ ব্যৱসায়িক অংশীদাৰ আছিল ।" বাৰাসাত আৰক্ষী জিলাৰ এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই পিটিআইক ফোনযোগে জনায় ।

ব্যক্তিজনৰ বিৰুদ্ধে বিস্ফোৰক আইন, ১৮৮৪ আৰু বিস্ফোৰক নিয়ম, ২০০৮ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে । বিষয়াজনে লগতে কয় যে বিস্ফোৰণৰ সন্দৰ্ভত আন তিনিজনৰ বিৰুদ্ধে এটা চু-মটো গোচৰ ৰুজু কৰা হৈছে । উল্লেখ্য যে দেওবাৰে পুৱা প্ৰায় ৮.৩০ বজাত অবৈধ আতচবাজী কাৰখানাত বিস্ফোৰণ সংঘটিত হয় । সেই সময়ত তাত মানুহে কাম কৰি আছিল ।

বিস্ফোৰণৰ প্ৰভাৱ ইমানেই তীব্ৰ আছিল যে চুবুৰীয়াৰ ৫০ টাতকৈও অধিক ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হয় আৰু কেইবাটাও অট্টালিকাৰ চাদত মানুহৰ শৰীৰৰ অংশ উদ্ধাৰ হয় । আৰক্ষীয়ে প্ৰকাশ কৰা মতে, অবৈধ আতচবাজী কাৰখানাটোৰ গৰাকী আৰু তাত উপস্থিত থকা তেওঁৰ পুত্ৰও বিস্ফোৰণত নিহত হয় ।

লগতে পঢ়ক :Manipur Violence: মণিপুৰত পুনৰ 5 টাকৈ বাসগৃহ জ্বলালে দুৰ্বৃত্তই; কাঢ়ি নিলে আৰক্ষীৰ অস্ত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.