ETV Bharat / bharat

PM Modi Gujarat Visit: গুজৰাটত আজি ৫,৯৫০ কোটি টকাৰ একাধিক প্ৰকল্প মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে

author img

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 1:35 PM IST

দুদিনীয়া কাৰ্যসূচীৰে আজি গুজৰাটত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ বানাস্কান্ত জিলাৰ আম্বাজী মন্দিৰত প্ৰাৰ্থনা কৰি গুজৰাট ভ্ৰমণৰ আৰম্ভণি কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । প্ৰধানমন্ত্ৰী মোদীয়ে মেহছানা, আহমেদাবাদ, বানাস্কান্ত, সাবৰকান্ত, মহিসাগৰ, গান্ধীনগৰ আৰু পাটন জিলাৰ মুঠ ১৬টা উন্নয়নমূলক প্ৰকল্প মুকলি কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব ।

PM Modi Gujarat Visit
গুজৰাটত আজি ৫,৯৫০ কোটি টকাৰ একাধিক প্ৰকল্প মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে

নিউজ ডেস্ক, ৩০ অক্টোবৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অৰ্থাৎ সোমবাৰে গুজৰাটৰ মেহছানা জিলাত ৫,৯৫০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন কৰিব ৷ প্ৰধানমন্ত্ৰী মোদীয়ে লগতে ৰাজ্যখনত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব । ইয়াৰ পিচত তেওঁ এখন ৰাজহুৱা সভাত অংশগ্ৰহণৰ বাবে মেহছানাৰ খেৰালু তালুকাৰ ডাভোদা গাঁৱলৈ ৰাওনা হ’ব ৷ ইয়াত তেওঁ বিভিন্ন প্ৰকল্প শুভাৰম্ভ কৰাৰ লগতে ৰাজহুৱা সভাখনত ভাষণ দিব ।

উল্লেখ্য় যে, দুদিনীয়া কাৰ্যসূচীৰে আজি গুজৰাটত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ গুজৰাটত উপস্থিত হৈ পুৱা প্ৰায় ১০:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে প্ৰথমে বানাস্কান্ত জিলাৰ আম্বাজী মন্দিৰ দৰ্শন কৰে আৰু ইয়াৰ পাচত তেওঁ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে ৷ তেওঁ দিনৰ প্ৰায় ১২ বজাত মেহছানাত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব ৷ পিছদিনা অৰ্থাৎ মঙলবাৰে পুৱা ৮ বজাত তেওঁ কেৱাদিয়াত 'ষ্টেচু অৱ ইউনিটি'ত শ্ৰদ্ধাঞ্জলি জনাব আৰু তাৰ পিছত ৰাষ্ট্ৰীয় ঐক্য দিৱস উদযাপন কৰা হ'ব ।

উক্ত দিনাও কেইবাটাও প্ৰকল্পৰ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰাৰ পিচত প্ৰধানমন্ত্ৰীয়ে ৯৮ নং কমন ফাউণ্ডেশ্যনৰ প্ৰশিক্ষাৰ্থী বিষয়াসকলক সম্বোধন কৰিব ৷ প্ৰধানমন্ত্ৰী কাৰ্যালয়ে জাৰি কৰা বিবৃতিত উল্লেখ কৰা অনুসৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় ৰে’লৱে, গুজৰাট ৰে’ল আন্তঃগাঁথনি উন্নয়ন নিগম (GRIDE), ৰাজ্যিক জলসম্পদ আৰু পানী যোগান বিভাগ, পথ আৰু অট্টালিকা আৰু নগৰ উন্নয়ন বিভাগকে ধৰি বিভিন্ন চৰকাৰী বিভাগৰ উন্নয়নমূলৰ কামৰ প্ৰকল্প মুকলি কৰাৰ লগতে তথা অধাৰশিলা স্থাপন কৰিব ৷

মোদীয়ে উন্মোচন কৰিবলগীয়া ১৬টা উন্নয়নমূলক প্ৰকল্প মেহছানা, আহমেদাবাদ, বানাস্কান্ত, সাবৰকান্ত, মহিসাগৰ, গান্ধীনগৰ আৰু পাটন জিলাক সামৰি লৈছে বুলি চৰকাৰী বিবৃতিখনত উল্লেখ কৰা হৈছে । প্ৰধানমন্ত্ৰীয়ে বিভিন্ন জলসিঞ্চন প্ৰকল্প, পথ বহলীকৰণ আৰু নলা পৰিশোধন প্লাণ্টৰো আধাৰশিলা স্থাপন কৰিব বুলি চৰকাৰী বিবৃতিটোত উল্লেখ কৰা হৈছে ৷

লগতে পঢ়ক: Mera Yuva Bharat : ৩১ অক্টোবৰত মুকলি হ'ব 'মেৰা যুৱ ভাৰত' ৱেবছাইট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.