ETV Bharat / bharat

Mera Yuva Bharat : ৩১ অক্টোবৰত মুকলি হ'ব 'মেৰা যুৱ ভাৰত' ৱেবছাইট

author img

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 3:39 PM IST

Mera Yuva Bharat
৩১ অক্টোবৰত মুকলি হ'ব 'মেৰা যুৱ ভাৰত' ৱেবছাইট

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে । অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে 'মেৰা যুৱ ভাৰত' ৱেবছাইট মুকলি কৰাৰ ঘোষণা কৰে । ৰাষ্ট্ৰ নিৰ্মাণত যুৱসকলে সক্ৰিয় ভূমিকাৰ সুযোগ পাব ।

নেশ্যনেল ডেস্ক,২৯ অক্টোবৰ : ৩১ অক্টোবৰত চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তীত দেশজুৰি 'মেৰা যুৱ ভাৰত' মঞ্চ মুকলি কৰা হ'ব । যাৰ জৰিয়তে যুৱসকলে সমগ্ৰ দেশৰ বিভিন্ন ৰাষ্ট্ৰ নিৰ্মাণ অনুষ্ঠানত সক্ৰিয় ভূমিকা পালন কৰাৰ সুযোগ লাভ কৰিব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ১০৬ সংখ্যক মন কী বাত অনুষ্ঠানত এই কথা ঘোষণা কৰে ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে জনোৱা মতে 'মেৰা যুৱ ভাৰত' ৱেবছাইটটো মুকলি কৰা হ'ব আৰু যুৱক-যুৱতীসকলে MYBharat.Gov.inৰ জৰিয়তে পঞ্জীয়ন কৰিব লাগিব । MYBharatয়ে ভাৰতৰ যুৱপ্ৰজন্মক বিভিন্ন ৰাষ্ট্ৰ নিৰ্মাণ অনুষ্ঠানত সক্ৰিয় ভূমিকা পালন কৰাৰ সুযোগ প্ৰদান কৰিব । উন্নত ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত ভাৰতৰ যুৱ শক্তিক একত্ৰিত কৰাৰ এয়া এক অনন্য প্ৰচেষ্টা বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লগতে উল্লেখ কৰে যে ৩১ অক্টোবৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ মৃত্যু বাৰ্ষিকীও উদযাপন কৰা হয় । মন কী বাতৰ জৰিয়তে প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলিও জ্ঞাপন কৰে । প্ৰধানমন্ত্ৰীগৰাকীয়ে 'Vocal for Local'ৰ শক্তিশালী প্ৰস্তাৱৰ কথাও দোহাৰে । প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে প্ৰতিবাৰৰ দৰে এইবাৰো উৎসৱৰ সময়ত চৰকাৰৰ প্ৰাথমিকতা হ'ব লাগে 'Vocal for Local'।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লগতে পৰ্যটক আৰু তীৰ্থযাত্ৰীসকলকো বিশেষ আহ্বান জনায় । পৰ্যটন স্থলী বা তীৰ্থযাত্ৰালৈ যোৱা লোকসকলক সেই স্থানৰ স্থানীয় শিল্পীসকলে প্ৰস্তুত কৰা সামগ্ৰী ক্ৰয় কৰিবলৈ তেওঁ আহ্বান জনায় । ইফালে গান্ধী জয়ন্তীৰ দিনটোত খাদীৰ বিক্ৰীয়ে অভিলেখ সৃষ্টি কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে ।

লগতে পঢ়ক :Israel Hamas War : গাজা ষ্ট্ৰিপৰ সংকট সম্পৰ্কে ইজিপ্তৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.