ETV Bharat / bharat

Modi visits Egypt : ইজিপ্তৰ ঐতিহাসিক আল-হাকিম মছজিদত প্ৰধানমন্ত্ৰী মোডী

author img

By

Published : Jun 25, 2023, 7:27 PM IST

ইজিপ্ত ভ্ৰমণৰ দ্বিতীয়া দিনাৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে হেলিঅ'পলিছ স্মাৰক আৰু হেলিঅ'পলিছ (এডেন) স্মাৰক পৰিদৰ্শন কৰে । ঐতিহাসিক আল-হাকিম মছজিদো পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

Modi visits Egypt
ইজিপ্তৰ ঐতিহাসিক আল-হাকিম মছজিদত প্ৰধানমন্ত্ৰী মোডী

নেশ্যনেল ডেস্ক,২৫ জুন : দুদিনীয়া কাৰ্যসূচীৰে ইজিপ্ত ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে ইজিপ্তৰ ৰাজধানী কাইৰোত হেলিঅ'পলিছ কমনৱেলথ যুদ্ধ সমাধিক্ষেত্ৰ পৰিদৰ্শন কৰে । প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰথম বিশ্বযুদ্ধৰ সময়ত ইজিপ্ত আৰু পেলেষ্টাইনত সাহসেৰে যুঁজ দি প্ৰাণ আহুতি দিয়া ভাৰতীয় সৈনিকসকলক শ্ৰদ্ধাঞ্জলিও জ্ঞাপন কৰে । আনহাতে তেওঁ ঐতিহাসিক আল-হাকিম মছজিদ পৰিদৰ্শন কৰে ।

উল্লেখ্য যে হেলিঅ'পলিছ (এডেন) স্মাৰকে কমনৱেলথ বাহিনীৰ ৬০০ ৰো অধিক লোকক স্মৰণ কৰে । যিসকলে প্ৰথম বিশ্বযুদ্ধৰ সময়ত এডেনৰ বাবে প্ৰাণ ত্যাগ কৰিছিল । কমনৱেলথ ৱাৰ গ্ৰেভছ কমিছনে হেলিঅ'পলিছ কমনৱেলথ ৱাৰ চিমেট্ৰি পৰিচালনা কৰে । কমনৱেলথ ৱাৰ গ্ৰেভছ কমিছনৰ ৱেবছাইট অনুসৰি, কবৰস্থানত দ্বিতীয় বিশ্বযুদ্ধৰ ১,৭০০ কমনৱেলথ সমাধিৰ লগতে অন্যান্য ৰাষ্ট্ৰৰ কেইবাটাও কবৰ আছে ।

চুৱেজ খালৰ দক্ষিণ প্ৰান্তত অৱস্থিত, মূল পোৰ্ট টেওফিক স্মাৰকটো ১৯২৬ চনত স্থাপন কৰা হৈছিল । ছাৰ জন বাৰ্ণেটৰ দ্বাৰা ডিজাইন কৰা মূল স্মাৰকটো ১৯৬৭-১৯৭৩ চনৰ ইজৰাইল-ইজিপ্তীয় সংঘৰ্ষৰ সময়ত ক্ষতিগ্ৰস্ত হৈছিল আৰু অৱশেষত ধ্বংস কৰা হৈছিল । ১৯৮০ চনৰ অক্টোবৰ মাহত হেলিঅ'পলিছ কমনৱেলথ ৱাৰ গ্ৰেভ কবৰ স্থানত ইজিপ্তত ভাৰতীয় ৰাষ্ট্ৰদূতে শ্বহীদ ভাৰতীয় সৈনিকসকলৰ নাম থকা পেনেলৰ সৈতে এটা নতুন স্মাৰক উন্মোচন কৰে ।

দেওবাৰে পুৱাই প্ৰধানমন্ত্ৰী মোডীয়ে ইজিপ্তৰ একাদশ শতিকাৰ ঐতিহাসিক আল-হাকিম মছজিদ পৰিদৰ্শন কৰে । মোডীয়ে মছজিদ চৌহদ পৰিদৰ্শন কৰে । প্ৰায় তিনি মাহ পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ কৰা মছজিদৰ অংশসমূহ তেওঁ পৰিদৰ্শন কৰে ।

প্ৰধানমন্ত্ৰী মোডীয়ে ১০১২ চনত নিৰ্মাণ কৰা মছজিদৰ দেৱাল আৰু দুৱাৰমুখত খোদিত শিলালিপিৰ প্ৰশংসা কৰে । এক হাজাৰ বছৰতকৈও অধিক পুৰণি, আল-হাকিম হৈছে কাইৰোৰ চতুৰ্থ পুৰণি মছজিদ আৰু চহৰখনত নিৰ্মাণ কৰা দ্বিতীয় ফাতিম মছজিদ । মছজিদটোৱে ১৩,৫৬০ বৰ্গ মিটাৰ এলেকা আৱৰি আছে । ইজিপ্ত ভ্ৰমণৰ অংশ হিচাপে ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইজিপ্তৰ গ্ৰেণ্ড মুফ্টি শৌকি ইব্ৰাহিম আব্দুল কৰিম আল্লামক সাক্ষাৎ কৰে ।

লগতে পঢ়ক :PM Modi meets Grand Mufti : ইজিপ্তৰ গ্ৰেণ্ড মুফ্টিক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোডীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.