ETV Bharat / bharat

PM Narendra Modi in Rajasthan: ৰাজস্থানৰ চিত্তোৰগড়ত ৭ হাজাৰ কোটি টকাৰ প্ৰকল্প মুকলি প্ৰধানমন্ত্ৰীৰ

author img

By ANI

Published : Oct 2, 2023, 1:58 PM IST

আজি ৰাজস্থানত কেইবাটাও প্ৰকল্প মুকলি কৰাৰ লগতে আন কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷ প্ৰায় ৪৫০০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা মেহছানা-ভটিণ্ডা-গুৰদাছপুৰ গেছ পাইপলাইন আৰু HPCLৰ LPG প্লাণ্টটো জনতাৰ বাবে মুকলি কৰে প্ৰধানমন্ত্ৰীয়ে ৷ ইয়াৰ উপৰি চিত্তোৰগড়-নিমুচ ৰে’লপথ আৰু কোটা–চিত্তোৰগড় বিদ্যুৎচালিত ৰে’লপথৰো আজি আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে ।

PM Narendra Modi in Rajasthan
ৰাজস্থানৰ চিত্তৰগড়ত ৭ হাজাৰ কোটি টকাৰ প্ৰকল্প মুকলি প্ৰধানমন্ত্ৰীৰ

নিউজ ডেস্ক, ২ অক্টোবৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে ৰাজস্থানৰ চিত্তৰগড়ত প্ৰায় ৭ হাজাৰ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উন্মোচন কৰে । গেছ ভিত্তিক অৰ্থনীতিৰ প্ৰসাৰৰ বাবে মেহছানা-ভটিন্দা-গুৰদাছপুৰ গেছ পাইপলাইনটো আজি জনতাৰ নামত উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰীয়ে । প্ৰায় ৪৫০০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছে এই পাইপলাইনটো । প্ৰধানমন্ত্ৰীয়ে আবু ৰোডস্থিত HPCLৰ LPG প্লাণ্টটোও আজি মুকলি কৰে । এই প্লাণ্টটোৰ পৰা বছৰি প্ৰায় ৮৬ লাখ চিলিণ্ডাৰ বিতৰণ কৰা হ’ব আৰু ইয়াৰ ফলত বছৰি চিলিণ্ডাৰ কঢ়িয়াই নিয়া ট্ৰাকসমূহৰ চলাচল প্ৰায় ০.৭৫ মিলিয়ন কিলোমিটাৰ হ্ৰাস পাব ৷ ইয়াৰ পৰিমাণস্বৰূপে বছৰি প্ৰায় ০.৫ মিলিয়ন টন কাৰ্বন ডাই অক্সাইড নিৰ্গমন হ্ৰাস পাব ৷

ইয়াৰ উপৰি আজমেৰ IOCLৰ বটলিং প্লাণ্টটোও আজি প্ৰধানমন্ত্ৰীয়ে মুকলি কৰে ৷ প্ৰধানমন্ত্ৰীয়ে দৰাহ-ঝালাৱাৰ-তীন্ধৰ সংযোগী চাৰিলেনযুক্ত ১২ নং ৰাষ্ট্ৰীয় ঘাইপথটো (নতুন ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ) আজি জনতাৰ বাবে মুকলি কৰে ৷ প্ৰায় ১৪৮০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ এই প্ৰকল্পই কোটা আৰু ঝালাৱাৰ জিলাৰ খনিৰ উৎপাদিত সামগ্ৰীৰ পৰিবহণ সহজ কৰি তোলাত সহায় কৰিব ৷ আনহাতে ছাৱাই মাধোপুৰত ৰে’লৱে অভাৰ ব্ৰীজখন (ROB) দুইলেনৰ পৰা চাৰিলেন কৰাৰ বাবে আজি প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰে । এই প্ৰকল্পই যান-জঁটৰ সমস্যাৰ পৰা জনতাক সকাহ প্ৰদান কৰাত সহায় কৰিব ।

ইয়াৰ উপৰি চিত্তোৰগড়-নিমুচ ৰে’লপথ আৰু কোটা–চিত্তোৰগড় বিদ্যুৎচালিত ৰে’লপথৰো আজি আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে । প্ৰায় ৬৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই প্ৰকল্পসমূহৰ ফলত ৰাজ্যখনত ৰে’ল আন্তঃগাঁথনি শক্তিশালী হ’ব বুলি আশা কৰা হৈছে । তদুপৰি এই প্ৰকল্পসমূহে ৰাজস্থানৰ ঐতিহাসিক স্থানসমূহলৈও পৰ্যটন বৃদ্ধি কৰিব । প্ৰধানমন্ত্ৰী মোদীয়ে স্বাধীন দৰ্শন আঁচনিৰ অধীনত নাথদ্বাৰাত বিকশিত কৰা পৰ্যটনৰ সুবিধাসমূহ মুকলি কৰে ।

নাথদ্বাৰ ৰাজস্থানৰ সন্ত বল্লাভাচাৰ্যই প্ৰচাৰ কৰা পুষ্টিমৰ্গৰ লাখ লাখ অনুগামীৰ বিশ্বাসৰ প্ৰধান কেন্দ্ৰ । নাথদ্ৰৱাত আধুনিক ‘পৰ্যটকৰ ব্যাখ্যা আৰু সাংস্কৃতিক কেন্দ্ৰ’ গঢ়ি তোলা হৈছে, য’ত পৰ্যটকে শ্ৰীনাথজীৰ জীৱনৰ বিভিন্ন দিশৰ অভিজ্ঞতা লাভ কৰিব পাৰে ৷ ইয়াৰ উপৰিও তেওঁ ভাৰতীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান, কোটাৰ স্থায়ী চৌহদো আজি জনতাৰ নামত উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰীয়ে । ৰাজস্থান ভ্ৰমণৰ পাচত বিয়লি মধ্যপ্ৰদেশৰ গোৱালিয়ৰলৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰী । উল্লেখ্য যে, মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড়কে ধৰি পাঁচখন ৰাজ্যত চলিত বৰ্ষৰ শেষৰ ফালে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা ।

লগতে পঢ়ক: Gandhi Jayanti 2023 : ৰাজঘাটত মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.