ETV Bharat / bharat

International Yoga Day: দেশজুৰি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

author img

By

Published : Jun 21, 2023, 8:48 AM IST

Updated : Jun 21, 2023, 9:16 AM IST

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষ্যে বুধবাৰে সমগ্ৰ দেশতে কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । চৰকাৰী পৰ্যায়তো দেশজুৰি কেইবাটাও অনুষ্ঠানৰ আয়োজন কৰা হয় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উপ-ৰাষ্ট্ৰপতি জগদীপ ধানখাড়, কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ।

Etv Bharat
Etv Bharat

নিউজ ডেস্ক, ২১ জুন: নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ উপলক্ষ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত ৰাষ্ট্ৰসংঘৰ নেতৃত্ব আৰু আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ সদস্যসকলৰ সৈতে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰিব । যোগৰ লগতে প্ৰাচীন ভাৰতীয় প্ৰথাৰ লাভালাভৰ বিষয়ে সজাগতা বিয়পাবলৈ আজি দেশৰ বিভিন্ন প্ৰান্ততো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয় । প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে স্বদেশীভাৱে নিৰ্মিত বিমান বাহক আইএনএছ বিক্ৰান্তত ভাৰতীয় নৌসেনাৰ জোৱানসকলৰ সৈতে যোগাসন কৰে ৷

অনুষ্ঠানটোত নৌ সেনাপ্ৰধান এডমিৰেল আৰ হৰি কুমাৰ, নৌ কল্যাণ আৰু কল্যাণ সংস্থাৰ অধ্যক্ষ কালা হৰি কুমাৰৰ লগতে ভাৰতীয় নৌসেনা আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ আন জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল । অগ্নিনিৰ্বাপক বাহিনীকে ধৰি সশস্ত্ৰ বাহিনীৰ কৰ্মীসকলে অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছিল । যোগসন কাৰ্যসূচীৰ পাচত প্ৰতিৰক্ষা মন্ত্ৰীয়ে নৌসেনাৰ জোৱানসকলক সম্বোধন কৰাৰ লগতে যোগ প্ৰশিক্ষকসকলক সম্বৰ্ধনা জনাব ৷

ইফালে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই গুৰুগ্ৰামৰ তৌ দেৱী লাল ষ্টেডিয়ামত(Tau Devi Lal Stadium in Gurugram) আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে । ইফালে উপ-ৰাষ্ট্ৰপতি জগদীপ ধানখাড়, আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জবলপুৰৰ গেৰিছন খেলপথাৰত যোগ প্ৰদৰ্শন কৰে ৷ ইফালে কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰেও হিমাচল প্ৰদেশত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ কৰে ।

২০১৪ চনৰ ২৭ ছেপ্টেম্বৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ সকলো দেশকে সংযুক্ত সাধাৰণ পৰিষদত যোগ দিৱস পালন কৰিবলৈ আহ্বান জনায় । প্ৰধানমন্ত্ৰী মোডীৰ প্ৰস্তাৱ গ্ৰহণ কৰি ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে মাত্ৰ তিনিমাহৰ ভিতৰতে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আয়োজন কৰাৰ কথা ঘোষণা কৰে । ইয়াৰ পিছত ২০১৫ চনত প্ৰথমবাৰৰ বাবে সমগ্ৰ বিশ্ববাসীয়ে যোগ দিৱস পালন কৰে ।

লগতে পঢ়ক: International Yoga Day 2023: ২১ জুনতে কিয় পালন কৰা হয় যোগ দিৱস ? ইয়াৰ ইতিহাস তথা এইবাৰৰ বিষয়বস্তু জানি লওক

Last Updated : Jun 21, 2023, 9:16 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.