ETV Bharat / bharat

Mann Ki Baat : আজি প্ৰধানমন্ত্ৰীৰ ১০৪ সংখ্যক ‘‘মন কী বাত’’

author img

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 8:08 AM IST

Mann Ki Baat
প্ৰধানমন্ত্ৰীৰ মাহেকীয়া অনুষ্ঠান ‘‘মন কী বাত’’

আজি সম্প্ৰচাৰিত হ’ব প্ৰধানমন্ত্ৰীৰ মাহেকীয়া ৰেডিঅ’ অনুষ্ঠান ‘‘মন কী বাত’’ ৷ আজি পুৱা ১১ বজাত দেশবাসীক উদ্দেশ্যি ১০৪ সংখ্যক ‘‘মন কী বাত’’ অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰদান কৰিব ৷

নেশ্যনেল ডেস্ক, ২৭ আগষ্ট : আজি অৰ্থাৎ দেওবাৰে পুৱা ১১ বজাত সম্প্ৰচাৰিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘‘মন কী বাত’’ অনুষ্ঠান ৷ এই অনুষ্ঠানটোৰ ১০৪ সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰদান কৰিব ৷ সকলোৰে জ্ঞাত যে প্ৰধানমন্ত্ৰীগৰাকীৰ মাহেকীয়া ৰেডিঅ’ অনুষ্ঠান ‘‘মন কী বাত ২০১৪ চনৰ ৩ অক্টোবৰৰ পৰা আৰম্ভ হৈছিল আৰু ২০২৩ চনৰ ৩০ এপ্ৰিলত ইয়াৰ ১০০ সংখ্যক খণ্ডত উপনীত হৈছিল ৷

চলিত বৰ্ষৰ ৩০ জুলাইত প্ৰচাৰিত হৈছিল ‘‘মন কী বাত’’ৰ ১০৩ সংখ্যক সংস্কৰণ ৷ য’ত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰথমবাৰৰ বাবে ‘‘মোৰ মাটি মোৰ দেশ’’ অভিযানৰ কথা উল্লেখ কৰিছিল । আজি প্ৰধানমন্ত্ৰীয়ে চন্দ্ৰযান 3 ৰ সফলতাৰ সন্দৰ্ভত আলোকপাত কৰিব বুলি আশা কৰা হৈছে ৷

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে ৰাষ্ট্ৰীয় ৰাজধানীত অনুষ্ঠিত B২০ Summit India ২০২৩ ত ভাষণ দিব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে X টুইটাৰত কয়, ‘‘২৭ আগষ্টৰ দুপৰীয়া ১২ বজাত মই সম্বোধন কৰিম B২০ Summit India ২০২৩ ৷ এই B২০ ৰ মঞ্চই ব্যৱসায়িক জগতত কাম কৰা বহু অংশীদাৰক একত্ৰিত কৰিছে’’ । তিনিদিনীয়াকৈ আয়োজিত এই সন্মিলখন চলিত মাহৰ ২৫ ৰ পৰা ২৭ তাৰিখলৈ অৰ্থাৎ আজিলৈকে অনুষ্ঠিত হ’ব ৷

এই সন্মিলনখন মূল পাঁচটা বিষয়বস্তুৰ আধাৰ কৰিয়েই আয়োজন কৰা হৈছে ৷ সেয়া হ’ল R.A.I.S.E ৷ অৰ্থাৎ Responsible, Accelerated, Innovative, Sustainable and Equitable Businesses (দায়িত্বশীল, ত্বৰান্বিত, উদ্ভাৱনীমূলক, বহনক্ষম আৰু সমতাপূৰ্ণ ব্যৱসায়)। এই সন্মিলনখনত প্ৰায় ৫৫ খন দেশৰ ১৫০০ ৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে ।

B২০ ইণ্ডিয়াই জি-২০ ত শাসকীয় সূচনা দাখিলৰ বাবে ৫৪ টা পৰামৰ্শ আৰু ১৭২ টা নীতিগত ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে । B২০ Summit India ২০২৩ ই সমগ্ৰ বিশ্বৰ নীতি নিৰ্ধাৰক, ব্যৱসায়িক নেতা আৰু বিশেষজ্ঞসকলক লৈ B২০ ইণ্ডিয়া শাসকীয় সুচনাৰ ওপৰত আলোচনা কৰে ।

লগতে পঢ়ক : Chandrayaan-3 : ইছৰোৰ মহিলা বিজ্ঞানীসকলক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.