ETV Bharat / bharat

Chandrayaan-3 : ইছৰোৰ মহিলা বিজ্ঞানীসকলক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ

author img

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 12:42 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইছৰোৰ বিজ্ঞানীসকলক প্ৰশংসা কৰে । চন্দ্ৰযান-৩ৰ সফলতাৰ আঁৰত মহিলা বিজ্ঞানীসকলৰ ভূমিকা গুৰুত্বপূৰ্ণ আছিল । বিজ্ঞানীসকলে দেশক শীৰ্ষ স্থানলৈ লৈ গৈছে ।

Chandrayaan-3
ইছৰোৰ মহিলা বিজ্ঞানীসকলক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ

নেশ্যনেল ডেস্ক,২৬ আগষ্ট : ভাৰতৰ চন্দ্ৰযান-৩ সফল হোৱাৰ লগে লগে এতিয়া বিভিন্ন মহলত ইছৰোৰ মহিলা বিজ্ঞানীসকলকলৈ চৰ্চা চলিছে । ইছৰোৰ বিজ্ঞানীসকলৰ লগতে বিশেষকৈ মহিলা বিজ্ঞানীসকলৰো প্ৰশংসা কৰিছে বিভিন্নজনে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও মহিলা বিজ্ঞানীসকলক প্ৰশংসা কৰে । প্ৰধানমন্ত্ৰী মোডীয়ে শনিবাৰে 'চন্দ্ৰযান-৩' অভিযানৰ সৈতে জড়িত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৰ মহিলা বিজ্ঞানীসকলৰ সৈতে বাৰ্তালাপ কৰি ভাৰতৰ প্ৰথম চন্দ্ৰ অৱতৰণ অভিযানৰ সফল সমাপ্তিত তেওঁলোকে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ প্ৰশংসা কৰে ।

বেংগালুৰুত ইছৰোৰ টেলিমেট্ৰি ট্ৰেকিং এণ্ড কমাণ্ড নেটৱৰ্ক মিছন কণ্ট্ৰোল কমপ্লেক্সত বিজ্ঞানীসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে চন্দ্ৰযান-৩ অভিযানৰ সফলতাত মহিলা বিজ্ঞানীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । চন্দ্ৰৰ দক্ষিণ মেৰুৰ য'ত 'বিক্ৰম' লেণ্ডাৰে স্পৰ্শ কৰে সেই স্থানক 'শিৱশক্তি' বুলি অভিহিত কৰি ভৱিষ্যৎ প্ৰজন্মক আন্তৰিকতাৰে বিজ্ঞান গ্ৰহণ কৰিবলৈ আৰু ইয়াক মানুহৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰিবলৈ অনুপ্ৰাণিত কৰিব বুলি তেওঁ উল্লেখ কৰে ।

ঐতিহাসিক চন্দ্ৰ অৱতৰণৰ বাবে ইছৰোৰ বিজ্ঞানীসকলক অভিনন্দন জনাই প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে তেওঁলোকে দেশখনক শীৰ্ষ স্থানলৈ লৈ গৈছে । ইছৰোৰ বিজ্ঞানীসকলে দেশখনক এই স্থানলৈ লৈ গৈছে । তেওঁৰ মতে এয়া কোনো সাধাৰণ সাফল্য নাছিল । এই অভিযানে ভাৰতৰ মহাকাশ গৱেষণা আৰু কাৰ্যসূচীৰ শক্তি প্ৰদৰ্শন কৰে । প্ৰধানমন্ত্ৰী মোডীৰ মতে ভাৰত চন্দ্ৰত আছে ।

প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে ভাৰতে ৰাষ্ট্ৰীয় গৌৰৱৰ প্ৰতীক ত্ৰিৰংগা চন্দ্ৰত উত্তোলন কৰিছে । ইছৰোৰ বিজ্ঞানীসকলক প্ৰশংসা কৰি তেওঁ কয় যে তেওঁলোকৰ বাবে ভাৰতবাসী গৌৰৱান্বিত । প্ৰধানমন্ত্ৰীৰ মতে এয়া আজিৰ ভাৰত । এয়া এক নিৰ্ভীক ভাৰত । এইখন নতুন আৰু উদ্ভাৱনী মূলক ধাৰণাৰে ভৰপূৰ এখন ভাৰত । ভাৰতৰ চিন্তাধাৰা সলনি হৈছে ।

লগতে পঢ়ক :Chandrayaan-3 success : ২৩ আগষ্টৰ দিনটো দেশবাসীয়ে পালন কৰিব ৰাষ্ট্ৰীয় মহাকাশ দিৱস হিচাপে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.