PM Modi visit Bahanaga train accident spot : দুৰ্ঘটনাস্থলী পৰিদৰ্শন প্ৰধানমন্ত্ৰী মোদীৰ

author img

By

Published : Jun 3, 2023, 5:52 PM IST

PM Modi visit Bahanaga train accident spot

ওড়িশাৰ দুৰ্ঘটনাস্থলীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Modi at Odisha)। প্ৰশাসনৰ লোকৰ সৈতে পৰিস্থিতি সম্পৰ্কে আলোচনা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । পশ্চিমবংগৰ মুখ্যমন্ত্ৰী আৰু ওড়িশাৰ মুখ্যমন্ত্ৰীয়েও পৰিস্থিতিৰ বুজ লয় ।

দুৰ্ঘটনাস্থলী পৰিদৰ্শন প্ৰধানমন্ত্ৰী মোদীৰ

নেশ্যনেল ডেস্ক,৩ মে' : ওড়িশাৰ ৰে'ল দুৰ্ঘটনাক লৈ দেশজুৰি চাঞ্চল্য অব্যাহত আছে (Odisha triple train accident)। ইতিমধ্যে ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰো ঘোষণা কৰিছে চৰকাৰে । ইয়াৰ মাজতে শনিবাৰে বাহানাগাৰ দুৰ্ঘটনাস্থলীত উপস্থিত হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Modi visit train accident spot)। দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

দুৰ্ঘটনাস্থলীত উপস্থিত থকা উচ্চ পদস্থ বিষয়াসকলৰ সৈতে পৰিস্থিতি সম্পৰ্কে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । পৰিদৰ্শনৰ সময়ত প্ৰধানমন্ত্ৰীৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু ধৰ্মেন্দ্ৰ প্ৰধানো উপস্থিত থাকে ।

দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰাৰ পাছতে প্ৰধানমন্ত্ৰীগৰাকী আহত সকলৰো স্বাস্থ্যৰ বুজ লয় । কটকত চিকিৎসাধীন আহত লোকসকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে স্থানীয় প্ৰশাসন তথা চৰকাৰক সকলো সম্ভৱ সহায়ৰ নিৰ্দেশ দিয়ে । ইফালে দুৰ্ঘটনাটোত নিহতসকলৰ পৰিয়াল লৈও সমবেদনা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে ৰে'ল দুৰ্ঘটনাৰ সন্দৰ্ভত পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ এখন বৈঠকও আহ্বান কৰে ।

প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে (Mamata Banerjee visit Bahanaga)। তিনিখনকৈ ৰে'লৰ এই ভয়ংকৰ দুৰ্ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মমতা বেনাৰ্জীয়ে কেন্দ্ৰীয় চৰকাৰ লগতে ৰে'ল বিভাগক তীব্ৰ সমালোচনা কৰে । দুৰ্ঘটনাটোৰ বাবে ৰে'ল বিভাগক দোষাৰোপ কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে । আনহাতে ৰে'লত যাত্ৰীৰ সুৰক্ষাক লৈও উদ্বেগ প্ৰকাশ কৰে (Mamata Banerjee on train accident)।

ইয়াৰ মাজতে ৰে'ল বিভাগে শনিবাৰে কয় যে ওড়িশাৰ বালাছোৰ জিলাত নিশা তিনিখনকৈ ৰে'ল লাইনচ্যুত হোৱা পথটোত 'কৱচ' সুৰক্ষা ব্যৱস্থা নাছিল (Kavach safety system) । যাৰ বাবে ২৮০ জনকৈ লোক এই পৰ্যন্ত মৃত্যমুখত পৰিছে । আনহাতে, দুৰ্ঘটনাটোত আহত হৈছে প্ৰায় ৯০০ গৰাকী লোক । ইফালে ৰে'লৱেৰ মুখপাত্ৰ অমিতাভ শৰ্মাই উদ্ধাৰ অভিযান সমাপ্ত হোৱা বুলি কৈ নিশ্চিত কৰে যে পথটোত কৱচ সুৰক্ষা ব্যৱস্থা উপলব্ধ নাছিল ।

লগতে পঢ়ক :Odisha Triple Train Accident : কৱচ সুৰক্ষা প্ৰণালীৰ অভাৱতে দুৰ্ঘটনা; ওড়িশাৰ ৰে'ল দুৰ্ঘটনাৰ পিছত অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.