ETV Bharat / bharat

Ladakh Army vehicle plunges: লাডাখত সেনা জোৱানৰ মৃত্যুত শোক প্ৰকাশ শাসক বিৰোধী উভয়ৰ

author img

By

Published : Aug 20, 2023, 9:47 AM IST

লাডাখত সেনাবাহিনীৰ এখন ট্ৰাক দ খাৱৈত পৰি জোৱানৰ মৃত্যু হোৱা ঘটনাত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়েও শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে । শনিবাৰে লাডাখত সংঘটিত পথ দুৰ্ঘটনাত এজন কনিষ্ঠ কমিছনড অফিচাৰ (জেচিঅ’)সহ 9 জন জোৱান নিহত হোৱাৰ বিপৰীতে আন এজন জোৱান আহত হয় ।

Ladakh Army vehicle plunges
লাডাখত দুৰ্ঘটনাত পতিত সেনাবাহিনীৰ মৃত্যুত শোক প্ৰকাশ

নেশ্যনেল ডেস্ক, 20 আগষ্ট: লাডাখত সেনাবাহিনীৰ এখন ট্ৰাক দ খাৱৈত বাগৰি জোৱানৰ মৃত্যু হোৱা ঘটনাত শোক প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, "দেশৰ প্ৰতি তেওঁলোকৰ অৱদান সদায় স্মৰণীয় হৈ ৰ’ব ।" প্রধানমন্ত্রীৰ কার্যালয়ে এক্স (পূর্বৰ টুইটাৰ)ত এক প’ষ্টযোগে কয় যে, "লেহৰ সমীপত সংঘটিত হোৱা দুৰ্ঘটনাটোত আমি ভাৰতীয় সেনাৰ জোৱান হেৰুৱাইছো । শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জনাইছোঁ । যিসকল আহত হৈছে তেওঁলোকে অতি সোনকালে আৰোগ্য লাভ কৰক ।"

শনিবাৰে লাডাখ অঞ্চলত সংঘটিত পথ দুৰ্ঘটনাত এজন কনিষ্ঠ কমিছনড অফিচাৰ (জেচিঅ’)কে ধৰি 9 জন জোৱান নিহত হোৱাৰ বিপৰীতে আন এজন জোৱান আহত হয় ৷ তাৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই মন্তব্য আগবঢ়ায় । শনিবাৰে বিয়লি লেহৰ পৰা 150 কিলোমিটাৰ নিলগৰ নিয়োমা অঞ্চলৰ কিয়াৰীত এই দুৰ্ঘটনাটো সংঘটিত হয় আৰু শনিবাৰে বিয়লিৰ ভাগত 10 জন জোৱান কঢ়িয়াই অনা সেনাবাহিনীৰ এখন ট্ৰাক পথৰ পৰা বাগৰি তলৰ খাৱৈত পৰি যায় । কাৰু গেৰিছনৰ পৰা কিয়াৰীলৈ গৈ আছিল জোৱানসকল ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে । ৰাজনাথ সিঙে এক্সত লিখিছে, "লাডাখৰ লেহৰ সমীপত সংঘটিত দুৰ্ঘটনাৰ ফলত ভাৰতীয় সেনাৰ জোৱান হেৰুৱাই আমি দুঃখিত ৷ আমাৰ জাতিৰ প্ৰতি তেওঁলোকৰ উল্লেখযোগ্য বৰঙণি আমি কেতিয়াও পাহৰিব নোৱাৰো । শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছো । আহত জোৱানসকলক ততাতৈয়াকৈ ফিল্ড হাস্পতালত ভৰ্তি কৰোৱা হয় । তেওঁলোকৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছো ।"

সেনা জোৱানৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেও । ছ’চিয়েল মিডিয়া হেণ্ডেল এক্সযোগে খাৰ্গে দুখ প্ৰকাশ কৰি কয় যে দেশখন সৈনিকৰ ওচৰত ‘ঋণী’ হৈ থাকিব আৰু লেহত 9 জন সৈনিকৰ শ্বহীদ হোৱাৰ খবৰটো অতি দুখজনক । খাৰ্গে কয়, "আমাৰ বীৰ জোৱানসকলৰ ওচৰত আমি সদায় ঋণী হৈ থাকিম । শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ । আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ ।"

লগতে পঢ়ক: Ladakh Army vehicle plunges: লাডাখত দুৰ্ঘটনাত পতিত সেনাৰ বাহন; 9 জন সৈনিকে হেৰুৱালে প্ৰাণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.