ETV Bharat / bharat

PM Modi on Poverty and Corruption: 2014 চনৰ পূৰ্বে আছিল দুৰ্নীতি আৰু কেলেংকাৰীৰ যুগ; প্ৰধামন্ত্ৰী মোদী

author img

By

Published : Aug 21, 2023, 5:27 PM IST

বিৰোধী মিত্ৰজোঁটক সমালোচনা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে 2014 চনৰ পূৰ্বে কেলেংকাৰী আৰু দুৰ্নীতিৰ যুগত দৰিদ্ৰলোকৰ অধিকাৰ লুণ্ঠন কৰা হৈছিল ৷ যোৱা 5 বছৰত 13.50 কোটি ভাৰতীয় দৰিদ্ৰ ৰেখাৰ তলৰ শ্ৰেণীৰ পৰা ওলাই আহিছে বুলি কয় প্ৰধানমন্ত্ৰী মোদীয়ে ৷

PM Modi launches tirade against opposition
বিৰোধী মিত্ৰজোঁটক সমালোচনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

নিউজ ডেস্ক, 21 আগষ্ট : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধী মিত্ৰজোঁটক সমালোচনা কৰি কয় যে 2014 চনৰ পূৰ্বে কেলেংকাৰী আৰু দুৰ্নীতিৰ যুগত দৰিদ্ৰ লোকৰ অধিকাৰ লুণ্ঠন কৰা হৈছিল ৷ কিন্তু এতিয়া দৰিদ্ৰ লোকৰ একাউণ্টত ধন সোমাইছে ৷ নীতি আয়োগৰ প্ৰতিবেদনত কোৱা হৈছে যে যোৱা 5 বছৰত 13.50 কোটি ভাৰতীয় দৰিদ্ৰ ৰেখাৰ তলৰ শ্ৰেণীৰ পৰা ওলাই আহিছে ৷ প্ৰধানমন্ত্ৰী মোদীয়ে এটা ভিডিঅ' বাৰ্তাত এনেদৰে কয় ৷

  • #WATCH | PM Modi says, "The citizens of the country cannot forget the days before 2014 when there were rampant scams and corruption...Today, the poor is getting his share of money directly in his bank account..." pic.twitter.com/nfHZWI537y

    — ANI (@ANI) August 21, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে 2014 চনৰ পূৰ্বে "দুৰ্নীতি আৰু কেলেংকাৰী"ৰ যুগ আছিল আৰু দৰিদ্ৰ লোকৰ ধন লুণ্ঠন কৰা হৈছিল ৷ কিন্তু এতিয়া প্ৰতিটো পইচা পোনপটীয়াকৈ তেওঁলোকৰ একাউণ্টত সোমাই আছে ৷ তথ্যই দেখুৱাইছে যে বৰ্ধিত সংখ্যক লোকে কৰ পৰিশোধ কৰিছে, যিয়ে তেওঁলোকৰ ধন সদ্ব্যৱহাৰ কৰা হৈছে বুলি চৰকাৰৰ প্ৰতি থকা তেওঁলোকৰ বিশ্বাস প্ৰকাশ কৰিছে ৷

প্ৰধানমন্ত্ৰীগৰাকীয়ে মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালৰ চৰকাৰী মহাত্মা গান্ধী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱনিযুক্ত শিক্ষকসকলৰ প্ৰশিক্ষণ-তথা-অভিমুখীকৰণ কাৰ্যসূচীত ভাৰ্চুৱেলী ভাষণ প্ৰদান কৰে ৷ প্ৰধানমন্ত্ৰীয়ে কয় যে "অমৃত কাল" ৰ প্ৰথম বছৰতে ইতিবাচক বাতৰি আহিবলৈ আৰম্ভ কৰিছে, যিয়ে বৰ্ধিত সমৃদ্ধি আৰু হ্ৰাস হোৱা দৰিদ্ৰতা প্ৰদৰ্শন কৰে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, নীতি আয়োগৰ প্ৰতিবেদনত কোৱা হৈছে যে পাঁচ বছৰত 13.50 কোটি ভাৰতীয় দৰিদ্ৰ সীমা ৰেখাৰ তলৰ শ্ৰেণীৰ পৰা ওলাই আহিছে ৷ আয়কৰ ৰিটাৰ্ণৰ সংখ্যাই দেখুৱায় যে যোৱা ন বছৰত ভাৰতীয়সকলৰ গড় উপাৰ্জন 2014 চনৰ 4 লাখ টকাৰ পৰা 13 লাখ টকালৈ বৃদ্ধি পাইছে ৷ তেওঁ লগতে কয় যে লোকসকল নিম্নৰ পৰা উচ্চ উপাৰ্জন গোটলৈ স্থানান্তৰিত হৈছে ৷

তেওঁ কয়, তথ্যই দেখুৱায় যে সকলো খণ্ডই শক্তি লাভ কৰিছে আৰু নিযুক্তিৰ সুযোগ সৃষ্টি কৰিছে ৷ নাগৰিকসকলৰ বিশ্বাস বাঢ়ি আহিছে ৷ তেওঁলোকে তেওঁলোকৰ কৰ এই বিশ্বাসেৰে জমা দিবলৈ আহিছে যে তেওঁলোকৰ প্ৰতিটো পইচা দেশৰ উন্নয়নৰ বাবে ব্যয় কৰা হ'ব ৷ দেশৰ অৰ্থনীতি এতিয়া 2014 চনৰ দশম স্থানৰ পৰা বিশ্বৰ 5ম স্থানত উপনীত হৈছে বুলিও তেওঁ কয় ৷

প্ৰধানমন্ত্ৰীয়ে কয় "দুৰ্নীতি আৰু কেলেংকাৰীৰ যুগত 2014 চনৰ আগতে তেওঁলোকৰ একাউণ্টত সোমোৱাৰ পূৰ্বেই দৰিদ্ৰৰ ধনৰ অধিকাৰ লুণ্ঠন কৰা হৈছিল ৷ এতিয়া, প্ৰতিটো পইচা পোনপটীয়াকৈ তেওঁলোকৰ একাউণ্টত সোমাইছে ৷"

লগতে পঢ়ক : MP Gaurav Gogoi PC: দুৰ্বল হৈছে বিজেপি, '২৪ত কেন্দ্ৰত কংগ্ৰেছৰ চৰকাৰ, গৌৰৱ গগৈৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.