ETV Bharat / bharat

মোডীক ভূয়সী প্ৰশংসা জিতেন্দ্ৰ সিঙৰ

author img

By

Published : Mar 1, 2021, 5:47 PM IST

দেওবাৰে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ এক অনুষ্ঠানত উপস্থিত থাকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰশংসা কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ । মোডী আৰু তেওঁৰ দলৰ সকলো কাৰ্যকৰ্তাৰ ভৱিষ্যতৰ প্ৰযুক্তিগত উন্নতি সাধনৰ বাবে পৰিৱৰ্তনকামী সিদ্ধান্ত লোৱাৰ সাহস আৰু ক্ষমতা আছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

মোডীক ভূয়সী প্ৰশংসা জিতেন্দ্ৰ সিঙৰ
মোডীক ভূয়সী প্ৰশংসা জিতেন্দ্ৰ সিঙৰ

নিউজ ডেস্ক, ১ মাৰ্চ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু তেওঁৰ দলৰ সকলো কাৰ্যকৰ্তাৰ ভৱিষ্যতৰ প্ৰযুক্তিগত উন্নতি সাধনৰ বাবে পৰিৱৰ্তনকামী সিদ্ধান্ত লোৱাৰ সাহস আৰু ক্ষমতা আছে । দেওবাৰে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ এক অনুষ্ঠানত উপস্থিত থাকি এইদৰে মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে । স্মাৰ্ট চিটি প্ৰকল্প, কৃষি প্ৰযুক্তি, ৰিম'ট চেনছিং, ৰেলৱে প্ৰযুক্তি আৰু দুৰ্যোগ ব্যৱস্থাপনাকে ধৰি সকলো মহাকাশ প্ৰযুক্তিৰ বিকাশ সাধন কৰা হৈছে ।

লগতে তেওঁ কয় যে, তেওঁলোকৰ কাৰ্যকালতে ভাৰতত মহাকাশ প্ৰযুক্তি আগবাঢ়িছে আৰু দেশ এতিয়া 'জ্ঞান অভিযান'ৰ জৰিয়তে মহাকাশলৈ মানুহ পঠিয়াব পৰাৰ দিশত উপনীত হৈছে । COVID-১৯ প্ৰতিষেধকেই হৈছে প্ৰযুক্তিগত উন্নতি সাধন । দেশত প্ৰতিষেধক নিৰ্মাণে বিশ্বৰ আটাইতকৈ উন্নত দেশসমূহৰ তুলনাত ভাৰতীয় বিজ্ঞানীসকলৰ অগ্ৰগতি প্ৰতিফলিত কৰে বুলিও কয় সিঙে । ইয়াৰোপৰি তেওঁ কয় যে ভাৰতত প্ৰতিষেধকৰ পৰ্যাপ্ত উপলব্ধতাৰ উপৰিও বিশ্বৰ আন আন উন্নত দেশসমূহলৈ এই প্ৰতিষেধক ইতিমধ্য ৰপ্তানি কৰা হৈছে ।

লগতে পঢ়ক: হোৱাটছ এপৰ নতুন গোপনীয়তা নীতি: আজি শুনানি গ্ৰহণ দিল্লী উচ্চ ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.