PM Modi changes his DP: প্ৰধানমন্ত্ৰীয়ে সলনি কৰিলে ছ’চিয়েল মিডিয়া একাউণ্টৰ ডিছপ্লে ছবি

author img

By

Published : Aug 2, 2022, 3:26 PM IST

PM changes display picture of his social media accounts to 'Tricolour'
প্ৰধানমন্ত্ৰীয়ে সলনি কৰিলে ছ’চিয়েল মিডিয়া একাউণ্টৰ ডিছপ্লে ছবি ()

ৰাষ্ট্ৰীয় পতাকাখন ডিজাইন কৰা পিংগালী ভেংকয়ালৈও মোদীয়ে জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মোদীয়ে কয়,"আমাৰ গৌৰৱ ত্ৰিৰংগাখন ভাৰতবাসীৰ হাতত তুলি দিয়া প্ৰচেষ্টাৰ বাবে ভাৰতীয়সকল চিৰদিনৰ বাবে তেওঁৰ ওচৰত ঋণী হৈ থাকিব । ত্ৰিৰংগাৰ শক্তি আৰু প্ৰেৰণাই আমাক জাতিৰ উত্তৰণৰ বাবে কাম কৰি যাবলৈ প্ৰেৰণা যোগায় যাব।"

নেশ্যনেল ডেস্ক, 2 আগষ্ট: ২ আগষ্টৰ পৰা ১৫ আগষ্ট পৰ্যন্ত নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ প্ৰফাইল পিকচাৰ সলায় ‘ত্ৰিৰংগা' ৰাখিবলৈ জনসাধাৰণলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে(Prime Minister urged the public to change their profile pictures on social media accounts to the Tricolour) ৷ দেওবাৰে 'মন কী বাত' শীৰ্ষক ৰেডিঅ’ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ‘আজাদি কা অমৃত মহোৎসৱ’এক গণ আন্দোলনলৈ পৰিণত হৈছে আৰু ২ আগষ্ট অৰ্থাৎ আজিৰে পৰা ১৫ আগষ্ট পৰ্যন্ত নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ প্ৰফাইল পিকচাৰ সলায় জনসাধাৰণক ‘ত্ৰিৰংগা' ৰাখিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰী মোদীয়ে(Mann ki baat) ৷

  • It is a special 2nd August today! At a time when we are marking Azadi Ka Amrit Mahotsav, our nation is all set for #HarGharTiranga, a collective movement to celebrate our Tricolour. I have changed the DP on my social media pages and urge you all to do the same. pic.twitter.com/y9ljGmtZMk

    — Narendra Modi (@narendramodi) August 2, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

দেওবাৰে তেওঁৰ 'মন কী বাত' শীৰ্ষক ৰেডিঅ’ সম্প্ৰচাৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 'আজাদী কা অমৃত মহোৎসৱ' এতিয়া কোনো সাধাৰণ মহোৎসৱ হৈ থকা নাই ই গণ আন্দোলনলৈ ৰূপান্তৰিত হৈছে বুলি উল্লেখ কৰাৰ লগতে ২ৰ পৰা ১৫ আগষ্টৰ ভিতৰত নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ প্ৰফাইল পিকচাৰ 'ত্ৰিৰংগা' ৰাখিবলৈ জনগণলৈ আহ্বান জনাইছিল('Azadi Ka Amrit Mahotsav' is no longer an ordinary festival it has turned into a mass movement)।

'যি সময়ত আমি আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰিছো, একে সময়ত আমি সমূহীয়াকৈ 'ত্ৰিৰংগা' উদযাপন কৰিবলৈ সক্ষম হৈছো' বুলি উক্ত অনুষ্ঠানটোত প্ৰধানমন্ত্ৰীয়ে কয় ৷ আজি এটা বিশেষ ২ আগষ্ট ! কাৰণ আজিৰে পৰা 'হৰ ঘৰ ত্ৰিৰংগা' উদযাপনৰ বাবে ভাৰতীয়সকল সাজু হৈছে আৰু প্ৰতিগৰাকী ভাৰতীয়ই 'ত্ৰিৰংগা' উদযাপন কৰিব বুলিও আজি পুৱা এক টুইটযোগে মোদীয়ে কয়।

ৰাষ্ট্ৰীয় পতাকাখন ডিজাইন কৰা পিংগালী ভেংকয়ালৈও মোদীয়ে জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মোদীয়ে কয়,"আমাৰ গৌৰৱ ত্ৰিৰংগাখন ভাৰতবাসীৰ হাতত তুলি দিয়া প্ৰচেষ্টাৰ বাবে ভাৰতীয়সকল চিৰদিনৰ বাবে তেওঁৰ ওচৰত ঋণী হৈ থাকিব । ত্ৰিৰংগাৰ শক্তি আৰু প্ৰেৰণাই আমাক জাতিৰ উত্তৰণৰ বাবে কাম কৰি যাবলৈ প্ৰেৰণা যোগায় যাব।"

লগতে পঢ়ক: Har Ghar Tiranga Abhiyan: বোমডিলাত এছ এছ বিৰ হৰ ঘৰ ঝাণ্ডা অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.