ETV Bharat / bharat

ক’ভিড 19 সন্দৰ্ভত সৰ্বদলীয় বৈঠকত মিলিত প্ৰধানমন্ত্ৰী মোদী

author img

By

Published : Dec 4, 2020, 4:04 PM IST

দেশৰ ক’ভিড 19 সংক্ৰান্তীয় পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰাৰ বাবে বিভিন্ন দলৰ নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ এই বৈঠকত বিৰোধী নেতাসকলে চৰকাৰক ক’ভিড 19 ভেকচিনৰ কেতিয়াৰ পৰা উপলব্ধ হ’ব আৰু ইয়াক কি পৰ্যায়ত বিতৰণৰ ব্যৱস্থা কৰা হ’ব এই সন্দৰ্ভত প্ৰশ্ন কৰে ৷

as_ntl_PM_chairs_all_party_img
ক’ভিড 19 সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীৰ সৰ্বদলীয় বৈঠক

নেশ্যনেল ডেস্ক,4 ডিচেম্বৰঃ দেশৰ ক’ভিড 19 সংক্ৰান্তীয় পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰাৰ বাবে বিভিন্ন দলৰ নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলৰ সৈতে শুকুৰবাৰে এক বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ লোকসভা আৰু ৰাজ্যসভাৰ সদস্যসকলো এই ভাৰ্চুৱেল বৈঠকখনিত উপস্থিত থাকে ৷ সূত্ৰই প্ৰকাশ কৰা অনুসৰি পাঁচ বা তাতকৈ অধিক সাংসদ থকা ৰাজনৈতিক দলসমূহে এই বৈঠকত ভাষণ প্ৰদান কৰে ৷

উল্লেখ্য যে, এই বৈঠকত ৰাজ্যসভাৰ বিৰোধী দল কংগ্ৰেছৰ হৈ ভাষণ প্ৰদান কৰে গুলাম নৱী আজাদে ৷ সমান্তৰালকৈ, তৃণমূল কংগ্ৰেছৰ হৈ সুদ্বীপ বন্দোপধ্যায়, এন চি পিৰ হৈ শৰদ পৱাৰ, টি আৰ এছৰ হৈ নামা নাগেশ্বৰ আৰু শিৱ সেনাৰ হৈ বিনায়ক ৰাৱাটে ভাষণ প্ৰদান কৰে ৷

এই বৈঠকত বিৰোধী নেতাসকলে চৰকাৰক ক’ভিড 19 ভেকচিনৰ কেতিয়াৰ পৰা উপলব্ধ হ’ব আৰু ইয়াক কি পৰ্যায়ত বিতৰণৰ ব্যৱস্থা কৰা হ’ব এই সন্দৰ্ভত প্ৰশ্ন কৰে ৷ কৰ’ণা মহামাৰীৰ আৰম্ভ হোৱাৰে পৰা এইখন দ্বিতীয় সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰা হয় ৷

এই বৈঠকত উপস্থিত থাকে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহ, স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধন, সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ জোশী, সংসদীয় পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী ভি মুৰুলীধৰণ ৷ এই বৈঠকখন কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণৰ এটি উপস্থাপনাৰ দ্বাৰা আৰম্ভ কৰা হয় য’ত দেশত বৰ্তমানলৈ ক’ভিড 19ৰ বিৰুদ্ধে গ্ৰহণ কৰা সকলোধৰণৰ ব্যৱস্থাৰ বিষয়ে বিতংকৈ দাঙি ধৰা হৈছে ৷

লগতে পঢ়ক-জম্মু-কাশ্মীৰত DDC নিৰ্বাচনৰ প্ৰাৰ্থীলৈ দুৰ্বৃত্তৰ গুলীচালনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.