ETV Bharat / bharat

উত্তৰ-পূৱ দিল্লীৰ সংঘৰ্ষঃ ক্ষতিপূৰণ সন্দৰ্ভত চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চ ন্যায়ালয়ে

author img

By

Published : Jan 19, 2021, 6:11 PM IST

মঙলবাৰে দিল্লী উচ্চ ন্যায়ালয়ে উত্তৰ-পূৱ দিল্লীৰ সাম্প্ৰদায়িক সংঘৰ্ষত নিহত লোকৰ পৰিয়াল আৰু আহত লোকলৈ চৰকাৰে আগবঢ়োৱা সাহায্যৰ ধনৰাশিৰ পৰিমাণ বৃদ্ধিৰ বাবে জনোৱা আবেদনৰ শুনানি গ্ৰহণ কৰে । এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ আৰু আম আদমি পাৰ্টী নেতৃত্বাধীন দিল্লী চৰকাৰৰ পৰা প্ৰতিক্ৰিয়া বিচাৰিলে দিল্লী উচ্চ ন্যায়ালয়ে ।

উত্তৰ-পূৱ দিল্লীৰ সংঘৰ্ষঃ ক্ষতিপূৰণ সন্দৰ্ভত চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চ ন্যায়ালয়ে
উত্তৰ-পূৱ দিল্লীৰ সংঘৰ্ষঃ ক্ষতিপূৰণ সন্দৰ্ভত চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চ ন্যায়ালয়ে

নেশ্যনেল ডেস্ক, ১৯ জানুৱাৰী: বিগত বৰ্ষৰ ২৪ ফেব্ৰুৱাৰীত উত্তৰ-পূৱ দিল্লীত সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল । নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থক আৰু প্ৰতিবাদকাৰীৰ মাজৰ সংঘৰ্ষই ভয়াৱহ ৰূপ লৈছিল । ফলশ্ৰুতিত ৫৩ জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে প্ৰায় ২০০ জন লোক আহত হৈছিল । দিল্লী চৰকাৰে এইসকল লোকলৈ ১০ লাখ টকাৰ সাহায্য আগবঢ়াইছিল । কিন্তু ভুক্তভোগী লোকসকলে ১০ লাখৰ পৰিৱৰ্তে ১৫ লাখ টকা প্ৰদানৰ দাবী জনাই দিল্লী উচ্চ ন্যায়লয়ৰ দ্বাৰস্থ হৈছিল ।

মঙলবাৰে ন্যায়াধীশ প্ৰথিবা এম সিঙে এই আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়লয়ে কেন্দ্ৰীয় চৰকাৰ আৰু আম আদমি পাৰ্টী নেতৃত্বাধীন দিল্লী চৰকাৰক এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিয়ে । উত্তৰ দিয়াৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক আদালতে ৪ সপ্তাহৰ সময়সীমা নিৰ্ধাৰণ কৰি দিয়ে । পৰৱৰ্তী শুনানি অহা ৯ এপ্ৰিলত গ্ৰহণ কৰিব বুলিও ঘোষণা কৰে উচ্চ ন্যায়ালয়ে ।

লগতে পঢ়ক:COVID-১৯ঃ ভাৰতত নতুনকৈ ১০,০৬৪ জন আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.