ETV Bharat / bharat

পীযুষ গোৱেলৰ ক’ভিড-19 ৰ প্ৰতিষেধক গ্ৰহণ

author img

By

Published : Apr 1, 2021, 6:28 PM IST

কেন্দ্ৰীয় ৰেল মন্ত্ৰী পীযুষ গোৱেলে দিল্লীৰ অ'ল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল চাইনচেছ (এইমছ)ত ক’ভিড-19 ভেকছিনৰ প্ৰথম পালি গ্ৰহণ কৰে । লগতে টিকাকৰণৰ বাবে অন-ছাইট পঞ্জীয়ন কৰিব পাৰিব বুলিও জনায় স্বাস্থ্য মন্ত্ৰালয়ে ৷

Piyush Goyal takes first dose of COVID-19 vaccine at AIIMS
কেন্দ্ৰীয় ৰেল মন্ত্ৰী পীযুষ গোৱেলে দিল্লীৰ এইমছত ক’ভিড-19 ভেকছিনৰ প্ৰথম পালি গ্ৰহণ

নেচনেল ডেস্ক,1 এপ্ৰিল: বৃহস্পতিবাৰে দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়নন্সে (এইমছ)ত কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী পীযুষ গোৱেলে প্ৰথম পালি কৰ’ণাৰ প্ৰতিষেধক গ্ৰহণ কৰে । কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে মঙলবাৰে ঘোষণা কৰা মতে ১ এপ্ৰিল বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে ক’ৰণাৰ টিকাকৰণৰ তৃতীয় পৰ্যায়, য’ত ৪৫ বছৰতকৈ উৰ্ধৰ লোকক দিয়া হ’ব টিকা ।

লগতে পঢ়ক : অমিত শ্বাহ এজন মিছলীয়া ৰজা !

স্বাস্থ্য মন্ত্ৰালয়ৰ জনোৱা মতে, টিকাকৰণৰ বাবে অন-ছাইট কৰিব পাৰিব পঞ্জীয়ন ৷ আবেলি ৩ বজাৰ পিছত ইচ্ছুক লোকৰ নিকটতম টিকাকৰণ কেন্দ্ৰলৈ গৈ http://cowin.gov.in ৰ জৰিয়তে কৰিব পাৰিব অন-ছাইট পঞ্জীয়ন ৷

ইফালে, বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দেশত প্ৰয়োগ কৰা ক’ভিড-19 প্ৰতিষেধকৰ সংখ্যা এতিয়ালৈ ৬.৪৩ কোটি অতিক্ৰম কৰিছে বুলি কয় । উল্লেখযোগ্য যে, স্বাস্থ্য মন্ত্ৰালয়ে বৰ্তমান মুঠ ৬,৫১,১৭,৮৯৬ টা ক’ভিড-19 প্ৰতিষেধকৰ প্ৰদান কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.