ETV Bharat / bharat

সংসদৰ নিৰাপত্তা ভংগৰ গোচৰ; শৈকৃষ্ণ জাগালীক আটক

author img

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 1:42 PM IST

Parliament security breach: চলিত মাহৰ ১৩ তাৰিখে সংসদৰ নিৰাপত্তা ভংগৰ এক গোচৰ পোহৰলৈ আহিছিল ৷ এই গোচৰৰ আধাৰত দিল্লী আৰক্ষীয়ে ৩০ বছৰীয়া শৈকৃষ্ণ জাগালীক আটক কৰি জেৰা অব্যাহত ৰাখিছে ৷ লগতে এই গোচৰৰ চাৰিজন অভিযুক্ত মনোৰঞ্জন ডি, আমোল শ্বিদে, নীলম দেৱী আৰু সাগৰ শৰ্মাৰ আৰক্ষীৰ জিম্মাৰ সময়সীমা ২১ ডিচেম্বৰত শেষ হোৱা পিচত তেওঁলোকক পটিয়ালা হাউছ কোৰ্টত হাজিৰ কৰা হ’ব ।

Parliament security breach
সংসদৰ নিৰাপত্তা ভংগৰ গোচৰ

নেশ্যনেল ডেস্ক, ২১ ডিচেম্বৰ : যোৱা ১৩ ডিচেম্বৰত সংসদৰ নিৰাপত্তা ভংগৰ গোচৰৰ সৈতে জড়িত বগালকোটত এজন টেকনিকক গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে (Delhi Police has arrested a techie in Bagalkote)। জানিব পৰা মতে, ধৃত লোকজন ৩০ বছৰীয়া শৈকৃষ্ণ জাগালী বগালাকোটেৰ অৱসৰপ্ৰাপ্ত উপ আৰক্ষী অধীক্ষক বিটল মাগালুৰ পুত্ৰ । সম্প্ৰতি তেওঁক জেৰা অব্যাহত ৰাখিছে দিল্লী আৰক্ষীয়ে ।

এই গোচৰৰ অভিযুক্ত মনোৰঞ্জনৰ জেৰাৰ সময়তে নাম ওলাইছিল শৈকৃষ্ণৰ । সূত্ৰ অনুসৰি শৈকৃষ্ণ বাংগালুৰু ইনষ্টিটিউট অৱ টেকন’লজি (বিআইটি)ত মনোৰঞ্জনৰ সহপাঠী আছিল আৰু এনৰিচ ভিডিঅ’ কোম্পানীত ( Enrich Video Company) তেওঁ কৰ্মৰত আছিল ৷

সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, সংসদৰ নিৰাপত্তা ভংগৰ গোচৰৰ চাৰিজন অভিযুক্ত মনোৰঞ্জন ডি, আমোল শ্বিদে, নীলম দেৱী আৰু সাগৰ শৰ্মাৰ আৰক্ষীৰ জিম্মাৰ সময়সীমা ২১ ডিচেম্বৰত শেষ হ’ব ৷ তাৰ পিচত তেওঁলোকক পটিয়ালা হাউছ কোৰ্টত হাজিৰ কৰা হ’ব ।

লগতে পঢ়ক : অনুপ্ৰৱেশকাৰীক প্ৰৱেশৰ সুবিধা দিয়া বিজেপি সাংসদক এতিয়াও কিয় প্ৰশ্ন কৰা নাই; কংগ্ৰেছৰ অভিযোগ

২০০১ চনৰ সংসদীয় আক্ৰমণৰ ২২ বছৰীয়া জয়ন্তীত মনোৰঞ্জন ডি আৰু সাগৰ শৰ্মাই ধোঁৱাৰ কেনিষ্টাৰ খুলি শ্ল’গান দি সদনত জপিয়াই পৰাৰ সময়ত লোকসভাত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল ৷ সংসদৰ বাহিৰত তেওঁলোকৰ দুই সহযোগী নীলম দেৱী আৰু আমোল শ্বাইডে প্ৰতিবাদ সাব্যস্ত কৰিছিল ।

জানিব পৰা মতে, ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ প্ৰতাপ সিনহাৰ কাৰ্যালয়ে মনোৰঞ্জন ডিক দুটাকৈ প্ৰৱেশ পাছ প্ৰদান কৰিছিল । সংসদত জোতা পৰীক্ষা কৰা হোৱা নাছিল ৷ যাৰ ফলত এই অভিযুক্তই জোতাৰ ভিতৰত কেনিষ্টাৰ লুকুৱাই দৰ্শনাৰ্থী হিচাপে লোকসভাত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল ।

লগতে পঢ়ক : ১৯৯৪ চনতো সংসদৰ নিৰাপত্তা উলংঘন; ১৩ ডিচেম্বৰৰ ঘটনাত উত্তৰাখণ্ড সংযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.