ETV Bharat / bharat

Panipat Gang Rape Case : হাৰিয়ানাৰ নৃশংস গণধৰ্ষণ; সাত দিন পাছতো গ্ৰেপ্তাৰ কৰিব পৰা নাই অভিযুক্তক

author img

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 6:04 PM IST

Panipat Gang Rape Case
Panipat Gang Rape Case

পাণিপথত ডকাইতি আৰু চাৰিগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণৰ ক্ষেত্ৰত আৰক্ষীৰ হাতত এতিয়াও একো তথ্য নাই । হাৰিয়ানা আৰক্ষীৰ ৮০০ জোৱান আৰু ২২ টা দলে এই ভয়ংকৰ ৰহস্য সমাধানত নিয়োজিত হৈ আছে । আৰক্ষীয়ে ৩০০ ঘণ্টাৰ চিচিটিভি ফুটেজ স্কেন কৰিছে । কিন্তু আশ্চৰ্যজনকভাৱে এতিয়ালৈকে অপৰাধীৰ কোনো শুংসূত্ৰ পোৱা নাই । আনহাতে, এই নিৰ্মম দলবদ্ধ ধৰ্ষণৰ ভুক্তভোগীৰ গৰ্ভপাত হৈছে ।

নিউজ ডেস্ক, ২৮ ছেপ্টেম্বৰ : হাৰিয়ানাৰ পাণিপথ জিলাৰ মাতলাউদা আৰক্ষী থানা অঞ্চলত সাত দিন পূৰ্বে চাৰিগৰাকী মহিলা ধৰ্ষণৰ বলি হোৱা ঘটনাত আৰক্ষীৰ হাতত এতিয়াও কোনো তথ্য নাই । প্ৰায় ৮০০ আৰক্ষী কৰ্মী আৰু ২২ টা দলে এই গোচৰটোৰ তদন্তত নিৰন্তৰ নিয়োজিত হৈ আছে । কিন্তু আৰক্ষীয়ে এতিয়ালৈকে একো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই । পাণিপথ, কৰ্ণাল, জিন্দ, ৰোহতক আৰু সোণিপতৰ আৰক্ষী কৰ্মীসকলে বাহৰ পাতি আছে । তিনিজন আইপিএছ বিষয়াই গোচৰটোৰ প্ৰতিটো দিশ অনুসন্ধান কৰি আছে । একে সময়তে হাৰিয়ানাৰ ডিজিপি শত্ৰুজিৎ কাপুৰেও বিষয়টো নিজে নিৰীক্ষণ কৰি আছে ।

উল্লেখ্য যে সাত দিন পূৰ্বে ডকাইতে মাটলোদা আৰক্ষী থানা অঞ্চলৰ এখন মাছৰ ফাৰ্মত ধ্বংসযজ্ঞ চলাইছিল । উক্ত ঘটনাত এগৰাকী মহিলাই প্ৰাণ হেৰুৱাইছিল আৰু তিনিগৰাকী মহিলাক তেওঁলোকৰ স্বামী আৰু সন্তানৰ সন্মুখতে ধৰ্ষণ কৰা হৈছিল । দুৰ্বৃত্তই তৰোৱাল আৰু বন্দুক লৈ ফাৰ্মখনত প্ৰৱেশ কৰিছিল আৰু গোটেই নিশা মহিলাসকলক দলবদ্ধভাৱে ধৰ্ষণ কৰিছিল । এই ডকাইতকেইটাই নিৰ্যাতনৰ চূড়ান্ত সীমা অতিক্ৰম কৰি এগৰাকী ২ মাহৰ গৰ্ভৱতী মহিলাকো ৰেহাই দিয়া নাছিল আৰু গৰ্ভৱতী মহিলাগৰাকীক উপৰ্যুপৰি উৎপীড়ন চলায় ।

আনহাতে, নিপীড়িত মহিলাসকলৰ বাবে এই অত্যাচাৰ অভিশাপ হৈ পৰে । পীড়িত মহিলাসকলে সেই নিশাটোৰ কথা মনত পেলালেই তেওঁলোকৰ আত্মা কঁপি উঠে আৰু চকুপানী ববলৈ আৰম্ভ কৰে । তেওঁলোকে এতিয়াও উক্ত নিশাৰ নিৰ্যাতনৰ দংশনত জ্বলি আছে । আনহাতে, নিৰ্যাতনৰ বলি হোৱা গৰ্ভৱতী মহিলাগৰাকীৰ বুধবাৰে গৰ্ভপাত কৰোৱা হয় । দলবদ্ধ ধৰ্ষণৰ পিছত মহিলাগৰাকীৰ ৰক্তক্ষৰণ বন্ধ হোৱা নোহোৱাত বুধবাৰে চিকিৎসালয়ত চিকিৎসাৰ সময়ত তেওঁৰ গৰ্ভপাত হয় ।

এই ঘটনাটোৱে সমগ্ৰ ৰাজ্যখনকে লজ্জিত কৰি তুলিছে । আনহাতে, এই বিষয়টোক লৈ ৰাজনীতিও উত্তপ্ত হৈ পৰিছে । বিৰোধী দলে নিৰন্তৰ চৰকাৰক আক্ৰমণ কৰিবলৈ চেষ্টা কৰি আছে । বুধবাৰে কংগ্ৰেছ কৰ্মীসকলে প্ৰশাসনক এখন স্মাৰক-পত্ৰ দাখিল কৰে । তাত কোৱা হৈছে যে যদি তিনি দিনৰ ভিতৰত অপৰাধী ধৰা নপৰে, তেন্তে প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপিন্দৰ সিং হুডা আৰু সাংসদ দীপেন্দৰ হুডাই পাণিপথত ধৰ্ণাত বহিব ।

ইফালে প্ৰায় ৮০০ আৰক্ষী কৰ্মী আৰু ২২ টা বিশেষ দলে গোচৰটো সন্দৰ্ভত নিৰন্তৰ তদন্তত নিয়োজিত হৈ আছে । আৰক্ষীয়ে গাঁওবাসীৰ লগতে ওচৰৰ সকলোকে সোধাপোছা কৰিছে। আৰক্ষীয়ে প্ৰায় ১৫০০ লোকক আটক কৰি সোধাপোছা কৰিছে । কিন্তু অপৰাধীৰ কোনো শুংসূত্ৰ পোৱা হোৱা নাই । একেখন বাইকত উঠি অহা চাৰিজন দুৰ্বৃত্তই ইমান ডাঙৰ এটা ঘটনা সংঘটিত কৰে । কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে চিচিটিভিত ডকাইতকেইটাক ক'তো দেখা পোৱা যোৱা নাই । প্ৰায় ৩০০ ঘণ্টা চিচিটিভি চোৱাৰ পিছত একো তথ্য লাভ কৰা নাই । আনহাতে, ডকাইতৰ দলটোৱে ঘটনাস্থলীত মোবাইল ফোন বন্ধ কৰি ৰাখিছিল । যাৰ বাবে ঘটনাস্থলীত আন কোনো ফোনৰ অৱস্থান লাভ কৰা হোৱা নাই ।

এই সন্দৰ্ভত পাণিপথৰ এছপি অজিত সিং শ্বেখাৱতে কয়, "দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ তদন্ত চলি আছে । অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীৰ দলে নিৰন্তৰ বিভিন্ন ঠাইত অভিযান চলাই আছে । অভিযুক্তক যিমান সম্ভৱ সোনকালে গ্ৰেপ্তাৰ কৰা হ'ব ।"

লগতে পঢ়ক :Manipur Violence : ২ শিক্ষাৰ্থীৰ মৃত্যুৰ পাছতে পুনৰ উত্তাল পশ্চিম ইম্ফল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.