ETV Bharat / bharat

ভাৰতৰ আৰ্ণিয়া চেক্টৰত পাকিস্তানী ড্ৰোণ

author img

By

Published : May 14, 2022, 12:00 PM IST

Pakistani drone spotted over IB
ভাৰতৰ আৰ্ণিয়া চেক্টৰত পাকিস্তানী ড্ৰোণ

ভাৰত-পাকিস্তান সীমান্তত ড্ৰোণৰ কাৰ্যকলাপ বৃদ্ধি পাইছে (Pakistani drone activity in border area)। পাকিস্তানে ড্ৰোণৰ জৰিয়তে বহুতো অবৈধ কাৰ্যকলাপ অব্যাহত ৰাখিছে । ইয়াৰ মাজতে সীমান্তৰ আৰ.এছ.পুৰাৰ আৰ্ণিয়া চেক্টৰত সীমান্ত সুৰক্ষা বাহিনীয়ে ড্ৰোণ প্ৰত্যক্ষ কৰে । ড্ৰোণক লক্ষ্য কৰি গুলীচালনা নিৰাপত্তা বাহিনীৰ ।

নেশ্যনেল ডেস্ক, 14 মে' : সীমান্ত সুৰক্ষা বাহিনীয়ে (বিএছএফ) শনিবাৰে পুৱা 4.45 বজাত আৰ.এছ.পুৰা চেক্টৰত আন্তৰ্জাতিক সীমান্তৰ (আইবি) ভাৰতৰ ফালে এটা পাকিস্তানী ড্ৰোন প্ৰত্যক্ষ কৰে ৷ শেহতীয়া দিনবোৰত দেখা গৈছে যে পাকিস্তানে সীমান্ত অঞ্চলত ড্ৰোণৰ কাৰ্যকলাপ বৃদ্ধি কৰিছে (Pakistani drone activity increased in border area)। ড্ৰোণৰ ব্যৱহাৰ কৰি বিভিন্ন নিষিদ্ধ সামগ্ৰী আৰু অস্ত্ৰ-শস্ত্ৰ ভাৰতলৈ সৰবৰাহ কৰাৰ দৰেও কিছুমান কামত লিপ্ত হৈছে পাকিস্তান । কেৱল এয়াই নহয় ড্ৰোণৰ দ্বাৰা কেইবাবাৰো ভাৰতৰ সীমান্তত আক্ৰমণৰো চেষ্টা চলাইছে পাকিস্তানে । অৱশ্যে সীমান্ত অঞ্চলত সীমান্ত সুৰক্ষা বাহিনী তথা নিৰাপত্তা বাহিনী সষ্টম হৈ থকাৰ বাবে পাকিস্তানে বহুবাৰ বিফল হ'বলগীয়া হৈছে ।

চলিত বছৰটোত বহু পাকিস্তানী ড্ৰোণ ভাৰতৰ সীমান্তত দেখা গৈছে । তাৰে বহু ড্ৰোণ নিৰাপত্তা বাহিনীয়ে ধ্বংস কৰিবলৈ সক্ষম হৈছে আৰু আন কিছুমান পুনৰ পাকিস্তানলৈ ঘূৰি গৈছে । শেহতীয়াকৈ, সীমান্ত সুৰক্ষা বাহিনীয়ে পঞ্জাৱৰ সীমান্তত পাকিস্তানৰ ফালৰ পৰা অহা এটা ড্ৰোণ প্ৰত্যক্ষ কৰিছিল । ড্ৰোণটোৱে পঞ্জাৱৰ অমৃতসৰলৈ হেৰ'ইন সৰবৰাহৰ চেষ্টা কৰিছিল ।

অৱশ্যে ভাৰতীয় নিৰাপত্তা বাহিনীয়ে পাকিস্তানৰ এই অভিযান বিফল কৰিবলৈ সক্ষম হৈছিল । ইয়াৰ মাজতে সীমান্ত অঞ্চলত এটা সুৰংগ আৰু অক্সিজেন পাইপও উদ্ধাৰ হোৱাৰ লগে লগে ভাৰতীয় সেনা তথা নিৰাপত্তা বাহিনী অধিক সক্ৰিয় হৈ উঠিছে ।

কিন্তু ইয়াৰ মাজতো পাকিস্তানে ড্ৰোণৰ কাৰ্যকলাপ অব্যাহত ৰাখিছে । শনিবাৰে পুনৰ এক পাকিস্তানী ড্ৰোণ আৰ এছ পুৰাৰ আৰ্ণিয়া চেক্টৰত সীমান্ত সুৰক্ষা বাহিনীয়ে প্ৰত্যক্ষ কৰে (Paksitani Drone Spotted in Arnia)। লগে লগে সুৰক্ষা বাহিনীয়ে ড্ৰোণটো লৈ লক্ষ্য কৰি গুলীচালনা কৰে (BSF fired at Pakistani drone)।

কেইবা ৰাউণ্ড গুলী ফুটোৱাৰ পাছত ড্ৰোণটো পাকিস্তানৰ ফালে উভতি যায় । ইতিমধ্যে সমগ্ৰ অঞ্চলটোত কটকটীয়া বেষ্টনী গঢ়ি তোলা হৈছে । ড্ৰোণৰ কাৰ্যকলাপ ৰোধৰ বাবে সীমান্ত সুৰক্ষা বাহিনীক কঠোৰ হ'বলৈ নিৰ্দেশ দিছে শীৰ্ষ বিষয়াসকলে ।

লগতে পঢ়ক :জম্মু-কাশ্মীৰৰ পুলুৱামাত আৰক্ষীলৈ উগ্ৰপন্থীৰ গুলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.