ETV Bharat / bharat

Kashmiri separatist leader Yasin Malik : য়াছিন মালিকৰ পত্নীক পাক প্ৰধানমন্ত্ৰীৰ তত্ত্বাৱধায়কৰ বিশেষ উপদেষ্টা নিযুক্তি

author img

By

Published : Aug 18, 2023, 2:38 PM IST

কাৰাগাৰত বন্দী কাশ্মীৰী বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকৰ পত্নী তথা পাকিস্তানী নাগৰিক মুছাল হুছেইন মালিকক নৱনিযুক্ত তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰী আনৱাৰুল হক কাকাৰৰ পাঁচজনীয়া বিশেষ উপদেষ্টাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে ।

Kashmiri separatist leader Yasin Malik
Kashmiri separatist leader Yasin Malik

নেচনেল ডেস্ক, ১৮ আগষ্ট: কাৰাগাৰত বন্দী কাশ্মীৰী বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকৰ পত্নী মুছাল হুছেইন মালিকক পাকিস্তানে দেশখনৰ নৱনিযুক্ত তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰী আনৱাৰুল হক কাকাৰৰ বিশেষ উপদেষ্টা হিচাপে নিযুক্তি দিছে । ৰাষ্ট্ৰপতি আৰিফ আলভিয়ে ৰাষ্ট্ৰপতিয়ে আইৱান-ই-সদৰত ১৯ জনীয়া তত্বাৱধায়ক কেবিনেটক শপত গ্ৰহণ কৰোৱাৰ পিছত বৃহস্পতিবাৰে নিশা প্ৰকাশ কৰা প্ৰধানমন্ত্ৰীৰ পাঁচগৰাকী বিশেষ উপদেষ্টাৰ (এছএপিএম) তালিকাত তেওঁৰ নাম অন্তৰ্ভুক্ত কৰিছে ।

য়াছিন মালিকৰ সৈতে বিবাহপাশত আবদ্ধ পাকিস্তানী নাগৰিক মুছালক মানৱ অধিকাৰ আৰু মহিলা সবলীকৰণৰ ক্ষেত্ৰত তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰী কাকাৰৰ বিশেষ উপদেষ্টা হিচাপে নিযুক্ত কৰা হৈছে । উল্লেখ্য যে এজন বিশেষ উপদেষ্টাৰ কনিষ্ঠ মন্ত্ৰীতকৈ মৰ্যাদা কম যদিও তেওঁ কিন্তু মুখ্য প্ৰাসংগিক বিষয়ত প্ৰধানমন্ত্ৰীক সহায় আগবঢ়ায় ।

আন চাৰিগৰাকী বিশেষ উপদেষ্টাৰ ভিতৰত জাৱাদ চোহৰাব মালিকক বিদেশী পাকিস্তানীসকলৰ বাবে, ভাইচ এডমিৰেল (অৱসৰপ্ৰাপ্ত) ইফতিখাৰ ৰাওক সামুদ্ৰিক বিষয়ৰ উপদেষ্টা, টিভি এংকৰ তথা লেখিক ৱাছিহ শ্বাহক পৰ্যটনৰ ওপৰত আৰু চৈয়দা আৰিফা জেহৰাক ফেডাৰেল শিক্ষা আৰু পেছাদাৰী প্ৰশিক্ষণৰ উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছে । জম্মু-কাশ্মীৰ লিবাৰেচন ফ্ৰণ্টৰ (জেকেএলএফ) মুৰব্বী য়াছিনে ২০০৯ চনত ৰাৱালপিণ্ডিত পাকিস্তানী শিল্পী মুছালক বিয়া কৰাইছিল । ২০০৫ চনত য়াছিন পাকিস্তান ভ্ৰমণত থাকোঁতে দুয়ো একেলগ হৈছিল ।

মুছাল আৰু তেওঁৰ কন্যাই ইছলামাবাদত বাস কৰে । ১৯৮৫ চনত জন্মগ্ৰহণ কৰা মুছালে লণ্ডন স্কুল অব ইকনমিকছৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে । মে' মাহত সন্ত্ৰাসবাদীৰ পুঁজিৰ গোচৰত বিচাৰ আদালতে য়াছিনক যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান কৰে । আনহাতে, দিল্লীৰ তিহাৰ কাৰাগাৰত কাৰাদণ্ড ভোগ কৰি থকা য়াছিনৰ মৃত্যুদণ্ড বিচাৰি ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে ।

লগতে পঢ়ক: US presidential polls : ভাৰতীয়মূলৰ বিবেক ৰামাস্বামীক যোগ্য প্ৰাৰ্থী হিচাপে প্ৰশংসা মাস্কৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.