ETV Bharat / bharat

পাকিস্তানী হেকাৰৰ লক্ষ্য ইন্দোৰ আৰক্ষীৰ ৱেব ছাইট

author img

By

Published : Jul 15, 2021, 9:44 PM IST

এইবাৰ পাকিস্তানী হেকাৰে (Pakistani hacker) হেক কৰিলে মধ্য প্ৰদেশৰ ইন্দোৰ আৰক্ষীৰ এটা অফিছিয়েল ৱেব ছাইট । হেকাৰে আৰক্ষীৰ ৱেব ছাইট নিজৰ নিয়ন্ত্ৰণলৈ লৈ গৈ তাত হেকাৰ সংগঠনটোৰ নাম অন্তৰ্ভুক্ত কৰিছিল । লগতে 'পাকিস্তান জিন্দাবাদ' আৰু 'মুক্ত কাশ্মীৰ' বুলিও লিখিছিল ।

hacker targets Indore Police website
পাকিস্তানী হেকাৰৰ লক্ষ্য ইন্দোৰ আৰক্ষীৰ ৱেব ছাইট

নেশ্যনেল ডেস্ক,১৫ জুলাই : বিভিন্ন সময়ত বিদেশী হেকাৰৰ (hacker) লক্ষ্য থাকে ভাৰতৰ ওপৰত । ইয়াৰ জনসাধাৰণ অথবা বিভিন্ন প্ৰতিষ্ঠানক বিদেশৰ হেকাৰে লক্ষ্য হিচাপে লোৱা দেখা যায় । প্ৰতি বছৰে বহুলোক হেকাৰৰ বলি হৈ আহিছে আৰু বিদেশী হেকাৰে লাখ লাখ টকা হৰলুকি কৰা ঘটনাও সংঘটিত হৈ আহিছে ।

আনহাতে বিশেষকৈ পাকিস্তানৰ হেকাৰ সকলে দেশৰ প্ৰতিৰক্ষা বা সুৰক্ষা ব্যৱস্থাৰ বিষয়ে তথ্য সংগ্ৰহৰ বাবে বিভিন্ন ৱেব ছাইট হেক কৰি আহিছে । এইবাৰ পাকিস্তানী হেকাৰে (Pakistani hacker) হেক কৰিলে মধ্য প্ৰদেশৰ ইন্দোৰ আৰক্ষীৰ এটা অফিছিয়েল ৱেব ছাইট । হেকাৰে আৰক্ষীৰ ৱেব ছাইট নিজৰ নিয়ন্ত্ৰণলৈ লৈ গৈ তাত হেকাৰ সংগঠনটোৰ নাম অন্তৰ্ভুক্ত কৰিছিল । লগতে 'পাকিস্তান জিন্দাবাদ' আৰু 'মুক্ত কাশ্মীৰ' বুলিও লিখিছিল ।

ইন্দোৰ আৰক্ষীয়ে জনোৱা মতে হেকাৰজনক মহম্মদ বিলাল খান বুলি চিনাক্ত কৰা হৈছে । শেহতীয়াকৈ পাকিস্তানৰ সৈতে সম্পৰ্ক থকা আৰু গুপ্তচৰ হিচাপে কাম কৰা দুগৰাকী ভগ্নীক আটক কৰিছে আৰক্ষীয়ে । এই দুই ভগ্নীৰ সৈতে বিলালৰ সম্পৰ্ক আছে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে । অৱশ্যে এতিয়াও এই কথা নিশ্চিত হোৱা নাই আৰু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

কিন্তু ইন্দোৰ আৰক্ষীয়ে জনোৱা মতে পাকিস্তানী ব্যক্তিসকলৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত মহু জিলাৰ পৰা আটক কৰা দুই ভগ্নীৰ তদন্তৰ সময়তো মহম্মদ বিলাল খানৰ নাম ওলাইছিল । ইন্দোৰৰ আৰক্ষী মহাপৰিদৰ্শক (Indore IG) হৰি নাৰায়ণচাৰি মিশ্ৰৰ মতে হেক হোৱা ৱেব ছাইটো বহু চেষ্টাৰ অন্তত উদ্ধাৰ কৰা হৈছে । লগতে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বিভিন্ন ধাৰাৰ অধীনত অজ্ঞাত অভিযুক্তজনৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি চাইবাৰ বিশেষজ্ঞ দলে তদন্ত অব্যাহত ৰাখিছে । আৰক্ষী মহাপৰিদৰ্শকৰ মতে আৰক্ষীয়ে হেকাৰজনৰ আইপি ঠিকনা (IP address) বিচাৰি উলিয়াইছে আৰু আইপি ঠিকনা ব্যৱহাৰ কৰি অভিযুক্তজনক ধৰিবলৈ আৰক্ষীয়ে চেষ্টা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :দেশত চেঞ্চুৰী কোবালে পেট্ৰ'ল-ডিজেলৰ মূল্যই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.