ETV Bharat / bharat

দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ হ'ব নূপুৰ শৰ্মা : আছাদুদ্দিন ওৱেচি

author img

By

Published : Jun 19, 2022, 6:52 PM IST

হজৰত মহম্মদ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰা নূপুৰ শৰ্মাক গ্ৰেপ্তাৰৰ দাবী আছাদুদ্দিন ওৱেচিৰ (Owaisi demands arrest of Nupur Sharma)। নূপুৰ শৰ্মাৰ বিৰুদ্ধে AIMIM দলে এক অভিযোগ দাখিল কৰিছে । দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ হ'ব পাৰে নূপুৰ শৰ্মা ।

Nupur Sharma
দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ হ'ব নুপূৰ শৰ্মা

নেশ্যনেল ডেস্ক,১৯ জুন : নিলম্বিত বিজেপি নেত্ৰী নূপুৰ শৰ্মাই হজৰত মহম্মদ সম্পৰ্কে কৰা বিতৰ্কিত মন্তব্যক (Prophet Muhammad controversy) লৈ দেশৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে । ইতিমধ্যে এই বিষয়টোক লৈ বিৰোধী দলসমূহেও প্ৰতিক্ৰিয়া অব্যাহত ৰাখিছে । নূপুৰ শৰ্মাক গ্ৰেপ্তাৰৰ দাবী জনাইছে বিৰোধী নেতাসকলে । এইবাৰ AIMIMৰ সভাপতি আছাদুদ্দিন ওৱেচিয়ে নূপুৰ শৰ্মাক গ্ৰেপ্তাৰৰ দাবী জনাইছে (Asaduddin Owaisi demands arrest of Nupur Sharma)।

আছাদুদ্দিন ওৱেচিয়ে কয় যে, ভাৰতীয় আইন অনুসৰি নূপুৰ শৰ্মাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত । নূপুৰ শৰ্মাৰ ৰাজনৈতিক ভৱিষ্যৎ সম্পৰ্কেও ওৱেচিয়ে মন্তব্য কৰে । তেওঁৰ মতে নূপুৰ শৰ্মাক ভৱিষ্যতে এগৰাকী ডাঙৰ নেতা হিচাপে প্ৰক্ষেপ কৰাৰ সম্ভাৱনা আছে আৰু দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ হ'ব পাৰে নূপুৰ শৰ্মা ।

তেওঁৰ মতে, বিজেপিয়ে নূপুৰ শৰ্মাক সুৰক্ষা প্ৰদান কৰি আছে । তেলেংগানাৰ মুখ্যমন্ত্ৰীক নূপুৰ শৰ্মাক গ্ৰেপ্তাৰ কৰি তেলেংগানালৈ আনিবলৈ আহ্বান জনায় ওৱেচিয়ে । তেওঁ উল্লেখ কৰা মতে, নূপুৰ শৰ্মাৰ বিৰুদ্ধে AIMIM দলে এক অভিযোগ দাখিল কৰিছে ।

আনহাতে, সমগ্ৰ বিতৰ্কক লৈ উত্তৰ প্ৰদেশত উত্তাল প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে (Protest in UP over Nupur Sharma controversy)। ইতিমধ্যে প্ৰতিবাদ হিংসাত্মক ৰূপ ধাৰণ কৰিছে । উত্তৰ প্ৰদেশ চৰকাৰে প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাও দেখা গৈছে ।

উত্তৰ প্ৰদেশ চৰকাৰৰ দমনমূলক নীতিকো সমালোচনা কৰে ওৱেচিয়ে । চৰকাৰে প্ৰতিবাদত জড়িত লোকৰ বাসগৃহত উচ্ছেদ চলোৱা কাৰ্যক গৰিহণা দিয়ে নেতাগৰাকীয়ে । উত্তৰ প্ৰদেশ চৰকাৰক সমালোচনা কৰি নেতাগৰাকীয়ে কয় যে, প্ৰকৃততে আদলতেহে নিৰ্ণয় কৰিব উক্ত উচ্ছেদিত লোক প্ৰতিবাদত জড়িত হয় নে নহয় ।

লগতে পঢ়ক :Bulldozers reign in BJP ruled state : বুলডোজাৰৰ ৰাজত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.