দিল্লী-মিৰাট এক্সপ্ৰেছৱেত দুই ডজনৰো অধিক বাহনৰ মাজত সংঘৰ্ষ

author img

By

Published : Nov 5, 2021, 5:22 PM IST

Over two dozen vehicles collide due to fog on Delhi-Meerut Expressway

ঘন কুঁৱলী আৰু কম পোহৰৰ ফলত দিল্লী-মিৰাট এক্সপ্ৰেছৱেৰ ওচৰত দুই ডজনৰো অধিক বাহন দুৰ্ঘটনাত পতিত হৈছে ৷ এই সংঘৰ্ষত কেইবাজনো লোক আঘাতপ্ৰাপ্ত হয় ৷

নেশ্যনেল ডেস্ক, 5 নৱেম্বৰ : শুকুৰবাৰে পুৱা দিল্লী-মিৰাট এক্সপ্ৰেছৱেৰ ওচৰত প্ৰায় দুই ডজনৰো অধিক বাহন মাজত সংঘৰ্ষৰ সৃষ্টি হয় ৷ ঘন কুঁৱলী আৰু কম পোহৰৰ ফলত হোৱা এই সংঘৰ্ষত কেইবাজনো লোক আঘাতপ্ৰাপ্ত হয় ৷

ঘটনাস্থলীত স্থানীয় আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনী আৰু এম্বুলেন্স আহি উপস্থিত হোৱাৰ পাচত আহত সকলক চিকিৎসালয়লৈ লৈ যোৱা হয় ৷ পথটোত চলাচল ব্যাহত হৈ পৰাত ক্ৰেনেৰে ক্ষতিগ্ৰস্ত গাড়ীবোৰ ৰাজপথৰ পৰা আতঁৰাবলগীয়া হয় ৷ পিছত আৰক্ষীয়ে যান জঁট নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷

পঢ়ক : দীপাৱলীৰ পিছতেই বিপদজনক স্তৰত উপনীত ৰাজধানী দিল্লীৰ বায়ুৰ মানদণ্ড

দীপাৱলীৰ নিশাৰ পিছতেই শুকুৰবাৰে ৰাতিপুৱা দেশৰ ৰাজধানী দিল্লীত বায়ুৰ মানদণ্ড অতিকে নিম্নগামী হৈ পৰা গৈছে ৷ দিল্লীৰ বিভিন্ন প্ৰান্তত বায়ুৰ মানদণ্ডই বিপদজনক মাত্ৰাত প্ৰৱেশ কৰিছে ৷ পুৱা আঠ বজাত কেইবাটাও স্থানত এ কিউ আই (AQI) 450 ৰ আশে-পাশে পোৱা গৈছে ৷

যদিওবা দিল্লীত আতচবাজী নিষিদ্ধ কৰা হৈছিল, তথাপি বিভিন্ন অঞ্চলৰ পৰা অহা আতচবাজীৰ শব্দ, ধোঁৱা আৰু গুৰুতৰ স্তৰৰ প্ৰদূষণে জনসাধাৰণ আৰু পৰিকল্পনা সংস্থাসমূহৰ মাজৰ সহযোগিতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে ৷

লগতে পঢ়ক : অনাগত মাহত পুনৰ বৃদ্ধি হ'ব পেট্ৰ'ল-ডিজেলৰ মূল্য !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.