ETV Bharat / bharat

No confidence motion against BJP govt : বিৰোধীৰ অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত ২ আগষ্টত হ'ব আলোচনা

author img

By

Published : Jul 31, 2023, 6:59 AM IST

No confidence motion against BJP govt
বিৰোধীৰ অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত ২ আগষ্টত হ'ব আলোচনা

যোৱা ২৬ জুলাইত কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে লোকসভাত বিজেপি চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিছিল । ইতিমধ্যে বিভিন্ন বিৰোধী দলে কংগ্ৰেছৰ এই অনাস্থা প্ৰস্তাৱক সমৰ্থন জনাইছে । ২ আগষ্টত লোকসভাত এই সন্দৰ্ভত বিস্তৃত আলোচনা হোৱাৰ সম্ভাৱনা আছে ।

নেশ্যনেল ডেস্ক,৩১ জুলাই : যোৱা ২০ জুলাইৰ পৰা আৰম্ভ হৈছে সংসদৰ বৰ্ষাকালীন অধিৱেশন । কিন্তু প্ৰথম দিনাৰ পৰাই মণিপুৰৰ পৰিস্থিতিকলৈ সদনত অচলাৱস্থাই বিৰাজ কৰিছে । চৰকাৰৰ বিৰুদ্ধে বিৰোধীয়ে সদনত বিভিন্ন ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে । আনকি সদনত বিৰোধীয়ে নৰেন্দ্ৰ মোডী চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱো উত্থাপন কৰিছে । মুখ্য বিৰোধী কংগ্ৰেছে নৰেন্দ্ৰ মোদী চৰকাৰৰ বিৰুদ্ধে উত্থাপন কৰা অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত ২ আগষ্টত লোকসভাত আলোচনা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে ।

এক বিশেষ সূত্ৰই এই কথা জনাইছে । সূত্ৰৰ মতে অধ্যক্ষ ওম বিৰলাৰ অধ্যক্ষতাত লোকসভাৰ কাৰ্যকৰী উপদেষ্টা সমিতিৰ (Business advisory committee) সোমবাৰে বৈঠক অনুষ্ঠিত হ'ব বুলি আশা কৰা হৈছে । য'ত সপ্তাহটোৰ বাবে কাৰ্যক্ৰম চূড়ান্ত কৰা হ'ব ।

সূত্ৰৰ মতে বৈঠকৰ সময়ত অনাস্থা প্ৰস্তাৱৰ ওপৰত আলোচনাৰ তাৰিখ ২ আগষ্টৰ বাবে চূড়ান্ত কৰাৰ সম্ভাৱনা আছে । বিএচি বৈঠক অনুষ্ঠিত হ'ব বুলি উল্লেখ কৰি সূত্ৰটোৱে কয় যে, প্ৰধানমন্ত্ৰীয়ে ১ আগষ্টত দিনজোৰা পুনে ভ্ৰমণলৈ যাব, সেয়েহে অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত আলোচনা ২ আগষ্টত আৰম্ভ হোৱাৰ সম্ভাৱনা আছে ।

নিয়ম অনুসৰি, প্ৰধানমন্ত্ৰীয়ে অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত হোৱা আলোচনাৰ উত্তৰ দিব লাগিব । অনাস্থা প্ৰস্তাৱ যোৱা ২৬ জুলাইত লোকসভাত উত্থাপন কৰা হৈছিল । নিয়ম ১৯৩-ৰ অধীনত অসমৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে প্ৰস্তাৱটো উত্থাপন কৰিছিল । তেওঁ কৈছিল যে, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ ওপৰত কোনো বিশ্বাস নাই । অধ্যক্ষই অনাস্থা প্ৰস্তাৱ লাভ কৰাৰ কথা ঘোষণা কৰাৰ পাছত, তেওঁ এই পদক্ষেপক সমৰ্থন কৰা সাংসদৰ সংখ্যা জানিবলৈ বিচাৰিছিল ।

২৬ জুলাইত প্ৰস্তাৱিত অনাস্থা প্ৰস্তাৱৰ প্ৰতি সমৰ্থন দেখুৱাবলৈ সকলো কংগ্ৰেছ, বাওঁপন্থী, তৃণমূল কংগ্ৰেছ, জেডি-ইউ, নেচনেল কনফাৰেন্স, এনচিপি, আপ, সমাজবাদী পাৰ্টি আৰু শিৱসেনা-ইউবিটি সাংসদসকলে থিয় দিছিল ।

ইফালে অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত লোকসভাত আলোচনা আৰম্ভ হোৱাৰ সময়ত গৌৰৱ গগৈ অথবা কংগ্ৰেছৰ আন কোনো সাংসদে এই প্ৰক্ৰিয়া আৰম্ভ কৰিব । আলোচনাৰ বাবে সাধাৰণতে ১০ৰ পৰা ১২ ঘণ্টাৰ সময় থাকে । উল্লেখ্য যে, মণিপুৰ সন্দৰ্ভত বিৰোধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিবৃতিৰ দাবী জনাই আহিছে । কিন্তু প্ৰধানমন্ত্ৰীয়ে বিৰোধীৰ দাবীৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াত বিৰোধী কংগ্ৰেছে এই অনাস্থা প্ৰস্তাৱ উত্থাপন কৰে ।

লগতে পঢ়ক :INDIA MPs Manipur visit: মণিপুৰ ভ্ৰমণ সামৰি দিল্লীত উপস্থিত বিৰোধী ঐক্যৰ 20 সাংসদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.