ETV Bharat / bharat

Opposition Patna Meet: বিৰোধীৰ সৰ্বদলীয় বৈঠক; 2024ত বিজেপিৰ বিৰুদ্ধে একেলগে যুঁজ দিয়াৰ সিদ্ধান্ত

author img

By

Published : Jun 23, 2023, 6:38 PM IST

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ অধ্যক্ষতাত শুকুৰবাৰে পাটনাত অনুষ্ঠিত হ’ল বিৰোধী দলৰ উমৈহতীয়া বৈঠক ৷ বৈঠক অংশগ্ৰহণ কৰে দেশৰ 17 টা বিৰোধী ৰাজনৈতিক দলে ৷ বৈঠকত বিজেপিৰ বিৰুদ্ধে একলগে যুঁজ দিয়াৰ সিদ্ধান্ত গ্ৰহণ ৷

Opposition Patna Meet
Opposition Patna Meet

নেশ্যনেল ডেস্ক, 23 জুন: 2024 চনৰ লোকসভা নিৰ্বাচনত বিজেপিক প্ৰত্যাহ্বান জনাবলৈ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ তৎপৰতাত একত্ৰিত হৈছে দেশৰ বিৰোধী ৰাজনৈতিক দলসমূহ ৷ শুকুৰবাৰে বিহাৰৰ পাটনাত 17 টা বিৰোধী দলে বৈঠকত মিলিত হয় ৷ এই বৈঠকত 2024 ৰ নিৰ্বাচনত কি দৰে বিজেপিক পৰাভূত কৰিব পাৰি সেই সম্পৰ্ক বিশদভাৱে আলোচনা কৰে দলকেইটাই ৷ নীতিশ কুমাৰৰ অধ্যক্ষতাত বৈঠক সমাপ্ত হোৱাৰ পাচতেই বৈঠকত লোৱা সিদ্ধান্তসমূহ অৱগত কৰি এক সৰ্বদলীয় সংবাদমেল সম্বোধন কৰা হয় ৷

প্ৰায় চাৰি ঘণ্টা ধৰি চলি থকা বৈঠকৰ পিচত সম্বোধন কৰা এই যুটীয়া সংবাদমেলত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কয় যে কেইদিনমানৰ ভিতৰত বিজেপিৰ বিৰুদ্ধে একেলগে যুঁজ দিয়াৰ পৰিকল্পনাক চূড়ান্ত ৰূপ দিবলৈ সকলো দল বৈঠকত মিলিত হ’ব ৷ তেওঁ লগতে কয়,‘‘17 টা দলে একেলগে কাম কৰাৰ আৰু লোকসভা নিৰ্বাচনত ঐক্যবদ্ধভাৱে প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত লৈছে ৷’’

তেওঁ লগতে কয়, ‘‘আমি এক উমৈহতীয়া কাৰ্যসূচী প্ৰস্তুত কৰাৰ সিদ্ধান্ত লৈছোঁ আৰু কেনেদৰে আগবাঢ়িব লাগে সেই বিষয়ে পৰৱৰ্তী বৈঠকত সিদ্ধান্ত লম ৷ আমি প্ৰতিখন ৰাজ্যৰ বাবে পৃথক পৰিকল্পনা বিকশিত কৰিব লাগিব আৰু আমি কেন্দ্ৰত বিজেপিক সিংহাসনচ্যুত কৰিবলৈ একেলগে কাম কৰিম ৷’’

সংবাদমেলত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে এই বৈঠকত সকলো বিৰোধী দলে বিজেপিৰ বিৰুদ্ধে একত্ৰিত হৈ যুঁজ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ তেওঁ লগতে কয়, ‘‘আমি সকলো একত্ৰিত আৰু আমি একতাৰে যুঁজ দিম ৷ আমাৰ উদ্দেশ্যে হৈছে ফেচিষ্ট চৰকাৰৰ বিৰুদ্ধে মাত মতা ৷ বিজেপিয়ে একনায়কত্ববাদ চলাই আছে ৷ নিৰ্বাচিত চৰকাৰসমূহক বিজেপিয়ে গুৰুত্ব প্ৰদান নকৰি নিজ ইচ্ছামতে সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ বিজেপিয়ে সাধাৰণ জনতাৰ বাবে কেতিয়াও চিন্তা কৰা নাই ৷ দেশৰ অৰ্থনীতি যে ধ্বংস হৈছে সেই কথাও বিজেপিয়ে চিন্তা কৰা নাই ৷’’

সংবাদমেলত NCPৰ মুৰব্বী শাৰদ পাৱাৰে কয় যে যি ৰাজ্যত বিজেপিৰ চৰকাৰ নাই সেই ৰাজ্যৰ প্ৰতি কেন্দ্ৰই গুৰুত্ব প্ৰদান নকৰে ৷ বৈঠক বিজেপিৰ বিৰুদ্ধে একত্ৰিত হৈ যুঁজ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলিও শাৰদ পাৱাৰে উল্লেখ কৰে ৷

আনহাতে কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা PDP দলৰ মুৰব্বী মেহবুবা মুফতিয়ে কয়,‘‘বিজেপিৰ শাসন কালত দেশৰ সংবিধানৰ ওপৰত আক্ৰমণ হৈছে ৷ সংখ্যালঘুসকলক দমন কৰি ৰখা হৈছে ৷ আমি কেতিয়াও মহাত্মা গান্ধীৰ এই দেশক নাথুৰাম গডছেৰ দেশ হ’বলৈ নিদিও ৷’’

ইফালে শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰেই কয়, ‘‘আমি সকলো বেলেগ বেলেগ ৰাজনৈকি দলৰ, আমাৰ বিচাৰ ধাৰা বেলেগে বেলেগ ৷ কিন্তু আমাৰ দেশ এখন ৷ দেশৰ একতা আৰু অখণ্ডতা বৰ্তাই ৰাখিবলৈ আমি একত্ৰিত হৈ বিজেপিৰ বিপক্ষে যুঁজ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ৷ দেশত প্ৰজাতন্ত্ৰৰ ওপৰত আঘাত কৰা শক্তিৰ বিৰুদ্ধে আমি সদায় একেলগে যুঁজ দিম ৷’’

উল্লেখ্য যে বিৰোধীৰ দ্বিতীয়খন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হ’ব ছিমলাত ৷ বৈঠকৰ অধ্যক্ষতা কৰিব নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেয়ে ৷ সেই বৈঠকতেই গ্ৰহণ কৰা হ’ব চূড়ান্ত সিদ্ধান্ত ৷

শুকুৰবাৰৰ বৈঠকত অংশগ্ৰহণ কৰে কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ (টিএমচি), আম আদমী পাৰ্টি (আপ), নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (এনচিপি), শিৱসেনা , দ্ৰাবিড় মুন্নেত্ৰা কাজাগাম (ডিএমকে), ঝাৰখণ্ড মুক্তি মৰ্চা (জেএমএম), সমাজবাদী পাৰ্টি (এছপি), ৰাষ্ট্ৰীয় সন্মিলন (এনচি পিপলছ ডেমক্ৰেটিক পাৰ্টি, চিপিআই, চিপিআইপিএম, জনতা দল ইউনাইটেড (জেডিইউ), ৰাষ্ট্ৰীয় জনতা দল (আৰজেডি) আদি বিৰোধী ৰাজনৈতিক দলে ৷

লগতে পঢ়ক: JP Nadda slams Bihar CM : বিৰোধী দলৰ বৈঠক, বিৰোধীক তীব্ৰ সমালোচনা জে পি নাড্ডাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.