ETV Bharat / bharat

Apple Alert on Attacks : ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত আক্ৰমণৰ সতৰ্কতা এপলৰ; বিৰোধী নেতাৰ দাবী

author img

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 2:24 PM IST

দেশৰ কেইবাজনো বিৰোধী নেতাই মঙলবাৰে এই কথা দাবী কৰিছে যে তেওঁলোকে এপলৰ পৰা এক সতৰ্কবাৰ্তা লাভ কৰিছে । এই সতৰ্কবাৰ্তাত তেওঁলোকৰ আইফোনত 'ৰাষ্ট্ৰীয় পৃষ্ঠপোষকতাত আক্ৰমণকাৰীসকলে দূৰৈৰ পৰা আক্ৰমণ কৰিবলৈ চেষ্টা কৰা' বুলি তেওঁলোকক সতৰ্ক কৰি দিয়া বুলি দাবী কৰিছে । লগতে এই সতৰ্কবাৰ্তাৰ স্ক্ৰীণশ্বট তেওঁলোকৰ এক্স হেণ্ডেলত পোষ্ট কৰিছে ।

ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত আক্ৰমণৰ সতৰ্কতা এপলৰ; বিৰোধী নেতাৰ দাবী
Apple Alert on Attacks

নিউজ ডেস্ক, ৩১ অক্টোবৰ : কেইবাজনো বিৰোধী নেতাৰ দাবী যে তেওঁলোকক আক্ৰমণৰ চেষ্টা চলোৱা হৈছে । এইসকল বিৰোধী নেতাই মঙলবাৰে এপলৰ পৰা এক সতৰ্কবাৰ্তা লাভ কৰা বুলিও দাবী কৰিছে । তেওঁলোকৰ দাবী, তেওঁলোকৰ আইফোনত 'ৰাষ্ট্ৰীয় পৃষ্ঠপোষকতাত আক্ৰমণকাৰীসকলে দূৰৈৰ পৰা আক্ৰমণ কৰিবলৈ চেষ্টা কৰা'ৰ সতৰ্কবাণী লাভ কৰিছে । আনহাতে, তেওঁলোকৰ এক্স হেণ্ডেলত এই অভিযোগৰ স্ক্ৰীণশ্বটবোৰো পোষ্ট কৰিছে । তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰ, শিৱসেনাৰ (ইউবিটি) প্ৰিয়ংকা চতুৰ্বেদী, কংগ্ৰেছৰ লোকসভাৰ সাংসদ শশী থাৰুৰ আৰু সংবাদ মাধ্যম আৰু প্ৰচাৰ বিভাগৰ মুৰব্বী পৱন খেৰাই এক্সত এই স্ক্ৰীণশ্বটসমূহ শ্বেয়াৰ কৰিছে ।

আনহাতে, পিটিআয়ে বিষয়টোৰ ওপৰত মন্তব্য গ্ৰহণৰ বাবে এপলৰ কাষ চাপে যদিও এপল কৰ্তৃপক্ষৰ পৰা তাৎক্ষণিকভাৱে কোনো সঁহাৰি পোৱা নাই । "এপলৰ পৰা লাভ কৰা মেছেজ আৰু ইমেইলত মোক সতৰ্ক কৰি দিছে যে চৰকাৰে মোৰ ফোন আৰু ইমেইল হেক কৰিবলৈ চেষ্টা কৰিছে । ভাৰতৰ গৃহ মন্ত্ৰালয়- এটা জীৱন ৰক্ষা কৰক । আদানি আৰু পিএমঅ'ৰ উৎপীড়ন - আপোনালোকৰ ভয়ৰ বাবে মোৰ দয়া উপজিছে ।" মহুৱা মৈত্ৰই স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি কয় ।

ইয়াৰ উপৰি পোষ্টটোত চতুৰ্বেদীক টেগ কৰি তেওঁ দাবী কৰে যে বিৰোধী ইণ্ডিয়া মিত্ৰজোঁটৰ আন তিনিজন নেতায়ো একে ধৰণৰ বাৰ্তা লাভ কৰিছে । চতুৰ্বেদীয়েও একে ধৰণৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰিছে আৰু সেইটো তেওঁ এপলৰ পৰা লাভ কৰা বুলি দাবী কৰিছে । লগতে কয়, "কোন আচৰিত হ'ব ? আপোনাৰ বাবে লজ্জাৰ বিষয় । চিঃচিঃ : ভাৰতৰ গৃহ মন্ত্ৰালয়, আপোনাৰ মনোযোগ আকৰ্ষণ কৰিলোঁ ।"

আনহাতে, মহুৱা মৈত্ৰৰ পোষ্টৰ উত্তৰ দি তেওঁ কয়, "কেৱল ময়ে নহয়, মহুৱা মৈত্ৰয়ো এপলৰ পৰা এই সতৰ্কবাণী লাভ কৰিছে । গৃহ মন্ত্ৰালয়, আপোনালোকে তদন্ত কৰিবনে ?" তিৰুৱন্তপুৰমৰ কংগ্ৰেছ সাংসদ শশী থাৰুৰেও তেওঁ একে ধৰণৰ বাৰ্তা পোৱাৰ বিষয়ে এটা পোষ্ট শ্বেয়াৰ কৰিছে ।

"এটা এপল আইডিৰ পৰা ভাবুকিৰ জাননী লাভ কৰিছোঁ, যিটো মই প্ৰমাণ কৰিছোঁ । সত্যতা নিশ্চিত কৰা হৈছে । মোৰ দৰে কৰদাতাৰ ব্যয়েৰে নিয়োজিত বিষয়াসকলক ব্যস্ত ৰখাৰ বাবে আনন্দিত ! কৰিবলগা আৰু একো গুৰুত্বপূৰ্ণ কাম নাই নেকি ?" তেওঁ এক্সত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, কংগ্ৰেছ, দলৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীকো টেগ কৰি এনেদৰে কয় । আনহাতে, কংগ্ৰেছ নেতা খেৰাই এক্সত একে ধৰণৰ বাৰ্তাৰ এটা স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি কৈছে, "মৰমৰ মোদী চৰকাৰ, আপোনালোকে এনেকুৱা কিয় কৰি আছে ?"

ইফালে এআইএমআইএমৰ মুৰব্বী তথা সাংসদ আছাদুদ্দিন ওৱাইচিয়ে কয় যে আক্ৰমণকাৰীসকলে তেওঁৰ ফোনটোও লক্ষ্য কৰি ল'ব পাৰে বুলি যোৱা নিশা এপলৰ পৰা সাৱধানবাণী লাভ কৰিছে ।

সাংসদসকলে শ্বেয়াৰ কৰা বাৰ্তাটোত কোৱা হৈছে, "সতৰ্কবাণী : ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত আক্ৰমণকাৰীসকলে আপোনাৰ আইফোনক লক্ষ্য কৰি ল'ব পাৰে ।" "এপলে বিশ্বাস কৰে যে আপোনাক ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত আক্ৰমণকাৰীসকলে লক্ষ্য কৰি লৈছে, যিয়ে আপোনাৰ এপল আইডিৰ সৈতে সম্পৰ্কিত আইফোনৰ সৈতে দূৰৈৰ পৰা আক্ৰমণ কৰিবলৈ চেষ্টা কৰি আছে । এই আক্ৰমণকাৰীসকলে আপুনি কোন বা আপুনি কি কৰে তাৰ বাবে আপোনাক ব্যক্তিগতভাৱে লক্ষ্য কৰি লোৱাৰ সম্ভাৱনা আছে । যদি আপোনাৰ ডিভাইচটো ৰাষ্ট্ৰই পৃষ্ঠপোষকতা কৰা আক্ৰমণকাৰী এজনৰ দ্বাৰা যোগাযোগ কৰা হয়, তেওঁলোকে আপোনাৰ সংবেদনশীল ডাটা, যোগাযোগ বা আনকি কেমেৰা আৰু মাইক্ৰ'ফোনত দূৰৈৰ পৰাই প্ৰৱেশ কৰিবলৈ সক্ষম হ'ব পাৰে । অৱশ্যে এইটোও সম্ভৱ পাৰে যে এইটো এটা মিছা সতৰ্কবাণী, তথাপিও অনুগ্ৰহ কৰি এই সতৰ্কবাণীটো গুৰুত্বসহকাৰে লওক ।" এপলে উল্লেখ কৰিছে ।

লগতে পঢ়ক :National Unity Day : ৰাষ্ট্ৰীয় একতা দিৱসত লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলক স্মৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.