ETV Bharat / bharat

Online threats to journalists: জম্মু-কাশ্মীৰত কেইবাগৰাকীও সাংবাদিকক অনলাইন যোগে ভাবুকি

author img

By

Published : Nov 24, 2022, 7:45 PM IST

Online threats to journalists: Raids at srinagar, budgam and Pulwama underway
Online threats to journalists:সাংবাদিকক অনলাইনযোগে ভাবুকি দিয়াৰ সন্দৰ্ভত তিনি জিলাৰ ভিন্ন স্থানত আৰক্ষী অভিযান

ভিন্ন কাৰণত দেশৰ ভিন্ন প্ৰান্তত সংবাদিকসকলৰ ওপৰত শাৰীকিক, ফোনযোগে তথা মানসিক নিৰ্যাতন চলি আহিছে (Online threats to journalists)৷ এইবাৰ জম্মু কাশ্মীৰত কেইবাগৰাকীও সাংবাদিকক অনলাইনযোগে ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে (Connection with online threats to journalists)৷

নেশ্যনেল ডেস্ক, 24 নৱেম্বৰ: দেশত কিমান সুৰক্ষিত সাংবাদিকসকল ? সততে সাংবাদিকসকলৰ নিৰাপত্তাৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈ আহিছে ৷ ভিন্ন কাৰণত দেশৰ ভিন্ন প্ৰান্তত সংবাদিকসকলৰ ওপৰত শাৰীৰিক, ফোনযোগে তথা মানসিক নিৰ্যাতন চলি আহিছে (Online threats to journalists)৷

এইবাৰ জম্মু কাশ্মীৰত কেইবাগৰাকীও সাংবাদিকক অনলাইন যোগে ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে (Connection with online threats to journalists)৷ জম্মু-কাশ্মীৰ আৰক্ষীয়ে ইতিমধ্যে এই ঘটনাৰ লগত সংগতি ৰাখি তিনিখন জিলাৰ কেইবাখনো ঠাইত অভিযান আৰম্ভ কৰিছে ৷

এক টুইটযোগে শ্ৰীনগৰ আৰক্ষীয়ে কয় যে শ্ৰীনগৰ, বুদগাম আৰু পুলৱামা জিলাত এই অভিযান অব্যাহত আছে(Jammu and Kashmir Police raided various places )৷ বিগত কেইদিনৰ পূৰ্বে আৰক্ষীয়ে বিভিন্ন স্থানত চলোৱা তালাচীৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি এই অভিযান চলোৱা হৈছে ৷ ইয়াৰ পূৰ্বে আৰক্ষীয়ে জম্মু-কাশ্মীৰৰ বিভিন্ন স্থানত তালাচী চলাই 12 জন লোকক সোধা-পোছৰ বাবে আটক কৰি গৈছিল ৷ তেতিয়াৰে পৰা অব্যাহত আছে এই অনুসন্ধান ৷

সংবাদ সংস্থা জিএনএছে জনোৱা অনুসৰি এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে তালাচী কৰা সকলৰ ভিতৰত আছে শ্ৰীনগৰৰ সাংবাদিক শ্বোকত এ মোট্টা, শ্ৰীনগৰৰ খাকছাৰ নাদীব আদনান (অধিবক্তা), পাম্পোৰৰ হাজী হায়াতৰ আৰু শ্ৰীনগৰৰ কাৰ্যালয় (কাশ্মীৰৰিডাৰ), বুদগামত ইশফাক ৰেছি, আচিফ দাৰ (বিদেশত অৱস্থিত) আৰু শ্ৰীনগৰৰ চাকিব হুছেইন মাগলু ।

উগ্ৰপন্থী সংগঠনসমূহে ব্যৱহাৰ কৰা 'কাশ্মীৰফাইট' নামৰ এক অনলাইন পেজত সাংবাদিকৰ এখন হিটলিষ্ট প্ৰকাশ কৰা হৈছিল ৷ এই তালিকাখনত নাম প্ৰকাশ হোৱা সাংবাদিকসকলে নিৰাপত্তা আৰু চোৰাংচোৱা সংস্থাৰ নিৰ্দেশত কাম কৰাৰ অভিযোগ উত্থাপন কৰিছিল ৷ তাৰ পিছতেই কমেও পাঁচজন স্থানীয় সাংবাদিকে চাকৰিৰ পৰা পদত্যাগ কৰিছিল ৷

আৰক্ষীয়ে কোৱা অনুসৰি তালাচী চলোৱা সকলক তেওঁলোকক প্ৰতিদিনে পৰীক্ষাৰ বাবে মাতি অনা হৈছে ৷ যোৱা ১৯ নৱেম্বৰত এই সন্দৰ্ভত শৰীগড়ী আৰক্ষী থানাত পঞ্জীয়ন কৰা হৈছিল এটা গোচৰ ৷ গোচৰটোৰ সন্দৰ্ভত এতিয়ালৈ জম্মু-কাশ্মীৰত ১২ টা স্থানত তালাচী চলাইছিল ।

লগতে পঢ়ক: Lachit Divas 2022: লাচিতৰ মোমায়েকৰ সম্পৰ্কে বুৰঞ্জীত উল্লেখ নাই: লীলাধৰ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.