ETV Bharat / bharat

Nashik Onion Wholesale Markets Protest : নাছিকৰ পিঁয়াজ কেতিয়াকৈ খাবলৈ পায় ঠিক নাই !

author img

By

Published : Aug 22, 2023, 1:26 PM IST

Nashik Onion Wholesale Markets Protest
Nashik Onion Wholesale Markets Protest

পিঁয়াজৰ ব্যৱসায়ীসকলে দাবী কৰিছে যে কেন্দ্ৰীয় চৰকাৰে চলিত বৰ্ষৰ ৩১ ডিচেম্বৰলৈকে পিয়াঁজ ৰপ্তানিৰ ওপৰত ৪০ শতাংশ শুল্ক আৰোপ কৰাৰ সিদ্ধান্তই পিয়াঁজ খেতিয়ক আৰু ইয়াৰ ৰপ্তানিত বিৰূপ প্ৰভাৱ পেলাব ।

নিউজ ডেস্ক, ২২ আগষ্ট : সোমবাৰে পিয়াঁজ ব্যৱসায়ীসকলে কয় যে, তেওঁলোকে মহাৰাষ্ট্ৰৰ নাছিক জিলাৰ সকলো কৃষি উৎপাদন বজাৰ সমিতিত (Agriculture Produce Market Committees, APMCs) অনিৰ্দিষ্টকালৰ বাবে পিয়াঁজৰ নিলাম বন্ধ কৰাৰ সিদ্ধান্ত লৈছে । তেওঁলোকে কেন্দ্ৰই পাকঘৰৰ মুখ্য পাচলিবিধৰ ৰপ্তানিৰ ওপৰত ৪০ শতাংশ শুল্ক আৰোপ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ জনাই এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জনাইছে ।

এই সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত, সোমবাৰে জিলাখনৰ বেছিভাগ এপিএমচিত পিয়াঁজৰ নিলাম বন্ধ থাকে । ইয়াৰ ভিতৰত আছে ভাৰতৰ সৰ্ববৃহৎ পাইকাৰী পিয়াঁজ বজাৰ লাচালগাঁও । সূত্ৰত এই কথা প্ৰকাশ । ব্যৱসায়ীসকলে দাবী কৰিছে যে কেন্দ্ৰীয় চৰকাৰে চলিত বৰ্ষৰ ৩১ ডিচেম্বৰলৈকে পিয়াঁজ ৰপ্তানিৰ ওপৰত ৪০ শতাংশ শুল্ক আৰোপ কৰাৰ সিদ্ধান্তই পিয়াঁজ খেতিয়ক আৰু ইয়াৰ ৰপ্তানিত বিৰূপ প্ৰভাৱ পেলাব । সন্থাটোৰ সভাপতি খাণ্ডু দেওৰে সোমবাৰে কয় যে নাছিকত পিয়াঁজৰ নিলাম অনিৰ্দিষ্টকালৰ বাবে বন্ধ কৰাৰ সিদ্ধান্ত দেওবাৰে নাছিক জিলা পিয়াঁজ ব্যৱসায়ী সন্থাৰ এখন বৈঠকত লোৱা হয় ।

"এই সিদ্ধান্তটো কৃষকসকলৰ ওচৰলৈ যাবলৈ সময় লাগিব । সেয়েহে যদি পিয়াঁজ এপিএমচিলৈ অনা হয়, তেনেহ'লে উক্ত পিয়াঁজবোৰৰ নিলাম অনুষ্ঠিত কৰা হ'ব আৰু তাৰ পিছত প্ৰক্ৰিয়াটো অনিৰ্দিষ্টকালৰ বাবে বন্ধ থাকিব । কৃষকসকলৰ বিভিন্ন সংগঠনৰ অনুৰোধ অনুসৰি বৈঠকত এই সিদ্ধান্তও লোৱা হয় ।" তেওঁ লগতে কয় ।

আনহাতে, সূত্ৰ অনুসৰি, কিছু ঠাইত পিয়াঁজ অনা হৈছে আৰু সেইবোৰৰ নিলাম এপিএমচিত আৰম্ভ হৈছে । চুবুৰীয়া নৱী মুম্বাইৰ বাশী এপিএমচিৰ পিয়াঁজ-আলু বজাৰৰ সভাপতি সঞ্জয় পিংগলে পিয়াঁজৰ ৰপ্তানিৰ ওপৰত ৪০ শতাংশ শুল্ক আৰোপ কৰাৰ সিদ্ধান্তৰ ওপৰত কেন্দ্ৰক পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনায় ।

পিটিআইৰ সৈতে বাৰ্তালাপত পিংগলে দাবী কৰে যে চৰকাৰৰ সিদ্ধান্তই ৰাজ্যখনৰ পিয়াঁজ খেতিয়কসকলৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব । "আমি কৃষকসকলৰ পৰাও যথেষ্ট চাপত আছোঁ, যিসকলে আমাক বজাৰ বন্ধ কৰিবলৈ আৰু পিয়াঁজৰ বিক্ৰী বন্ধ কৰিবলৈ কৈছে । কমেও ১০-১৫ টা সংগঠনে আমাক পিয়াঁজ বিক্ৰী নকৰিবলৈ কৈছে । সমগ্ৰ নাছিক জিলাই আজি বন্ধ (পিয়াঁজ নিলাম) পালন কৰি আছে । আগন্তুক দিনত স্থানীয় বজাৰবোৰো বন্ধ হ'ব । এপিএমচিয়েও কৃষকসকলক সমৰ্থন কৰাৰ সিদ্ধান্ত লৈছে ।" তেওঁ কয় ।

"যদি আমি চৰকাৰক ৪০ শতাংশ শুল্ক পৰিশোধ কৰোঁ, তেন্তে আমি ২৫ টকাত (প্ৰতিকিলোগ্ৰাম) ৰপ্তানি কৰি থকা পিয়াঁজৰ হাৰ ১৫ টকালৈ হ্ৰাস পাব । এই হাৰত আমি ১০ টকাত পিয়াঁজ ক্ৰয় কৰিবলৈ বাধ্য হ'ম । যাৰ ফলত আনকি এজন কৃষকৰ উৎপাদন ব্যয়ো সামৰি নল'ব ।" পিংগলে কয় । তেওঁ দাবী কৰে যে কিছুমান সংস্থাই কেন্দ্ৰীয় চৰকাৰক বিষয়টোৰ ওপৰত 'ভুল প্ৰতিবেদন' দিছে আৰু পিয়াঁজ উৎপাদনৰ ওপৰত সাৰ, শ্ৰমিক ব্যয় আদিৰ ব্যয় বৃদ্ধিৰ কথা বিবেচনা কৰা হোৱা নাই ।

"আজিও মহাৰাষ্ট্ৰত ৮০ শতাংশ আৰু মধ্যপ্ৰদেশত ৭০ শতাংশ পিয়াঁজৰ মজুত আছে ।" তেওঁ লগতে দাবী কৰে যে কম বৰষুণৰ বাবে মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকত পিয়াঁজৰ ভাল উৎপাদন হৈছে । যদি ১০ বছৰ পূৰ্বে পিয়াঁজৰ মূল্য ১০ টকা (প্ৰতি কিলোগ্ৰাম) আছিল আৰু এতিয়া উৎপাদন ব্যয় ১৭-১৮ টকা বিবেচনা কৰিলে সেয়া বিশেষ বৃদ্ধি হোৱা নাই । পাইকাৰী বজাৰত ই প্ৰায় ২৫-৩০ টকা আৰু খুচুৰা ব্যৱসায়ত ৩৫-৪০ টকা । তেওঁ কয় ।

পিংগলে চৰকাৰক চাউল আৰু ঘেঁহুৰ দৰে ৰাজহুৱা বিতৰণ প্ৰণালীৰ (পিডিএছ) জৰিয়তে পিয়াঁজ যোগান ধৰিবলৈ আহ্বান জনাইছে । তেওঁ কয়, "যদি আপোনালোকে বিচাৰে যে দৰিদ্ৰ লোকসকলে কম মূল্যত পিয়াঁজ পাব লাগে, তেন্তে পিডিএছৰ জৰিয়তে ইয়াক ২-১০ টকাত (প্ৰতি কিলোগ্ৰাম) বিক্ৰী কৰক।"

তেওঁ লগতে দাবী কৰে যে কেন্দ্ৰৰ সিদ্ধান্তৰ ফলত পিয়াঁজৰ ৰপ্তানি যথেষ্ট হ্ৰাস পাব আৰু পাকিস্তান, ইৰাণ আৰু ইজিপ্তৰ কৃষকসকলৰ বাবে অধিক উপাৰ্জনৰ সুবিধা হ'ব । পিংগলে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক এই বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰিবলৈও আহ্বান জনাইছে । তেওঁ কয় যে, অনাগত দিনত তেওঁলোকে এই বিষয়ত সিদ্ধান্ত ল'ব । কিয়নো তেওঁলোক কৃষকসকলৰ সৈতে থাকিব বিচাৰে । কেন্দ্ৰই অংশীদাৰসকলৰ এখন বৈঠক আহ্বান কৰা উচিত আৰু তাৰ পিছতহে এই সিদ্ধান্ত কাৰ্যকৰী কৰা উচিত । তেওঁ লগতে কয় ।

লগতে পঢ়ক :Raksha Bandhan 2023: মোদীক ৰাখী বান্ধিবলৈ দিল্লীলৈ আহিছে পাকিস্তান মূলৰ ভগ্নী মহচিন শ্বেইখ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.