ETV Bharat / bharat

১ টকাত এসাঁজ ভোকৰ ভাত...

author img

By

Published : Jun 26, 2021, 6:56 PM IST

ক'ভিড সৃষ্ট পৰিস্থিতিত দৰিদ্ৰ লোকলৈ সহায়ৰ হাত আগবঢ়াইছে ত্ৰিপুৰাৰ বিপ্লৱ কাৰে । দিন-হাজিৰা কৰা শ্ৰমিকক খাদ্যৰ যোগান ধৰিছে শ্ৰমিক নেতাজনে । প্ৰতি সাঁজ খাদ্যৰ বিনিময়ত লৈছে মাত্ৰ ১ টকা ।

১ টকাত এসাঁজ ভোকৰ ভাত
১ টকাত এসাঁজ ভোকৰ ভাত

নেশ্যনেল ডেস্ক, ২৬ জুন : ভৰ দুপৰীয়া শাৰী পাতি থিয় দি আছে একাংশ লোকে । তেওঁলোকৰ আশা, এসাঁজ ভাত খাবলৈ পাব । কিন্তু এইসকল লোকে বিনামূলীয়া খাদ্যৰ আশাত ইয়ালৈ ঢাপলি মেলা নাই । ধন পৰিশোধ কৰিহে খাদ্য গ্ৰহণ কৰিব এই লোকসকলে ।

এই দৃশ্য ত্ৰিপুৰাৰ আগৰতলা চহৰৰ । ক'ভিড সৃষ্ট পৰিস্থিতিয়ে দৰিদ্ৰ লোকসকললৈ কি ভয়াৱহ সংকট আনিছে সেয়া সৰ্বজনবিদিত । বিশেষকৈ দিন-হাজিৰা কৰা শ্ৰমিকসকলে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে এমুঠি অন্নৰ বাবে । সেয়ে এই দৰিদ্ৰ লোকসকলৰ স্বাভিমানত আঘাত নসনাকৈ সহায়ৰ হাত আগবঢ়াইছে ত্ৰিপুৰাৰ সমাজকৰ্মী তথা জ্যেষ্ঠ শ্ৰমিক নেতা বিপ্লৱ কৰে ।

দৰিদ্ৰ লোকসকলক দুপৰীয়াৰ আহাৰ যোগান ধৰাৰ বাবে আগৰতলা চহৰত সমূহীয়া পাকঘৰৰ ব্যৱস্থা কৰিছে শ্ৰমিক নেতাগৰাকীয়ে । দুপৰীয়া ঘড়ীত ১২ বজাৰ লগে লগে চহৰখনৰ বিভিন্ন প্ৰান্তৰ পৰা দৰিদ্ৰ লোকসকল আহি আহাৰ গ্ৰহণ কৰিবলৈ শাৰী পাতে । এইসকলৰ অধিকাংশই দিন-হাজিৰা কৰা শ্ৰমিক ।

১ টকাত এসাঁজ ভোকৰ ভাত

পদপথত অতি কষ্টেৰে দিন কটোৱা বহু লোক আহে আহাৰ গ্ৰহণ কৰিবলৈ । প্ৰতিগৰাকী লোকে ১ টকাকৈ পৰিশোধ কৰে এসাঁজ ভাতৰ বিনিময়ত । বহু শ্ৰমিকে ইটিভি ভাৰতক জনোৱা মতে এয়া তেওঁলোকৰ দিনটোৰ ভিতৰতে প্ৰথম সাঁজ আহাৰ । আনহাতে, আদায় কৰা ধনৰ বিষয়ে বিপ্লৱ কৰে কয় যে, দৰিদ্ৰ হ'লেও আত্মসন্মানত হানি হোৱাটো সকলোৰে বাবে যন্ত্ৰণাদায়ক ।

প্ৰতিজন লোককে ১ টকা আদায় কৰাৰ পিছত টোকেন দিয়া হয় আৰু সেই অনুসৰি খাদ্যও যোগান ধৰা হয় । দৈনিক ২০০ জন লোকক খাদ্যৰ যোগান ধৰে কৰে । পাঁচদিন নিৰামিষ আৰু বাকী দুদিন আমিষ খাদ্য আগবঢ়োৱা হয় । বিপ্লৱ কৰ দীৰ্ঘদিন ধৰি বাওঁপন্থী ৰাজনীতিৰ সৈতে জড়িত হৈ আছিল আৰু বৰ্তমান ট্ৰেড ইউনিয়নৰ মুৰব্বী ।

২০১৮ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত ভাৰতীয় জনতা পাৰ্টীক "নীতিগতভাৱে" সমৰ্থন আগবঢ়াইছিল কৰে । কিন্তু এতিয়া দিন হাজিৰা কৰা শ্ৰমিক, পৌৰ নিগমৰ কৰ্মী, ৰিক্সা চালকসকলৰ দুৰ্দশা দেখি তেওঁ চিন্তিত হৈ পৰিছে । ৰাজ্যত যাতে কোনো লোকেই ভোকত থাকিবলগীয়া নহয়, তাৰ বাবে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিবলৈ ট্ৰেড ইউনিয়নলৈ তেওঁ এটা প্ৰস্তাৱ আগবঢ়ায় ।

অৱশেষত, সকলো ব্যৱস্থা সম্পূৰ্ণ হোৱাৰ পিছত যোৱা ২৩ জুনত ১ টকাৰ বিনিময়ত খাদ্য বিতৰণ অভিযান আৰম্ভ কৰে । শ্ৰমিক কাৰ্ড সন্দৰ্ভত শ্ৰমিক নেতাগৰাকীয়ে অভিযোগ উত্থাপন কৰে যে, বাওঁমৰ্চা চৰকাৰে শ্ৰমিক কাৰ্ড বিতৰণৰ ক্ষেত্ৰত বৈষম্যমূলক ব্যৱহাৰ কৰি দৰিদ্ৰ শ্ৰমিকক প্ৰাপ্যৰ পৰা বঞ্চিত কৰিছিল ।

একেটা ভুল যাতে বিজেপি চৰকাৰেও নকৰে আৰু শ্ৰমিকসকলক কাৰ্ডবোৰ প্ৰদান কৰে তাৰ বাবে তেওঁ চৰকাৰক আহ্বান জনায় । বৰ্তমানৰ সংকটজনক পৰিস্থিতিত বহু সু-হৃদয়ৱান ব্যক্তিয়ে আৰ্তজনলৈ সহায়ৰ হাত আগবঢ়াইছে । বিপ্লৱ কাৰৰ এই প্ৰচেষ্টাত স্থানীয় বজাৰ সমিতিয়েও শাক-পাচলি যোগান ধৰি সহায় কৰিছে । ইজনে সিজনক সহায় কৰি আগবাঢ়ি গ'লেহে এই ভয়াৱহ সংকটৰ সময়খিনি পাৰ কৰিব পৰা যাব বুলি বিশ্বাস কৰে বিপ্লৱ কৰে ।

লগতে পঢ়ক: ভ্ৰাম্যমাণ থিয়েটাৰক লৈ আশাবাদী অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.