ETV Bharat / bharat

Omicron ভেৰিয়েণ্টে Deltaৰ প্ৰভাৱৰ পৰা বিশ্ববাসীক সকাহ দিয়াৰ সম্ভাৱনা প্ৰকট কৰিলে বিশেষজ্ঞই

author img

By

Published : Dec 29, 2021, 5:22 PM IST

Omicron infection
Omicron ভেৰিয়েণ্টে Deltaৰ প্ৰভাৱৰ পৰা বিশ্ববাসীক সকাহ দিয়াৰ সম্ভাৱনা প্ৰকট কৰিলে বিশেষজ্ঞই

বিশ্বৰ ১০০ খনতকৈও অধিক দেশত বৰ্তমান ক'ভিডৰ ভেৰিয়েণ্ট অ'মিক্ৰণৰ সংক্ৰমণ আৰম্ভ হৈছে । স্বাস্থ্য বিশেষজ্ঞৰ মতে, অ'মিক্ৰণ অধিক সংক্ৰামক কিন্তু মাৰত্মক নহয়(Highly transmissible Omicron variant of COVID) । আনহাতে, ডেল্টা ভেৰিয়েণ্ট অ'মিক্ৰণতকৈ অধিক মাৰাত্মক । ডেল্টা ভেৰিয়েণ্টৰ প্ৰভাৱৰ পৰা পৰিত্ৰাণ পোৱাত অ'মিক্ৰণে সহায় কৰাৰ সম্ভাৱনা আছে বুলি ব্যক্ত কৰিছে স্বাস্থ্য বিশেষজ্ঞই ।

নেশ্যনেল ডেস্ক, ২৯ ডিচেম্বৰ: চলিত বৰ্ষৰ নৱেম্বৰ মাহত দক্ষিণ আফ্ৰিকাত ক'ভিড-১৯ৰ ভেৰিয়েণ্ট অ'মিক্ৰণ আক্ৰান্তৰ প্ৰথমটো ঘটনা পোহৰলৈ আহিছিল । অতি কম সময়ৰ ভিতৰতে আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ডকে ধৰি কেইবাখনো দেশত অ'মিক্ৰণৰ সংক্ৰমণে ভয়াৱহ ৰূপ লয় । ক'ভিড-১৯ৰ অ'মিক্ৰণ ভেৰিয়েণ্ট ডেল্টা ভেৰিয়েণ্টতকৈ অধিক সংক্ৰামক । ইতিমধ্যে বহু দেশত ডেল্টা ভেৰিয়েণ্টৰ সংক্ৰমণতকৈ অ'মিক্ৰণ আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে ।

মঙলবাৰে স্বাস্থ্য বিশেষজ্ঞই ব্যক্ত কৰা মতে, ডেল্টা ভেৰিয়েণ্ট অ'মিক্ৰণতকৈ অধিক মাৰাত্মক । অ'মিক্ৰণৰ দ্বাৰা সংক্ৰমিত হ'লে ৰোগৰ মৃদু লক্ষণ দেখা পোৱা যায় । আনহাতে, ডেল্টা ভেৰিয়েণ্টৰ দ্বাৰা সংক্ৰমিত হ'লে স্বাস্থ্যৰ অৱস্থা সংকটজনক হয় । কিয়নো, ৰোগীয়ে শ্বাস-প্ৰশ্বাসত অসুবিধা পায়, অক্সিজেনৰ মাত্ৰা হ্ৰাস পায় ।

লগতে ৰোগীয়ে নিউমোনিয়াতো ভোগে । ডেল্টা ভেৰিয়েণ্টৰ দ্বাৰা সংক্ৰমিত হ'লে ৰোগীৰ মৃত্যুও হয় । ডেল্টা ভেৰিয়েণ্ট ইমানেই ভয়াৱহ যে, আক্ৰান্ত হোৱাৰ পাচতে অধিকাংশ ৰোগী চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হয় ।

মহাৰাষ্ট্ৰ চৰকাৰৰ ক'ভিড টাস্ক ফ'ৰ্চৰ সদস্য ড০ বসন্ত নাগভেকাৰে জনোৱা মতে, অ'মিক্ৰণে ডেল্টাৰ স্থান লোৱাৰ সম্ভাৱনা আছে অৰ্থাৎ ডেল্টাৰ প্ৰভাৱ হ্ৰাস কৰিব পাৰে(Omicron may replace Delta variant) । এয়া বিশ্ববাসীৰ বাবে আশাৰ বতৰা বুলিও তেওঁ উল্লেখ কৰে । তেওঁ লগতে কয় যে, অ'মিক্ৰণ অধিক সংক্ৰামক আৰু এই ভেৰিয়ণ্টে পূৰ্বে মহামাৰীত আক্ৰান্ত হোৱা আৰু ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰা লোককো সংক্ৰমিত কৰিব পাৰে(Dr. Vasant Nagvekar on Omicron infection) । মুম্বাইৰ গ্লোবেল হাস্পতালৰ সংক্ৰামক ৰোগৰ পৰামৰ্শদাতা নাগভেকাৰে লগতে জনায় যে, অ'মিক্ৰণৰ সংক্ৰমণৰ ফলত ৰোগীৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক হোৱাৰ কোনো প্ৰমাণ এতিয়ালৈকে পোহৰলৈ অহা নাই ।

আনহাতে, দক্ষিণ আফ্ৰিকাৰ বিশেষজ্ঞই প্ৰকাশ কৰা প্ৰাৰম্ভিক তথ্য অনুসৰি, এই ভেৰিয়েণ্টৰ দ্বাৰা আক্ৰান্ত হোৱা অধিকাংশ ৰোগী কম বয়সীয়া আৰু অ'মিক্ৰণৰ সংক্ৰমণৰ ফলত ৰোগীৰ দেহত মৃদু লক্ষণহে পৰিলক্ষিত হৈছে । নাগভেকাৰৰ মতে, প্ৰয়োজন সাপেক্ষে সতৰ্কতামূলক ব্যৱস্থা, জিনোমিক ছিকুৱেন্সিং, টীকাকৰণ অভিযান আদি বৃদ্ধি কৰিব লাগিব । আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনছ হপকিন্স ব্লুমবাৰ্গ স্কুল অৱ পাব্লিক হেল্থৰ আন্তৰ্জাতিক স্বাস্থ্য বিভাগৰ সহকাৰী বিজ্ঞানী ব্ৰায়ান ৱাহেলে কয় যে, মহামাৰীৰ এই ভয়াৱহ প্ৰকোপৰ পৰা ৰক্ষা পৰাৰ উত্তম বিকল্প হৈছে সকলোৰে সম্পূৰ্ণ টীকাকৰণ সম্পন্ন কৰাটো নিশ্চিত কৰা । ভাইৰাছবিধ সংক্ৰমিত হৈ থকাৰ লগে লগে, নতুন ভেৰিয়েণ্টৰ উদ্ভৱ হোৱাৰ সম্ভাৱনা আছে বুলিও তেওঁ মন্তব্য কৰে ।

সেয়ে, ভাৰতৰ লগতে আন সকলোবোৰ দেশত য'ত টীকাকৰণ অভিযান সম্পূৰ্ণ হোৱা নাই, সেইবোৰ দেশত প্ৰতিষেধকৰ দুয়োটা পালি প্ৰদানৰ অভিযান বৃদ্ধি কৰাটো যথেষ্ট গুৰুত্বপূৰ্ণ(Brian Wahl on covid infection) । স্পাইক প্ৰ'টিনত ৩০টাৰো অধিক মিউটেণ্ট থকা অ'মিক্ৰণে প্ৰতিষেধক গ্ৰহণ কৰা লোক আৰু পূৰ্বে ক'ভিড-১৯ত আক্ৰান্ত হোৱাৰ পাচত লাভ কৰা ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হোৱা লোককো সংক্ৰমিত কৰিব পাৰে । কেইবাটাও অধ্যয়নত পোহৰলৈ আহিছে যে, ক'ভিড-১৯ প্ৰতিষেধকৰ দুয়োটা পালি গ্ৰহণ কৰিলেও অ'মিক্ৰণৰ দ্বাৰা সংক্ৰমিত হোৱাৰ সম্ভাৱনা থাকে । অৱশ্যে, এই ক্ষেত্ৰত বুষ্টাৰ পালিবোৰ কিছু ব্যতিক্ৰম ।

ভাৰতত ২০২২ চনৰ জানুৱাৰী মাহৰ পৰা ৬০ বছৰৰ উৰ্ধ্বৰ লোকসকলক বুষ্টাৰ পালি অথবা "সাৱধানতামূলক পালি" প্ৰদানৰ কথা ইতিমধ্যে ঘোষণা কৰা হৈছে(India to rollout precautionary shot) । ৱাহেলে জনোৱা মতে, প্ৰতিষেধকৰ প্ৰভাৱ হ্ৰাস হোৱাৰ সম্ভাৱনা থাকে আৰু বুষ্টাৰ পালিবোৰে প্ৰতিষেধকৰ প্ৰভাৱ অধিক শক্তিশালী কৰা সহায় কৰিব পাৰে । নাগভেকাৰৰ মতে, বুষ্টাৰ পালি কাৰ্যকৰী হিচাপে বিবেচিত হ'লেও এয়া কেৱল এক অস্থায়ী সমাধান । তেওঁ কয় যে, প্ৰতি ৬ মাহৰ মূৰে মূৰে বুষ্টাৰ পালি গ্ৰহণ কৰি থকাটো সম্ভৱপৰ নহয় ।

দেশৰ সকলো লোককে প্ৰতিষেধক প্ৰদান কৰাহে দীৰ্ঘম্যাদী সময়ৰ বাবে এক ব্যৱহাৰিক সমাধান বুলি তেওঁ মত প্ৰকাশ কৰে । তেওঁ বিশেষকৈ এনে এক প্ৰতিষেধক প্ৰদানৰ পোষকতা কৰে, যি নতুন ভেৰিয়েণ্টৰ বিৰুদ্ধেও যুঁজি দিব পাৰে । অহা জানুৱাৰী মাহৰ পৰা ভাৰতত ১৫-১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীৰ টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ হ'ব । ভাৰতত যদিও শিশুসকলক ক'ভিডে বিশেষভাৱে প্ৰভাৱিত কৰিব পৰা নাই, তথাপিও আমেৰিকা, দক্ষিণ আফ্ৰিকা আৰু ইউৰোপৰ বহু দেশত অ'মিক্ৰণে শিশুসকলক সংক্ৰমিত কৰাৰ তথ্য পোৱা গৈছে ।

এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত শিশুৰ বাবে প্ৰতিষেধক অতি প্ৰয়োজন বুলি নাগভেকাৰে মন্তব্য কৰে । প্ৰতিষেধক আৰু বুষ্টাৰ পালিৰ উপৰিও, মনোক্ল'নেল এণ্টিবডী আৰু এণ্টি ক'ভিড টেবলেটবিধ মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াত কাৰ্যকৰী হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে । যদিও ভাৰতত ইতিমধ্যে ক'ভিডৰ চিকিৎসাৰ বাবে মনোক্ল'নেল এণ্টিবডী থেৰাপী ব্যৱহাৰত অনুমোদন জনোৱা হৈছে, তথাপিও শেহতীয়াকৈ ভাৰতত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফাৰ্মা কোম্পানী মাৰ্কে প্ৰস্তুত কৰা ক'ভিড টেবলেট ম'লুনাপিৰাভিৰ ব্যৱহাৰত জৰুৰীকালীন অনুমোদন প্ৰদান কৰা হৈছে । চিকিৎসালয়ত ভৰ্তি হোৱা আৰু ৰোগীৰ মৃত্যু ৩০ শতাংশ হ্ৰাস কৰাত কাৰ্যকৰী হিচাপে প্ৰমাণিত হৈছে এই টেবলেটবিধ ।

লগতে পঢ়ক:Omicron cases increase in India : ভাৰতত অ'মিক্ৰণৰ দ্বাৰা আক্ৰান্তৰ সংখ্যা ৭৮১ জনলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.