ETV Bharat / bharat

HAPPY BIRTHDAY মীৰাবাই

author img

By

Published : Aug 8, 2021, 8:30 AM IST

Updated : Aug 23, 2021, 1:59 PM IST

টকিঅ' অলিম্পিকৰ ৰূপৰ পদক বিজয়ী মীৰাবাই চানুৰ আজি জন্মদিন ৷ 1994 চনৰ 8 আগষ্টত মণিপুৰৰ ইম্ফল চহৰৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত Nongpok Kakchingত এটা মেইটেই( Meitei)পৰিয়ালত জন্ম হৈছিল চাইখোম মীৰাবাই চানুৰ ৷ ক্ৰীড়াক্ষেত্ৰৰ সৰ্ব্বোচ্চ সন্মান ৰাজীৱ গান্ধী খেলৰত্ন (বৰ্তমান মেজৰ ধ্যান চান্দ খেল ৰত্ন)বঁটাৰে সন্মানিত চানু ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰীৰেও বিভূষিত ৷

olympic silver medalist mirabai chanus birthday
HAPPY BIRTHDAY মীৰাবাই

নিউজ ডেস্ক, 8 আগষ্ট : জাপানত টকিঅ'ত অনুষ্ঠিত 2020 চনৰ অলিম্পিকত ভাৰতৰ বাবে প্ৰথমটো পদক অৰ্জন কৰি অলিম্পিকৰ ইতিহাসত দেশৰ লগতে উত্তৰ-পূৱৰ নাম লিপিবদ্ধ কৰা মীৰাবাই চানুৰ আজি জন্মদিন ৷ 1994 চনৰ 8 আগষ্টত মণিপুৰৰ ইম্ফল চহৰৰ পৰা প্ৰায় ৩০ কিল’মিটাৰ দূৰত Nongpok Kakching ত এটা মেইটেই(Meitei)পৰিয়ালত চাইখোম মীৰাবাই চানুৱে(Saikhom Mirabai Chanu) জন্মগ্ৰহণ কৰিছিল ৷

12 বছৰ বয়সতেই নিজৰ শক্তিৰ উমান দিবলৈ সক্ষম হোৱা চানুৱে এগৰাকী ভাৰতীয় ভাৰোত্তোলক হিচাপে নিজৰ পৰিচয় গঢ়ি তোলে ৷ আন্তৰ্জাতিক ভাৰোত্তোলন প্ৰতিযোগিতাৰ 48 কেজি শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰা চানুৱে ইতিমধ্যে কেইবাবাবাৰো বিশ্ব চেম্পিয়নশ্বিপ(World Championships) আৰু কমনৱেলথ গেমছত(Commonwealth Games) পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক: মীৰাবাই চানুলৈ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ পদ

ক্ৰীড়াক্ষেত্ৰখনত তেওঁৰ প্ৰদৰ্শনৰ বাবে 2018 চনত ভাৰত চৰকাৰে তেওঁক ক্ৰীড়াক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান ৰাজীৱ গান্ধী খেলৰত্ন (বৰ্তমান মেজৰ ধ্যানচান্দ খেল ৰত্ন) বঁটা প্ৰদান কৰিছিল ৷ একেটা বছৰতে তেওঁ ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী লাভ কৰে ৷

পদ্মশ্ৰী মীৰাবায়ে 2014 চনত Glasgow ত অনুষ্ঠিত কমনৱেলথ গেমছৰ মহিলাৰ ভাৰোত্তোলন প্ৰতিযোগিতাৰ ৪৮ কেজি শাখাত ৰূপৰ পদক অৰ্জন কৰিছিল ৷ 2018 চনত অষ্ট্ৰেলিয়াৰ Gold Coast ত অনুষ্ঠিত কমনৱেলথ গেমছৰ ৪৮ কেজি শাখাত সোণৰ পদক লাভ কৰিবলৈ হয় ৷ অলিম্পিকৰ ৰূপৰ পদক আঁজুৰি অনাৰ পূৰ্বে 2017 চনত কেলিফৰ্ণিয়াৰ Anaheim ত অনুষ্ঠিত World Weightlifting Championships ত চানুৱে স্বৰ্ণ পদক লাভ কৰে ৷ 2016 ৰিঅ' অলিম্পিকৰ বাবেও চানুৱে মহিলাৰ ৪৮ কিলোগ্ৰাম শাখাত যোগ্যতা অৰ্জন কৰিছিল যদিও সফল হোৱাত ব্যৰ্থ হয় ৷

2019 চনৰ World Weightlifting Championships মীৰাবায়ে মুঠ 201 কিলোগ্ৰাম উত্তোলন কৰি চতুৰ্থ স্থান দখল কৰে ৷ এয়া আছিল চানুৰ ব্যক্তিগত শ্ৰেষ্ঠ প্ৰদৰ্শন ৷ নিজৰেই ৰেকৰ্ড ভংগ কৰি চাৰিমাহৰ পাচত পুনৰ 2020 চনৰ Senior National Weightlifting Championships 49 কিলোগ্ৰাম শাখাত 203 কিলোগ্ৰাম উত্তোলন কৰি চানুৱে স্বৰ্ণ জয় কৰে ৷

লগতে পঢ়ক: কোন হয় মীৰাবাই চানু ?

২০২১ চনৰ এপ্ৰিলত Tashkent ত অনুষ্ঠিত এছিয়ান ভাৰোত্তোলন চেম্পিয়নশ্বিপত(Asian Weightlifting Championships) ব্ৰঞ্জৰ পদক অৰ্জন কৰে ৷ ২০২১ চনৰ জুন মাহত চানুৱে ৪৯ কিলোগ্ৰাম শাখাত Absolute Rankings দ্বিতীয় স্থান লাভ কৰি ২০২০ গ্ৰীষ্মকালীন অলিম্পিকৰ(2020 Summer Olympics) বাবে যোগ্যতা অৰ্জন কৰা একমাত্ৰ ভাৰতীয় মহিলা ভাৰোত্তোলক হিচাপে পৰিগণিত হয় ৷

অৱশেষত চানুৱে টকিঅ'ত অনুষ্ঠিত 2020 চনৰ গ্ৰীষ্মকালীন অলিম্পিকত মুঠ ২০২ কিলোগ্ৰাম উত্তোলনৰ সৈতে ৪৯ কিলোগ্ৰাম শাখাত ৰূপৰ পদক অৰ্জন কৰে ৷ উল্লেখ্য যে, টকিঅ’ অলিম্পিকত ৰূপৰ পদক অৰ্জন কৰি এই ক্ৰীড়া প্ৰতিযোগিতাৰ প্ৰথম ভাৰতীয় পদক দখলকাৰী খেলুৱৈৰ সন্মান লাভ কৰে ৷ লগতে চানুৱে Karnam Malleswari ৰ পাচত দ্বিতীয়গৰাকী ভাৰতীয় ভাৰোত্তোলক হিচাপে অলিম্পিক পদক জয় কৰে ৷

অলিম্পিকত ৰূপৰ পদক অৰ্জন কৰি বিজয়ধ্বজা উৰুৱাবলৈ সক্ষম হোৱা মীৰাবাইলৈ ইটিভি ভাৰতৰ ফালৰ পৰাও থাকিল জন্মদিনৰ অলেখ শুভকামনা ৷ HAPPY BIRTHDAY মীৰাবাই ৷

লগতে পঢ়ক: ৰিঅ' অলিম্পিকে বহু কথা শিকাই থৈ গৈছিল: মীৰাবাই চানু

Last Updated :Aug 23, 2021, 1:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.