ETV Bharat / bharat

মীৰাবাই চানুলৈ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ পদ

author img

By

Published : Jul 26, 2021, 8:13 PM IST

অলিম্পিয়ান মীৰাবাই চানুলৈ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ পদ ৷ এক কোটি টকাৰ সৈতে মীৰাবাই চানুৰ বাবে মণিপুৰ চৰকাৰে অতিৰিক্ত আৰক্ষী অধীক্ষকৰ পদ আগবঢ়াইছে ৷

Manipur govt annouces Rs. 1 crore,  Addl SP position for Olympian Mirabai Chanu
মীৰাবাই চানুলৈ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ পদ

নিউজ ডেস্ক, 26 জুলাই: টকিঅ' অলিম্পিকত ভাৰতৰ হৈ ৰূপৰ পদক আঁজুৰি আনিবলৈ সক্ষম হোৱা মীৰাবাই চানুৰ বাবে বিশেষ সন্মান ঘোষণা কৰিছে মণিপুৰ চৰকাৰে ৷ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেণ সিঙ(N Biren Singh)এ জানিবলৈ দিয়া মতে, মণিপুৰ চৰকাৰে অলিম্পিকত ৰূপৰ পদক বিজয়ী চানুক মণিপুৰ আৰক্ষীত অতিৰিক্ত আৰক্ষী অধীক্ষকৰ পদবী আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে ৷ সোমবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা জানিবলৈ দিয়ে ৷

পোৰ'ম্পাটত নিৰ্মাণকাৰ্য চলি থকা Cryogenic Oxygen Plant পৰিদৰ্শনৰ লগতে কিয়ামগেইত DRDOই নিৰ্মাণ কৰি থকা ক'ভিড চিকিৎসালয় পৰিদৰ্শন কৰাৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা সদৰী কৰে ৷ ইতিপূৰ্বে মণিপুৰ চৰকাৰে ভাৰত্তোলক গৰাকীৰ বাবে 1 কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল ৷ তেওঁৰ প্ৰদৰ্শনৰ লগতে দেশক গৌৰান্বিত কৰাৰ বাবে মণিপুৰ চৰকাৰে ভাৰাত্তোলক গৰাকীৰ বাবে এই পুৰস্কাৰ ঘোষণা কৰিছিল ৷

লগতে পঢ়ক: Tokyo Olympics: সোণৰ পদক জয়ৰ সম্ভাৱনা মীৰাবাই চানুৰ !

উল্লেখ্য যে, চলিত টকিঅ' অলিম্পিকত ভাৰতৰ হৈ চানুৱেই প্ৰথমটো পদক আনিবলৈ সক্ষম হৈছে ৷ ৰাজনীতিৰ পূৰ্বে নিজে ফুটবলৰ লগত জড়িত থকা মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "মীৰাবাই চানুক চৰকাৰৰ ফালৰ পৰা 1 কোটি টকাৰে পুৰস্কৃত কৰা হ'ব ৷" মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে এই কথাও সদৰী কৰে যে, অতি শীঘ্ৰে অলিম্পিয়ান জুডোকা লিকমাবাম সুশীলা দেৱীক কনিষ্টবল পদৰ পৰা উপ-পৰিদৰ্শক পদলৈ উন্নীত কৰা হ'ব ৷ সকলো অংশগ্ৰহণকাৰীকে 25 লাখকৈ প্ৰদান কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে ৷

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে অলিম্পিয়ান জুডোকা লিক্মাবাম সুশীলা দেৱীক কনিষ্টবল পদৰ পৰা উপ-পৰিদৰ্শকলৈ পদোন্নতি দিয়া হ'ব। তেওঁ কয় যে সকলো অংশগ্ৰহণকাৰীক ২৫ লাখ টকা কৈ দিয়া হ'ব। মুখ্যমন্ত্ৰীয়ে লগতে ঘোষণা কৰে যে ৰাজ্য চৰকাৰে শীঘ্ৰেই ৰাজ্যখনত এখন বিশ্বমানৰ ভাৰোত্তোলন একাডেমী স্থাপন কৰাৰ সিদ্ধান্ত লৈছে।

লগতে পঢ়ক: কোন হয় মীৰাবাই চানু ?

মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা অনুসৰি ৰাজ্যখনত অতি শীঘ্ৰেই এখন বিশ্বমানৰ ভাৰাত্তোলন একাডেমী স্থাপন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ ৰাজ্যখনত সান্ধ্য আইনৰ সময়সীমা বৃদ্ধি কৰা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ক'ভিড সম্পৰ্কীয় কাৰিকৰী সমিতিৰ বৈঠক সোমবাৰে অনুষ্ঠিত হ'ব ৷ তেওঁ লগতে এই কথাও সদৰী কৰে যে, জনহিতাৰ্থে ৰাজ্য চৰকাৰে কেইটামান অত্যাৱশ্যকীয় সেৱাৰ ক্ষেত্ৰত কিছু শিথিলতা প্ৰদান কৰি সান্ধ্য আইন বৃদ্ধি কৰাৰ কথা বিবেচনা কৰিছে ৷

এন বিৰেনে এই কথাও জনাই যে, ৰাজ্যখনৰ ক'ভিড আক্ৰান্তৰ বৰ্ধিত সংখ্যাৰ বিষয়ে বিবেচনা কৰি সংশ্লিষ্ট বিধায়ক, উপায়ুক্ত তথা স্থানীয় ক্লাৱ আদিৰ সহযোগত প্ৰতিটো বিধানসভা সমষ্টিত চৰকাৰে ক'ভিড কেয়াৰ কেন্দ্ৰ স্থাপন কৰিব ৷ কেন্দ্ৰত থকা ক'ভিড আক্ৰান্ত সকলক চৰকাৰৰ ফালৰ পৰা বিনামূলীয়া আহাৰৰ যোগান ধৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: অলিম্পিকত ৰূপৰ পদক বিজয়ী মীৰাবাইৰ জন্মস্থান মণিপুৰত বিজয় উৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.