অলিম্পিকত ৰূপৰ পদক বিজয়ী মীৰাবাইৰ জন্মস্থান মণিপুৰত বিজয় উৎসৱ

author img

By

Published : Jul 24, 2021, 9:29 PM IST

Mirabai Chanu

টকিঅ’ অলিম্পিকত ভাৰতৰ হৈ প্ৰথমটো পদক দখল কৰা ভাৰোত্তোলক মীৰাবাই চানুৰ পৰিয়াল আৰু বন্ধুবৰ্গও আনন্দত মতলীয়া হৈ পৰিছে । সংবাদ মাধ্যমৰ সন্মুখত নিজৰ আনন্দ প্ৰকাশ কৰি মীৰা বাইৰ ভাতৃয়ে কয় যে তেওঁলোক আজি বহুত সুখী । সমগ্ৰ ভাৰত আৰু মণিপুৰে আজি তেওঁকলৈ গৌৰৱান্বিত বুলিও খেলুৱৈগৰাকীৰ ভাতৃয়ে উল্লেখ কৰে ।

স্পৰ্টছ ডেস্ক, ২৪ জুলাই : শনিবাৰে টকিঅ' অলিম্পিক (Tokyo Olympic) গেমছত ভাৰোত্তোলক মীৰাবাই চানুৱে (Mirabai Chanu) ৰূপৰ পদক অৰ্জন কৰাৰ পিছতে এতিয়া ভাৰতৰ চাৰিওফালে আনন্দৰ লহৰ । দেশৰ বাবে প্ৰথমটো পদক অৰ্জন কৰাৰ পিছতে মীৰা বাইৰ জন্মস্থান উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম ৰাজ্য মণিপুৰৰ চাৰিওফালে এতিয়া বিজয় উৎসৱ দেখিবলৈ পোৱা গৈছে । ভাৰোত্তোলক মীৰাবাই চানুৰ পৰিয়াল আৰু বন্ধুবৰ্গও আনন্দত মতলীয়া হৈ পৰিছে ।

সংবাদ মাধ্যমৰ সন্মুখত নিজৰ আনন্দ প্ৰকাশ কৰি মীৰা বাইৰ ভাতৃয়ে কয় যে তেওঁলোক আজি বহুত সুখী । সমগ্ৰ ভাৰত আৰু মণিপুৰে আজি তেওঁকলৈ গৌৰৱান্বিত বুলিও খেলুৱৈগৰাকীৰ ভাতৃয়ে উল্লেখ কৰে । ইফালে মীৰাবাইৰ পৰিয়াল আৰু বন্ধুবৰ্গই একেলগে বহি দূৰদৰ্শনত উপভোগ কৰিছিল খেলুৱৈগৰাকীৰ খেল । উল্লেখ্য যে চানুৱে প্ৰতিযোগিতাখনত তেওঁৰ চাৰিটা সফল প্ৰচেষ্টাৰ অন্তত মুঠ ২০২ কিলোগ্ৰাম উত্তোলন কৰিবলৈ সক্ষম হয় ।

চীনৰ ঝিহুই হৌৱে মুঠ ২১০ কিলোগ্ৰামৰ সৈতে স্বৰ্ণ পদক লাভ কৰে আৰু এটা নতুন অলিম্পিক ৰেকৰ্ড সৃষ্টি কৰে ৷ আনহাতে, ইণ্ডোনেছিয়াৰ ৱিণ্ডি কেণ্টিকা আইছাই মুঠ ১৯৪ কিলোগ্ৰামৰ সৈতে ব্ৰঞ্জৰ পদক লাভ কৰে । ভাৰোত্তোলন শাখাত পদক লাভ কৰা দ্বিতীয়গৰাকী খেলুৱৈ হিচাপে পৰিগণিত হয় চানু কিয়নো ২০০০ চনৰ চিডনী অলিম্পিকত কৰ্ণাম মল্লেশ্বৰীয়ে ৬৯ কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছিল । তেতিয়াৰ পৰা এই শাখাত কোনো ভাৰতীয়ই পদক লাভ কৰা নাই ।

মীৰাবাইয়ে স্নেচৰ প্ৰথম প্ৰয়াসত ৮৪ কিলোগ্ৰামৰ লিফ্ট সম্পূৰ্ণ কৰাৰ পিছতে পদক লাভ কৰিব বুলি এক প্ৰকাৰ নিশ্চিত আছিল । মণিপুৰত জন্মগ্ৰহণ কৰা ভাৰোত্তোলক গৰাকীয়ে তেতিয়া ৮৭ কিলোগ্ৰাম ভাৰোত্তোলন সহজে সম্পূৰ্ণ কৰিছিল । কিন্তু তেওঁৰ অন্তিম প্ৰচেষ্টাত ৮৯ কিলোগ্ৰাম লিফ্ট সম্পূৰ্ণ কৰাত ব্যৰ্থ হয় ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ জৰ্ডান এলিজাবেথ ডেলাক্ৰুজে প্ৰতিযোগিতাৰ প্ৰথমাৰ্ধত ভাৰতীয় ভাৰোত্তোলক গৰাকীৰ বাবে দ্বিতীয় স্থানৰ একমাত্ৰ প্ৰত্যাহ্বান আছিল । বৰ্তমানৰ বিশ্ব ৰেকৰ্ড ধাৰক ঝিহুই হৌয়ে আশা কৰা অনুসৰি ৯২ কিলোগ্ৰামৰ প্ৰচেষ্টাৰে এক নতুন অলিম্পিক ৰেকৰ্ড সৃষ্টি কৰিছে আৰু তাৰ পিছত অন্তিম প্ৰচেষ্টাত ৯৪ কিলোগ্ৰাম লিফ্ট সম্পূৰ্ণ কৰি সোণৰ পদকৰ তালিকাত নিজৰ নাম অন্তৰ্ভূক্ত কৰিছে ।

লগতে পঢ়ক :ৰিঅ' অলিম্পিকে বহু কথা শিকাই থৈ গৈছিল: মীৰাবাই চানু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.