ETV Bharat / sports

কোন হয় মীৰাবাই চানু ?

author img

By

Published : Jul 24, 2021, 8:01 PM IST

Updated : Jul 24, 2021, 9:30 PM IST

টকিঅ’ অলিম্পিকত (Tokyo Olympic) ভাৰতৰ হৈ প্ৰথমটো পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে ভাৰোত্তোলক (Weightlifter) মীৰাবাই চানু (Mirabai Chanu) ৷ কিন্তু কোন এইগৰাকী মীৰাবাই চানু ?

Who is Mirabai Chanu, first madel winner from india at tokyo olympic 2021
কোন হয় মীৰাবাই চানু ?

বৰ্তমানলৈকে সমগ্ৰ বিশ্ববাসীয়ে পৰিচিত হৈ পৰিছে এটি নামৰ সৈতে ৷ মীৰাবাই চানু ৷ টকিঅ’ অলিম্পিকত (Tokyo Olympic) ভাৰতৰ হৈ প্ৰথমটো পদক অৰ্জন কৰি ভাৰোত্তোলক চিখম মীৰাবাই চানুৱে (Saikhom Mirabai Chanu) বিশ্বৰ আগত সমগ্ৰ ভাৰতবাসীকে গৌৰৱান্বিত কৰি তুলিছে ৷

আহক আমি মীৰাবাই চানুৰ বিষয়ে জানো কিছু কথা

মণিপুৰৰ ৰাজধানী ইম্ফলৰ নাংপোক কাকছিঙৰ বাসিন্দা চিখম মীৰাবাই চানুৰ জন্ম হৈছিল 1994 চনৰ 8 আগষ্টত ৷ হিন্দু মেটেই পৰিয়ালত জন্মগ্ৰহণ কৰা মীৰাবাইয়ে মাত্ৰ 11 বছৰ বয়সতে স্থানীয় ভাৰোত্তোলন (Weightlifting) প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পদক দখল কৰিবলৈ সক্ষম হৈছিল ৷ 12 বছৰ বয়সতেই পৰিয়ালৰ লোকে মীৰাবাইৰ শাৰিৰীক শক্তিৰ অনুমান কৰিব পাৰিছিল কাৰণ সৰুকালৰ পৰাই মীৰাবাইয়ে অতি সহজে গধুৰ বস্তু দাঙিবলৈ সক্ষম হৈছিল যিবোৰ তেওঁৰ ককায়েকৰ বাবেও কঠিন আছিল ৷

চানুৰ প্ৰথমটো বৃহৎ সাফল্য আহিছিল কমনৱেল্থ গেমছৰ গ্লাছগো সংস্কৰণত (Glasgow edition of the Commonwealth Games) ৷ ইয়াত চানুৱে 48 কোজিৰ ভাৰোত্তোলন শাখাত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল ৷

ইয়াৰ উপৰিও 2016 চনৰ ৰিঅ’ অলিম্পিকত (Rio Olympics 2016) চানু মহিলাৰ 48 কেজি শাখালৈ যোগ্যতা অৰ্জন কৰিছিল ৷ যদিও তেওঁ ইয়াত ক্লিন এণ্ড জাৰ্ক শাখাত (clean & jerk section) তিনিওটা প্ৰচেষ্টাতে সফলতা অৰ্জন কৰাত ব্যৰ্থ হয় ৷ 2017 চনত মাৰ্কিন যুক্তৰাষ্টত অনুষ্ঠিত ‘ৱৰ্ল্ড ৱেইটলিফ্টিং চেম্পিয়নশ্বিপ’ ত (World Weightlifting Championship) মহিলাৰ 48 কিলোগ্ৰামৰ শাখাত স্বৰ্ণ পজক অৰ্জন কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ উপৰিও এই প্ৰতিযোগিতাখনিত চানুৱে 198 কেজি উত্তোলন কৰি ৰেকৰ্ড গঢ়িবলৈও সক্ষম হয় ৷

2021 চনত ‘গ্ৰীষ্মকালীন ক্ৰীড়া’ (Summer Games) লৈ মনোনীত হোৱা প্ৰথমগৰাকী তথা একমাত্ৰ মহিলা ভাৰোত্তোলক হিচাপে যোগ্যতা অৰ্জন কৰে মীৰাবাই চানুৱে (Mirabai Chanu) ৷ এই ক্ৰীড়া প্ৰতিযোগিতাখনিত চানুৱে মহিলাৰ 49 কেজি ভাৰোত্তোলন শাখাত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় ৷

27 বৰ্ষীয় খেলুৱৈগৰাকীয়ে 86 কিলোগ্ৰাম ভাৰ উত্তোলন কৰে ৷ ইয়াৰ লগতে ক্লিন এণ্ড জাৰ্ক শাখাত (clean & jerk section) 119 কিলোগ্ৰাম উত্তোলন কৰি মুঠ 205 কিলোগ্ৰাম উত্তোলনৰ এক ৰেকৰ্ড গঢ়াৰ সমান্তৰালকৈ টকিঅ’ অলিম্পিক 2021 (Tokyo Olympics 2021) লৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয় ৷

2018 চনত মীৰাবাই চানুক সৰ্বাচ্চ অসামৰিক ক্ৰীড়া সন্মান ‘ৰাজীৱ গান্ধী খেল ৰত্ন’ৰে (Rajiv Gandhi Khel Ratna) সন্মানিত কৰা হয় ৷ ইয়াৰ উপৰিও একেটা চনতে তেওঁক ভাৰত চৰকাৰে ‘পদ্মশ্ৰী’ (Padma Shri) সন্মানেৰে সন্মানিত কৰে ৷

2019 চনত তেওঁ ‘কাটাৰ ইন্টাৰনেশ্যনেল কাপ’ত (Qatar International Cup) 198 কেজি ভাৰ উত্তোলন কৰি স্বাৰ্ণ পদক দখল কৰিবলৈ সক্ষম হয় ৷ 2021 বৰ্ষৰ টকিঅ’ অলিম্পিকত চানুৱে মহিলাৰ 49 কেজি শাখাত ৰূপৰ পদক লাভ কৰিবলৈ সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই অনিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক-ৰিঅ' অলিম্পিকে বহু কথা শিকাই থৈ গৈছিল: মীৰাবাই চানু

Last Updated :Jul 24, 2021, 9:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.