ETV Bharat / bharat

Oil India Limited : অসম-নাগালেণ্ড সীমান্তত অইল ইণ্ডিয়াই কৰিব তেলৰ অন্বেষণ

author img

By

Published : May 28, 2023, 3:37 PM IST

OIL to explore in Assam Nagaland border
OIL to explore in Assam Nagaland border

অইল ইণ্ডিয়া লিমিটেডৰ (OIL) অধ্যক্ষ তথা পৰিচালন সঞ্চালক ডঃ ৰঞ্জিত ৰাথে কয় যে তেল পিএছইউয়ে শীঘ্ৰেই অসম আৰু নাগালেণ্ড দুয়োখন ৰাজ্য চৰকাৰৰ মাজত তেল অন্বেষণৰ কাম আৰম্ভ কৰাৰ বাবে এক চুক্তি স্বাক্ষৰ হোৱাৰ আশা কৰিছে (OIL to explore in Assam Nagaland border) ।

নিউজ ডেস্ক, ২৮ মে' : অসম-নাগালেণ্ড সীমান্তত খাৰুৱা তেল অন্বেষণৰ যথেষ্ট সম্ভাৱনা আছে (crude oil exploration in Assam Nagaland border) । এই কথা উল্লেখ কৰি অইল ইণ্ডিয়া লিমিটেডৰ (Oil India Limited, OIL) অধ্যক্ষ তথা পৰিচালন সঞ্চালক ডঃ ৰঞ্জিত ৰথে কয় যে তেল পিএছইউয়ে শীঘ্ৰেই তেল অন্বেষণৰ কাম আৰম্ভ কৰাৰ বাবে দুয়োখন ৰাজ্য চৰকাৰৰ মাজত এক চুক্তি স্বাক্ষৰ হোৱাৰ আশা কৰিছে ।

"কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপৰ পিচত অসম আৰু নাগালেণ্ড চৰকাৰৰ মাজত আলোচনা অনুষ্ঠিত হয় । দুয়োখন ৰাজ্যৰ সীমান্ত অঞ্চলত তেল অন্বেষণৰ বিশাল সম্ভাৱনা আছে । ইয়াৰ বাবে এক আগতীয়া চুক্তিয়ে অইলক তেল অন্বেষণৰ কাম আৰম্ভ কৰিবলৈ সক্ষম কৰিব (OIL to explore in Assam Nagaland border) ।" নতুন দিল্লীত ইটিভি ভাৰতৰ সাংবাদিকৰ আগতে ৰাথে এনেদৰে কয় । ৰাজ্য দুখনৰ সীমান্তত তেল আৱিষ্কাৰ হোৱাৰ যথেষ্ট সম্ভাৱনা আছে বুলিও তেওঁ লগতে কয় (oli exploration agreement in Assam Nagaland border) ।

ৰাথৰ এই বিবৃতিটো গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে । কিয়নো নগা বিদ্ৰোহী সংগঠন নেচনেল ছ'চিয়েলিষ্ট কাউন্সিল অব নাগালেণ্ডে (National Socialist Council of Nagaland, NSCN-IM) ইতিমধ্যে অসম-নাগালেণ্ড সীমান্তত এনে যৌথ অন্বেষণৰ বিৰোধিতা কৰিছে । যেতিয়ালৈকে দশকজুৰি চলি থকা ভাৰত-নগা ৰাজনৈতিক সমস্যাৰ সমাধান নহয় তেতিয়ালৈকে ইয়াৰ বিৰোধিতা কৰিছে । তাৎপৰ্যপূৰ্ণভাৱে, শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'ৱে কয় যে দুয়োখন ৰাজ্যই সীমান্তৱৰ্তী অঞ্চলসমূহত তেল অন্বেষণৰ বাবে বুজাবুজিৰ চুক্তিপত্ৰ তৈয়াৰ কৰিব (MoU for oil exploration in Assam Nagaland) ।

আনহাতে, অসমত তেলৰ সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰাথে কয় যে কোম্পানীটোৰ অন্বেষণৰ ফলতেই অসমৰ চেচাবিল অঞ্চলত বছৰটোত এক নতুন হাইড্ৰ'কাৰ্বন আৱিষ্কাৰ হৈছে । "যদিও আমি চেচাবিল অৱবাহিকাত প্ৰাৰম্ভিক পৰ্যায়ত আছোঁ, ই আমাৰ বাবে এক বৃহৎ সম্পদ ।" ৰাথে কয় । ইফালে তেল কোম্পানীটোৱে ২০২২-২৩ বিত্তীয় বৰ্ষত সৰ্বাধিক মুঠ লাভ ৬,৮১০.৪০ কোটি টকা অৰ্জন কৰিছে, যিটো হৈছে তেল আৰু গেছ উৎপাদন বৃদ্ধিৰ বাবে হোৱা উপাৰ্জনৰ বছৰত ৭৭.২০ শতাংশ বৃদ্ধি ।

ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতি উন্নয়ন ঘটাৰ বাবে কোম্পানীটোৱে ২০২২-২৩ বিত্তীয় বৰ্ষত শূন্য লোকচানৰ সন্মুখীন হৈছে । "হয়, আইন-শৃংখলাৰ উন্নত পৰিস্থিতিয়ে আমাক লোকচান ভৰিব নলগাত সহায় কৰিছে আৰু আমি আমাৰ তেল অন্বেষণৰ কাম সম্প্ৰসাৰিত কৰিছোঁ ।" অইলৰ সঞ্চালক (অপাৰেচন) পংকজ কুমাৰ গোস্বামীয়ে আমাৰ প্ৰতিনিধিৰ আগত এনেদৰে কয় ।

তেওঁ লগতে জনায় যে ২০২০ চনত বাঘজানৰ ঘটনাই কোম্পানীটোৰ বৃহৎ ক্ষতি কৰিছিল । ২০২০ চনৰ ২৭ মে'ত অইল ইণ্ডিয়া লিমিটেডে বাঘজানত এটা কূপ খনন কৰি থকা অৱস্থাত এক বৃহৎ বিস্ফোৰণ ঘটিছিল । বাঘজানত সংঘটিত ঘটনাৰ পিচত ভৱিষ্যতে এনে ধৰণৰ ঘটনা প্ৰতিহত কৰিবলৈ অইলে তেল অন্বেষণ স্থানত এক নতুন এছঅ'পি আৰু নিৰ্দেশনাও কাৰ্যকৰী কৰিছে । "জৰুৰীকালীন অৱস্থাৰ বাবে বিশেষ দল এটা গঠন কৰাৰ উপৰি আমি বাঘজানসদৃশ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ আমাৰ সঁজুলিবোৰো বৃদ্ধি কৰিছোঁ ।" অইলৰ চিএমডিয়ে এনেদৰে কয় ।

ইফালে পাৰাদীপ নুমলীগড় খাৰুৱাতেল পাইপলাইন (Paradip Numaligarh Crude Pipeline project, PNCPL) প্ৰকল্পৰ কথা উল্লেখ কৰি ৰথে কয় যে এই কাম পূৰ্ণগতিত চলি আছে আৰু ২০২৪ চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে । ১,৬৩০ কিলোমিটাৰ দীঘল পাইপলাইনটো পাৰাদীপ বন্দৰৰ পৰা ওড়িশা, পশ্চিমবংগ, ঝাৰখণ্ড আৰু বিহাৰৰ মাজেৰে পাৰ হৈ অসমৰ নুমলীগড় শোধনাগাৰত সমাপ্ত কৰাৰ প্ৰস্তাৱ দিয়া হৈছে । পাইপলাইনটো নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ (Numaligarh Refinery Limited) একত্ৰিত শোধনাগাৰ সম্প্ৰসাৰণ প্ৰকল্পৰ এক অবিচ্ছেদ্য অংশ আৰু ইয়াৰ লক্ষ্য হৈছে শোধনাগাৰৰ ক্ষমতা বছৰি ৩-৯ নিযুত টনলৈ সম্প্ৰসাৰিত কৰি ২৮,০০০ কোটি টকালৈ বৃদ্ধি কৰা ।

লগতে পঢ়ক :New parliament Building: ভৱিষ্যতে সাংসদৰ সংখ্যা বৃদ্ধি পাব পাৰে; নতুন সংসদ ভৱনৰ তাৎপৰ্য ব্যাখ্যা প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.