ETV Bharat / bharat

Adani Green Energy : ষ্টক এক্সেঞ্জৰ এএছএম ফ্ৰেমৱৰ্কৰ দ্বিতীয় পৰ্যায়ত আদানি গ্ৰীণ এনাৰ্জী

author img

By

Published : Mar 28, 2023, 9:34 AM IST

এক বিজ্ঞপ্তিত কোৱা হৈছে যে আদানি গ্ৰীণ এনাৰ্জী এএছএম ফ্ৰেমৱৰ্কত অব্যাহত থাকিব । ইয়াক ২৮ মাৰ্চৰ পৰা সংশ্লিষ্ট উচ্চ পৰ্যায়লৈ স্থানান্তৰ কৰা হ'ব (Adani Green Energy shall continue in ASM framework) ।

Adani
Adani

নিউজ ডেস্ক, ২৮ মাৰ্চ : দেশৰ আগশাৰীৰ ষ্টক এজেন্সী (Leading bourses NSE and BSE) নেচনেল ষ্টক এক্সেঞ্জ (National Stock Exchange, NSE) আৰু ব'ম্বে ষ্টক এক্সেঞ্জে (Bombay Stock Exchange, BSE) কৈছে যে আদানি গ্ৰীণ এনাৰ্জীক মঙলবাৰৰ পৰা দীৰ্ঘম্যাদী অতিৰিক্ত নিৰীক্ষণ ব্যৱস্থা (Additional Surveillance Measure framework) ফ্ৰেমৱৰ্কৰ দ্বিতীয় পৰ্যায়ৰ অধীনত ৰখা হ'ব (Adani Green Energy) । দুটা পৃথক বিজ্ঞপ্তিত, ব'ৰ্চে কয় যে আদানি গ্ৰীণ এনাৰ্জী এএছএম ফ্ৰেমৱৰ্কত অব্যাহত থাকিব, কিন্তু 28 মাৰ্চৰ পৰা সংশ্লিষ্ট উচ্চ পৰ্যায়লৈ স্থানান্তৰ কৰা হ'ব ।

দুয়োটা এক্সচেঞ্জে দুটা গ্ৰুপ প্ৰতিষ্ঠান আদানি টোটেল গেছ (Adani Total Gas) আৰু আদানি ট্ৰেন্সমিচনক (Adani Transmission) দীৰ্ঘম্যাদী এএছএম ফ্ৰেমৱৰ্কৰ দ্বিতীয় পৰ্যায়ৰ পৰা শুকুৰবাৰে ষ্টেজ-১-লৈ স্থানান্তৰ কৰাৰ বাবেও এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । 17 মাৰ্চত দুয়োটা এক্সচেঞ্জে আদানি গ্ৰীণ এনাৰ্জী আৰু এনডিটিভিক দীৰ্ঘম্যাদী এএছএম ফ্ৰেমৱৰ্কৰ প্ৰথম পৰ্যায়ৰ অধীনত ৰাখে (Adani Green Energy shall continue in ASM framework) ।

ইফালে সোমবাৰে আদানি গ্ৰুপৰ তালিকাভুক্ত ১০ টা প্ৰতিষ্ঠানৰ আটাইকেইটায়ে দিনটো ঋণাত্মক ক্ষেত্ৰত সমাপ্ত কৰে । আনহাতে, আদানি পাৱাৰ, আদানি ট্ৰেন্সমিছন, আদানি উইলমাৰ আৰু আদানি টোটেল গেছ প্ৰতিটোতে প্ৰায় ৫ শতাংশ হ্ৰাস পায় । গ্ৰুপটোৰ বহুতো প্ৰতিষ্ঠানে দিনটোত একবাৰে শেষ সীমাত আঘাত কৰে ।

উল্লেখ্য যে চলিত বছৰৰ জানুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিত্তীয় প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গ ৰিছাৰ্চৰ (Hindenburg research) এক প্ৰতিবেদন প্ৰকাশ হোৱাৰ পিছত আদানি গ্ৰুপৰ ষ্টকবোৰে এক্সচেঞ্জবোৰত আঘাত কৰে (Adani groups of shares) । প্ৰতিবেদনখনে ইয়াৰ বিৰুদ্ধে প্ৰৱঞ্চনামূলক লেনদেন আৰু শ্বেয়াৰ-মূল্যৰ হেৰফেৰকে ধৰি অভিযোগ উত্থাপন কৰিছিল। আদানি গ্ৰুপে এই অভিযোগবোৰ মিছা বুলি খাৰিজ কৰি কৈছে যে গ্ৰুপে সকলো আইনগত আৰু ঘোষণাৰ প্ৰয়োজনীয়তা পালন কৰিছে ।

লগতে পঢ়ক :Reserve Bank of India Act : আদানি গ্ৰুপৰ ঋণৰ বিৱৰণ প্ৰকাশ কৰিবলৈ অস্বীকাৰ কেন্দ্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.