ETV Bharat / bharat

North India Hits Earthquake: নেপালত ৬.২ প্ৰাবল্যৰ ভূমিকম্প; ভূঁইকঁপে জোকাৰিলে উত্তৰ ভাৰত

author img

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 6:58 PM IST

ৰাষ্ট্ৰীয় ভূকম্পন কেন্দ্ৰই মঙলবাৰে জনাইছে যে নেপালত ৫ কিলোমিটাৰ গভীৰতাত ৬.২ প্ৰাবল্যৰ ভূমিকম্পৰ সৃষ্টি হয় । ইয়াৰ পিছত দিল্লী-এনচিআৰকে ধৰি উত্তৰ ভাৰতৰ কেইবাটাও ঠাইত তীব্ৰ কম্পন অনুভৱ কৰা হয় ।

North India Hits Earthquake
North India Hits Earthquake

নিউজ ডেস্ক, ৩ অক্টোবৰ: ৰাষ্ট্ৰীয় ভূকম্পন কেন্দ্ৰই মঙলবাৰে কয় যে ৪.৬ আৰু ৬.২ প্ৰাবল্যৰ দুটা ভূমিকম্পই নেপালক ২৫ মিনিটৰ ব্যৱধানত জোকাৰি যায় । দিল্লী-এনচিআৰ আৰু উত্তৰ ভাৰতৰ কিছু অংশতো তীব্ৰ কম্পন অনুভূত হয় ।

এই সন্দৰ্ভত এগাৰকী বিষয়াই কয় যে ৪.৬ প্ৰাবল্যৰ প্ৰথম ভূমিকম্পটো দুপৰীয়া ২:২৫ বজাত নেপালত ১০ কিলোমিটাৰ গভীৰতাত উদ্ভৱ হয় । আনহাতে, দুপৰীয়া ২:৫১ বজাত হিমালয়ান দেশখনক জোকাৰি যায় আন এক শক্তিশালী ভূমিকম্পই । যাৰ ৰিখতাৰ স্কেলত প্ৰাবল্য ৬.২ ।

দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ লোকসকলে দ্বিতীয় ভূমিকম্পটোৰ পিছত তীব্ৰ কম্পন অনুভৱ কৰে । ফলত তেওঁলোক নিজৰ নিজৰ কাৰ্যালয় তথা ওখ অট্টালিকাৰ পৰা বাহিৰলৈ ওলাই আহে । অৱশ্যে দিল্লী আৰক্ষীয়ে জনসাধাৰণক আতংকিত নহ'বলৈ আহ্বান জনায় ।

"আমি আশাকৰোঁ আপোনালোক সকলো সুৰক্ষিত । অনুগ্ৰহ কৰি আপোনালোকৰ অট্টালিকাৰ পৰা সুৰক্ষিত স্থানলৈ ওলাই আহক, কিন্তু আতংকিত নহ'ব । এলিভেটৰ ব্যৱহাৰ নকৰিব ! যিকোনো জৰুৰীকালীন সহায়ৰ বাবে 112 ডায়েল কৰক," দিল্লী আৰক্ষীয়ে এক্সৰ এটা পোষ্টত কয় ।

আনহাতে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়ায়ো অন্যান্যসকলৰ সৈতে নিৰ্মাণ ভৱনৰ পৰা বাহিৰলৈ ওলাই আহে । ৰাষ্ট্ৰীয় ৰাজধানীত তীব্ৰ কম্পন অনুভূত হোৱাৰ বাবে তেওঁলোক বাহিৰলৈ ওলাই আহে । ইয়াৰ উপৰি উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ, হাপুৰ আৰু আমৰোহাকে ধৰি চণ্ডীগড় আৰু জয়পুৰৰ লগতে উত্তৰ ভাৰতৰ অন্যান্য প্ৰান্ততো কম্পন অনুভৱ কৰা হয় । নেপালত এটাৰ পিছত হোৱা আনটো ভূমিকম্পৰ পিছত উত্তৰাখণ্ডৰ কিছু অংশতো কম্পন অনুভৱ কৰা হয় ।

উল্লেখ্য যে নেপাল বিশ্বৰ আটাইতকৈ সক্ৰিয় টেকটনিক অঞ্চলত (ভূমিকম্প প্ৰৱণ অঞ্চল IV আৰু V) অৱস্থিত । যাৰ ফলত দেশখন ভূমিকম্পৰ প্ৰতি অত্যন্ত অসুৰক্ষিত হৈ পৰিছে । আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেচনেল এৰোনটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেচনৰ মতে, ২০১৫ চনৰ ২৫ এপ্ৰিলত নেপালত ৭.৮ প্ৰাবল্যৰ ভূমিকম্প হৈছিল । যাৰ ফলত ৮,০০০-ৰো অধিক লোক নিহত হোৱাৰ উপৰি ২১,০০০-ৰো অধিক লোক আহত হয় ।

লগতে পঢ়ক :NMDC Steel plant at Nagarnar : ছত্তীশগড়ৰ নাগাৰ্ণাৰত এনএমডিচি ষ্টীল প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.