ETV Bharat / bharat

No Confidence Motion Day 2: অনাস্থা প্ৰস্তাৱৰ দ্বিতীয়দিনা লোকসভাত তীব্ৰ বাকযুদ্ধৰ সম্ভাৱনা

author img

By

Published : Aug 9, 2023, 10:37 AM IST

No Confidence Motion Day 2
No Confidence Motion Day 2

লোকসভাই বুধবাৰেও অনাস্থা প্ৰস্তাৱৰ ওপৰত আলোচনা অব্যাহত ৰাখিব । কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে লোকসভাত উত্থাপন কৰিছে চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ ।

নিউজ ডেস্ক, ৯ আগষ্ট : বুধবাৰে দ্বিতীয় দিনৰ বাবেও লোকসভাই মন্ত্ৰী পৰিষদৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ ওপৰত আলোচনা অব্যাহত ৰাখিব । যদিও সংসদৰ নিম্ন সদন প্ৰশ্নকালৰ সৈতে পুৱা ১১.০০ বজাত পুনৰ আৰম্ভ কৰিব, কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ দ্বাৰা উত্থাপিত অনাস্থা প্ৰস্তাৱৰ ওপৰত বিতৰ্ক দুপৰীয়া ১২ বজাত আৰম্ভ হ'ব বুলি আশা কৰা হৈছে ।

প্ৰথমদিনা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈয়ে অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত আলোচনা আৰম্ভ কৰে । তেওঁ কয় যে, মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'মৌন ব্ৰত' ভাঙিবলৈ তেওঁৰ দল কংগ্ৰেছে প্ৰস্তাৱ আনিবলৈ বাধ্য হৈছে । যি ঘটনাত মণিপুৰত এতিয়ালৈকে ১২০ জনৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে ।

উত্তৰ-পূবৰ ৰাজ্যখনত হিংসা নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হোৱাৰ বাবে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চলা শাসনৰ ওপৰত তীব্ৰ আক্ৰমণ চলায় গৌৰৱ গগৈয়ে । আনহাতে, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ অনুপস্থিতি সম্পৰ্কেও প্ৰশ্ন উত্থাপন কৰে তেওঁ ।

তাৰ পিছত ক্ষমতাসীন নেচনেল ডেম'ক্ৰেটিক এলায়েন্সৰ প্ৰথম বক্তা বিজেপি সাংসদ নিশিকান্ত ডুবেয়ে বিতৰ্কত অংশগ্ৰহণ কৰি বিৰোধী ইণ্ডিয়া মিত্ৰজোঁটক তীব্ৰ আক্ৰমণ কৰে । লগতে বিগত ৯ বছৰত কেন্দ্ৰৰ সাফল্যৰ তালিকাও সংসদত উত্থাপন কৰে ।

উল্লেখ্য যে অনাস্থা প্ৰস্তাৱ সমৰ্থন কৰাসকলৰ ভিতৰত আছে টি আৰ বালু (ডিএমকে), সুপ্ৰিয়া চুলে (এনচিপি), সৌগত ৰয় (তৃণমূল কংগ্ৰেছ) আৰু ডিম্পল যাদৱ (সমাজবাদী পাৰ্টী) । সকলো বক্তাই নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ বিফলতাৰ বিভিন্ন দিশ উত্থাপন কৰে আৰু চুলেয়ে চৰকাৰক 'কৃষক বিৰোধী' বুলি বৰ্ণনা কৰে ।

মঙলবাৰে লোকসভাত ভাষণ দিয়া ডিএমকেৰ টি আৰ বালুৱে কয় যে সংঘৰ্ষগ্ৰস্ত মণিপুৰত সংখ্যাগৰিষ্ঠ বনাম সংখ্যালঘু হৈ আছে আৰু ৰাজ্যখনত সংঘটিত হিংসাৰ বাবে কেন্দ্ৰক দোষাৰোপ কৰে ।

লগতে পঢ়ক :Most corrupt CM of INDIA: হিমন্ত বিশ্ব শৰ্মাক দেশৰ ভিতৰতে সৰ্বাধিক দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী বুলিলে জীতেন্দ্ৰ সিঙে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.