ETV Bharat / bharat

NLFT PD cadres surrender:অসম ৰাইফলছৰ হাতত পুনৰ আত্মসমৰ্পণ NLFT কেডাৰৰ

author img

By

Published : Feb 12, 2022, 11:50 AM IST

NLFT PD cadres surrender
অসম ৰাইফলছৰ হাতত পুনৰ আত্মসমৰ্পণ NLFT কেডাৰৰ

ত্ৰিপুৰাত উগ্ৰপন্থী সদস্যৰ আত্মসমৰ্পণ অব্যাহত আছে । এইবাৰ অসম ৰাইফলছৰ হাতত আত্মসমৰ্পণ NLFT কেডাৰৰ (NLFT PD cadres surrendered) । ৫ জনকৈ NLFT(PD) কেডাৰে ধলাই জিলাত আত্মসমৰ্পণ কৰে ।

আগৰতলা,১২ ফেব্ৰুৱাৰী : ত্ৰিপুৰাত শান্তি প্ৰতিষ্ঠাৰ বাবে আৰক্ষী তথা প্ৰশাসনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । তাৰ অংশ স্বৰূপে ইতিমধ্যে বহু বিদ্ৰোহী সংগঠনৰ নেতাই আত্মসমৰ্পণ কৰিছে । শনিবাৰে পুনৰ ৫ জনকৈ নেশ্যনেল লিবাৰেচন ফ্ৰণ্ট অৱ ত্ৰিপুৰা (NLFT)ৰ সদস্যই আত্মসমৰ্পণ কৰে । ত্ৰিপুৰাৰ ধলাই জিলাত অসম ৰাইফলছৰ হাতত আত্মসমৰ্পণ কৰে কেডাৰ কেইজনে (NLFT cadre surrenders to Assam Rifles)।

বিবৃতি অনুসৰি, অসম ৰাইফলছৰ আগৰতলা বেটেলিয়নে মুখ্য কাৰ্যালয় ২১ চেক্টৰ অসম ৰাইফলছৰ অধীনত আৰু অসম ৰাইফলছৰ মহাপৰিদৰ্শক অসম ৰাইফলছ (পূব)ৰ লগতে অসম ৰাইফলছ ফিল্ড ইণ্টেলিজেঞ্চ দলে আনন্দ বজাৰ আৰক্ষী থানা ধলাই জিলাৰ অধীনত এনএলএফটি (পিডি) কেডাৰ কেইজনক আত্মসমৰ্পণ কৰিবলৈ উৎসাহিত কৰে । উল্লেখ্য যে NLFT(PD) কেডাৰ কেইজনৰ উপস্থিতি সন্দৰ্ভত ফিল্ড ইণ্টেলিজেঞ্চ দল আৰু ৱায়াৰলেচ এক্সপেৰিমেণ্টেল ইউনিটৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত শুকুৰবাৰে ফিল্ড ইণ্টেলিজেঞ্চ দলৰ সৈতে আগৰতলা বেটেলিয়নে এক যুটীয়া অভিযান আৰম্ভ কৰে আৰু অৱশেষত পাঁচজনকৈ NLFT কেডাৰে আত্মসমৰ্পণ কৰে । কেডাৰ কেইজন ক্ৰমে খাজেন্দ্ৰ ৰিয়াং, স্বপ্ন ত্ৰিপুৰা, জালক্সা ত্ৰিপুৰা, জুবাৰঞ্জন ত্ৰিপুৰা আৰু ৰাম বাদল ত্ৰিপুৰা বুলি চিনাক্ত কৰা হৈছে ।

প্ৰাথমিক জেৰাত কেডাৰ কেইটাই প্ৰকাশ কৰিছে যে তেওঁলোকে বাংলাদেশ শিবিৰত NLFT (PD) সংগঠনত যোগদান কৰিছিল । ইফালে আৰক্ষীয়ে অনুসন্ধান চলাই জানিব পাৰিছে যে বৰ্তমান NLFT(PD) সংগঠন গুৰুতৰ বিত্তীয় সংকটৰ সন্মুখীন হৈছে । ইফালে সংগঠনৰ বৰ্তমানৰ দুৰ্দশা আৰু নিৰাপত্তা বাহিনীৰ নিৰন্তৰ চাপত হতাশ হৈছে সংগঠনৰ সদস্যসকল ।

লগতে পঢ়ক :Tripura mob lynching: বলৰাম দেবনাথৰ হত্যাৰে জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.