ETV Bharat / bharat

বিধানসভাত খং উঠিল নীতিশ কুমাৰৰ

author img

By

Published : Mar 14, 2022, 7:36 PM IST

Nitish Kumar looses cool in Bihar Assembly
Nitish Kumar looses cool in Bihar Assembly

বিধানসভাৰ মজিয়াত হঠাৎ খং উঠিল বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ (Nitish Kumar loses cool in Bihar Assembly)৷ অধ্যক্ষৰ ওপৰত খং উঠি নীতিশ কুমাৰে দিলে সংবিধানৰ জ্ঞান ৷

নিউজ ডেস্ক, 14 মাৰ্চ : বিহাৰ বিধানসভাৰ মজিয়াত সোমবাৰে অধ্যক্ষ বিজয় কুমাৰ সিন্হাৰ ওপৰত খঙত অগ্নিশৰ্মা হৈ পৰিল মুখ্যমন্ত্ৰী নীতিশ কুমাৰ (Nitish Kumar loses cool in Bihar Assembly)৷ অধ্যক্ষগৰাকীক নীতিশ কুমাৰে সংবিধান অনুসৰি সদন পৰিচালনা কৰিবলৈও আহ্বান জনায় ৷ এটা বিষয় সন্দৰ্ভত নিজৰ মতামত ব্যাখ্যা কৰিছিল অধ্যক্ষগৰাকীয়ে ৷ কিন্তু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে নিজৰ চকীখন লাথ মাৰি কৈ উঠে, ‘‘আপুনি এনেদৰে সদন চলাব নেকি ? আমি এনে হ’বলৈ অনুমতি নিদিওঁ ৷ সদনত এইদৰে আলোচনা হ’ব প্ৰক্ৰিয়া নচলে’’ ৷

বিধানসভাত খং উঠিল নীতিশ কুমাৰৰ

ইয়াৰ পাচতে নিজৰ মত স্পষ্ট কৰাৰ বাবে চিঞৰি উঠে অধ্যক্ষ সিন্হাই ৷ তেওঁ কয় যে, বিধানসভাক অপমান কৰিবলৈ তেওঁ নিদিয়ে ৷ বিজয় কুমাৰ সিনহাই কয় যে, ‘‘ আপোনালোকে মোক সংবিধানৰ নিয়ম অনুসৰি বিধানসভাৰ অধ্যক্ষ পাতিছে ৷ কিন্তু এই আসনখনত বহি থকাৰ বাহিৰে মই মোৰ অঞ্চলৰ বিষয় এটাতো প্ৰশ্ন উত্থাপন কৰিব নোৱাৰো ৷ মই আনকি এজন পৰিদৰ্শক, ভাৰপ্ৰাপ্ত বিষয়া বা এজন উপ আৰক্ষী অধীক্ষকৰ কথাও উপস্থাপন কৰিব নোৱাৰোঁ’’ ৷

ইয়াৰ পূৰ্বে বিজেপি বিধায়ক সঞ্জয় সাৰোগীয়ে লক্ষীচৰাই সম্পৰ্কীয় এটা বিষয় উপস্থাপন কৰিছিল (Issue on Lakhisarai) ৷ সৰোগীয়ে কয় যে, দোষীক গ্ৰেপ্তাৰ কৰা হৈছিল যদিও কোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল ৷ এই বিষয় উত্থাপনৰ সময়তে সিন্হাই মন্তব্য কৰিছিল যে, ‘‘আৰক্ষীয়ে লক্ষীচৰাইৰ ঘটনাটো গুৰুত্বসহকাৰে লোৱা নাই ৷ সংবিধানৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি মোতকৈ বেছি ভালকৈ জানে ৷ মই আপোনাৰ পৰা শিকিছোঁ’’ ৷

অধ্যক্ষগৰাকীয়ে লগতে কয় যে, ‘‘মই বিধায়কসকলৰ ৰক্ষক। যেতিয়াই মই অঞ্চলটোলৈ যাওঁ, মানুহে এই বিষয়ত নিষ্ক্ৰিয়তা সন্দৰ্ভত প্ৰশ্ন কৰে । চৰকাৰে ইয়াৰ ওপৰত কিয় গুৰুত্বসহকাৰে ব্যৱস্থা গ্ৰহণ কৰা নাই ?’’ এই ঘটনাই বিহাৰত এন ডি এৰ অংশীদাৰ ভাৰতীয় জনতা পাৰ্টি আৰু নীতিশ কুমাৰৰ জনতা দল-ইউনাইটেডৰ মাজৰ সম্পৰ্কত সংঘাত সৃষ্টি কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : পৌৰসভাৰ কাউন্সিলাৰ হত্যাকাণ্ড : চুপাৰি কিলাৰ আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.