ETV Bharat / bharat

জম্মু-কাশ্মীৰত নিয়াৰ অভিযান

author img

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 1:53 PM IST

NIA raids 8 places in Jammu and Kashmir in terror funding case
নিয়াৰ অভিযান

সন্ত্ৰাসবাদী পুঁজিৰ গোচৰৰ সৈতে জড়িত থকাৰ অভিযোগত জম্মু-কাশ্মীৰৰ বহু ঠাইত NIA ই অভিযান চলায় । বিশেষকৈ কাশ্মীৰৰ সাতটা স্থানত অভিযান চলায় ।

নেশ্যনেল ডেস্ক, 5 ডিচেম্বৰ: জম্মু-কাশ্মীৰৰ 8 টা স্থানত ৰাষ্ট্ৰীয় তদন্ত সংস্থাই চলাইছে অভিযান ৷ সন্ত্ৰাসবাদী পুঁজিৰ গোচৰৰ সৈতে জড়িত থকাৰ অভিযোগ থকাসকলৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাটোৱে চলাইছে এই অভিযান ৷ কাশ্মীৰৰ 7 টা আৰু জম্মুৰ এটা স্থানত জম্মু-কাশ্মীৰ আৰক্ষী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ যুটীয়া সহযোগত এই অভিযান চলি আছে বুলি জানিবলৈ পৰা গৈছে ৷ বৰ্তমানেও এই অভিযান চলি আছে বুলি সূত্ৰত প্ৰকাশ ।

  • #WATCH | The National Investigation Agency (NIA) is conducting raids at seven locations in Kashmir and one in Jammu in a terror funding case.

    Visuals of the raids at two places in Baramulla. pic.twitter.com/PXC6qkRni9

    — ANI (@ANI) December 5, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই অন্যান্য অঞ্চলৰ লগতে শ্বোপিয়ান আৰু বাৰামুল্লাত এই অভিযান চলাইছে । বাসিন্দাসকলৰ লগতে গোচৰৰ সৈতে জড়িত সন্দেহযুক্ত লোকসকলৰ অন্যান্য আত্মগোপন কৰিব পৰা স্থানত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই তালাচী অভিযান চলাইছে । কাশ্মীৰৰ সক্ৰিয় উগ্ৰপন্থীক ড্ৰ’নৰ জৰিয়তে অস্ত্ৰ-শস্ত্ৰ যোগান ধৰাৰ সৈতে জড়িত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী গোচৰৰ এজন অভিযুক্তক কেন্দ্ৰীয় সংস্থাটোৱে গ্ৰেপ্তাৰ কৰাৰ কিছুদিন পিছতে এই অভিযান আৰম্ভ কৰিছে ।

যোৱা 27 নৱেম্বৰত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই জম্মু শাখাৰ এটা দলে জম্মু-কাশ্মীৰৰ কাঠুৱা জিলাৰ 22 বছৰীয়া জাকিৰ হুছেইনক গ্ৰেপ্তাৰ কৰাৰ পিছত 29 অক্টোবৰত এই তথ্য প্ৰকাশ কৰিছিল ৷ যোৱা বৰ্ষৰ 30 জুলাইত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই কাঠুৱা আৰক্ষীৰ পৰা গোচৰটো গ্ৰহণ কৰাৰ পিচত গ্ৰেপ্তাৰ হোৱা এইজন অষ্টমগৰাকী অভিযুক্ত ।

পূৰ্বে গ্ৰেপ্তাৰ হোৱা সাতজন অভিযুক্তৰ ভিতৰত এজনৰ ন্যায়িক জিম্মাত থকাৰ সময়ত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হৈছিল আৰু পাকিস্তানস্থিত দুজন সন্ত্ৰাসবাদী পলাতক হৈ আছে । কাশ্মীৰ উপত্যকা আৰু সমগ্ৰ ভাৰতত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী সংগঠনে সন্ত্ৰাস আৰু হিংসাত্মক কাৰ্য সংঘটিত কৰা সন্দৰ্ভত NIA ই তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: মূলসুঁতিলৈ ঘূৰি আহিল মণিপুৰত বিদ্ৰোহী গোটৰ 25 জন সদস্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.